(১)
চুক ভেকুলী এটাই নিগনিৰ লগত পাতিলে সখা
আহাৰ বিচাৰি ঘূৰোঁতেই এদিন দুয়োৰে হ’ল দেখা
দুয়োৰে যদিও ভিন্ন সপোন
তথাপি দুয়ো হ’ল আপোন
সিহঁতৰ মিতিৰালিত জ্বলি মৰিল পঁইতা-চোৰা মখা ৷
(২)
পঁইতা-চোৰা বিলাক লগ লাগি এদিন বহুৱালে মেল
সখা হোৱাৰ পৰা নিগনি ভেকুলীৰ বাঢ়িছে বৰ তেল
সকলো সিহঁতেই ধৰি খায়
আমালৈ একো নথয় পায়
এনেকৈ হ’লে ইহঁত দুটাৰ লগত খেলিব লাগিব খেল ৷
(৩)
পঁইতা-চোৰা বিলাকে য’তে ত’তে বহুৱালে চেক্ গেট
ভেকুলী নিগনিৰ চিকাৰত অলপ হ’লেও দিব ভেট্
সিহঁতৰ উদ্দেশ্য হ’ল সিদ্ধি
ভেকুলী নিগনি হ’ল বিবুদ্ধি
আগৰ দৰে খাবলৈ নাপাই সিহঁতৰ নভৰা হ’ল পেট ।
(৪)
দুখতে দুয়োৱে এদিন মনে মনে কৰিলে আলাপ
ইয়াত থাকিলে আৰু খাব লাগিব টেঙা জুলাপ
দুয়ো মিলি চহৰলৈকে যাওঁ
তাতেই গৈ থান-থিত লগাওঁ
সময়ৰ আহ্বান এইয়া নহয় আমাৰ মনৰ প্ৰলাপ ৷
(৫)
কথামতেই কাম , এদিন দুয়ো গৈ ওলালগৈ চহৰ
দুয়োৰে মনত লাগিল আনন্দ দেখি বৰ বৰ ঘৰ
চাই-চিটি তাৰে এটা ঘৰ বাচি লৈ
গেট খুলি দুয়ো চোতাল পালেগৈ
মস্ত এটা কুকুৰৰ খেদাত দুয়ো ভিৰাই দিলে লৰ ৷৷
(৬)
দৌৰোঁতে দৌৰোঁতে দুয়োৰে গাৰ ঘাম হ’ল বাজ
এনেকৈয়ে দৌৰি সিহঁত পালেগৈ টাউনৰ মাজ
তাতে হোটেল এখন দেখি
সোমাই গ’ল দুয়ো সখী
আমৃত্যু পৰ্যন্ত দুয়োটাই তাতে সুখেৰে কৰিলে ৰাজ ৷৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ