একাঁজলী বিৰহ খণ্ড নং 8-বিটুমনি ভূঞা কোছ

©Admin
0
 শৰতত শেৱালি, শীতত কুঁৱলি
            বসন্তত তগৰ ফুল ফুলে।
কোনেনো তোমাৰ নামটো তগৰ ফুল ৰাখিলে বৌ।কুঁচি -মুচি ৰুমটোৰ এটা চুকত ৰৈ থকা তগৰলৈ চাই  ৰনে ক'লে, এই সময়ত বেজাৰ কৰি থাকিব নাপায়।

বৰমাকে খং দেখুৱাই ৰনক ক'লে ,হেৰৌ লাজ নাইকিয়া।বৌৰক তেনেকৈ ক'বলৈ লাজ লগা নাই।

মই সঁচা কথা কওঁ বাবে বেয়া।

ৰনৰ কথাত তগৰে মুখ টিপি হাঁহিলে ,যদিও শাহুয়েকে দেখে বুলি ওৰনিখন দীঘলকৈ টানি লৈ জোপোকা মাৰি বহি থাকিল।

সেইদিনা তগৰে ৰ'দত ধান মেলি আছিল।ওচৰৰে
শাহুয়েকৰ লগৰ কেইগৰাকীমান মহিলা তগৰহঁতৰ ঘৰলৈ আহিছিল। প্ৰখৰ ৰ'দত তগৰৰ কপালেদি ঘাম বৈ আহিছিল।তাকে দেখি মহিলা কেইগৰাকীয়ে কৈ উঠিল,  আঔ দেহি, এই ৰ'দত তোক ধান মেলিব দি শাহুয়েৰে ক'ত গ'ল।

এজনীয়ে ক'লে, আঔ দেহি , মানুহটো মৰা কেইদিন হৈছে,অৱস্থাই নাইকিয়া হ'ল।আঔ দেহি  !

বেছি কথা নপতা তগৰে আলহীক বহিবলৈ দি শাহুয়েকক খবৰ দিলেগৈ।

শাহুয়েকে আলহীৰ লগত কথা পাতি আছে।তগৰে আলহীৰ বাবে চাহ বনাই আছিল।বাহিৰত আলহীৰ লগতে শাহুয়েকেও কথা পতাত মচগুল ।

এগৰাকীয়ে ক'লে ঐ বোৱাৰী জনীয়ে শুনিব।আন এগৰাকীয়ে ক'লে, শুনিলে শুনক।ইমান সুন্দৰ ল'ৰাটো মূৰটো চোবালে ঔ।আপোনাৰ বোৱাৰী জনী লক্ষণ বেয়া।আৰু বা কি হয়।

ৰনে ডাক্তৰ কিয় মাতি আনিছিল বাইদেউ।মই ভাবিলোঁ আপোনাৰ কিবা এটা হ'ল।
এই জনীক আমি বিবাহ কৰি আনোঁতেই মই গম পাইছিলোঁ কিবা এটা হ'ব।

আঁতৰৰ পৰা ভাঁহি অহা টুকুৰা টুকুৰ অস্পষ্ট কথাবোৰ তগৰৰ কাণত পৰিলহি।তাই চকু হাল চলচলীয়া হৈ আহিল।এই মাত্ৰ যেন এসোতা তাই কান্দি দিব।

শাহুয়েকে চাহৰ কথা কওঁতে ,তাইৰ চাহ দিবলৈ গৈ  সেৱা এটা কৰি চাই খিনি আগবঢ়াই দিওঁতে এগৰাকীয়ে তাইক সুধিলে, তুমি মাহেকীয়া কেতিয়া  হৈছিলা।বিধৱাৰ পেটত পোৱালি হ'লে ক'তই কিমান কথা শুনাব ঠিক নাই।

তগৰলৈ চাই শাহুয়েকে ক'লে, হেৰৌ খুৰীয়ে কিবা এষাৰ সুধি আছে উত্তৰ নিদিয় কিয়?

তগৰে সেপ ঢুকি কিবা এষাৰ কথা ক'বলৈ লৈ মাতটো থুকাথুকি হৈ কথাষাৰ অস্পষ্ট হৈ পৰিল।তাই দৌৰি ৰুমৰ দৰ্জা খন বন্ধ কৰি গাৰুটো সাবটি হুকহুকাই কান্দি দিলে।

তেতিয়াও বাহিৰৰ ৰুমত তাইক লৈ আলোচনা চলি থাকিল।

এগৰাকীয়ে ক'লে জুই ওচৰত ঘিউ থ'লে গলিবই।

কি কথা কৈছা সোনটিৰ মাক।তগৰৰ শাহুয়েকে মহিলা গৰাকীলৈ আঙুলিয়াই সুধিলে,আপোনাৰ বোৱাৰী আৰু ৰনৰ কথা কৈছোঁ।ৰন হ'ল চফল ডেকা।আপোনাৰ বোৱাৰী বয়সনো কিমান হ'ব?

কিছুমান অবাস্তৱ  আৰু অযুক্তিকৰ কৰা পাতি মহিলা কেইগৰাকী গুছি গ’ল।

ৰাতি এপৰলৈকে তগৰ টোপনি নাহিল।দিনত শুনা কথাবোৰেই তাই কাণত বাজি থাকিল।

ইফালে তগৰৰ শাহুয়েকে দিনৰ আলোচনা খিনি পাগুলী পাগুলী  শেষত এটা ভাল সিদ্ধান্তত উপনীত হৈছিল।তগৰ কেঁচুৱা জন্ম হোৱালৈ মাকৰ ঘৰত থাকিব।কেঁচুৱা জন্ম হ'লে লৈ আহিব।আগলৈ,,,,,,,,,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)