সুবাস মৰমৰ-প্রিয়ংকা বৰা

©Admin
0
জেঠ মহীয়া প্ৰখৰ ৰ'দৰ প্ৰকোপত দিনত শান্তিৰে থাকিব নোৱাৰি। সন্ধিয়া হ'লেহে যেন কিছু সকাহ‌ পোৱা যায়।বেলিটো ডুব গৈছে,চাৰিও দিশে সিঁচি থৈ কমলাবুলীয়া ৰঙ খিনি।

    নন্দনায়ে বাৰাণ্ডাৰ মূঢ়াতোতে বহি পৰিল।দিনতোৰ সমগ্ৰ তিক্ততা আৰু অৱসাদ যেন আঁতৰি গ'ল। গাঁওৰ পৰিৱেশেই সুকীয়া । তাতে সন্ধিয়াৰ আমেজ ইয়াত দুগুণে উপভোগ ‌কৰিব‌ পাৰি।
 নয়নতৰা ফুলবোৰ শাৰি-শাৰিকৈ‌ ফুলি উঠিছে। ফুলবোৰৰ সুবাসে মলমলাই গৈছে চাৰিওফালে। তাতে মৃদু -মৃদুকৈ বলি থকা বতাহ জাকৰ পৰশে‌ বাউলি কৰি তুলিছে নন্দনাক ।
 এই কেইদিন তাইৰ মনতো‌ খুব বেছি ভাল লাগি আছে,তাৰ কিন্তু নিৰ্দ্দিষ্ট কোনো কাৰণ নাই। এইবোৰ ভাবি-গুণি‌ থাকোতেই দপ-দপকৈ বৰষুণজাকনো‌ ক'ৰ পৰা আহিল‌ তাই‌ তলকিবকে নোৱাৰিলে।শুকান হৈ থকা মাটিডোখৰ সেমেকি উঠিল।কেঁচা মাটিৰ সুবাস ভাহি আহিল।
 নন্দনাৰ মনতো‌ উৰা মাৰি গ'ল সেই phone call তোলৈ । phoneতো হাতত‌‌ তুলি লৈ তাই কঁপিবলৈ ধৰিছিল। বিপৰীত দিশৰ পৰা ভাহি অহা  ‌মাততোৱে‌ তাইক দিছিল মৰমৰ ঠিকনা ।সেয়া প্ৰিয়ান আছিল তেওঁ কৈছিল -তোমাকতো মই আজিলৈকে ভালকৈ লগপোৱা নাই ন? কিন্তু এনেকুৱা নালাগেই যে মই তোমাক লগ পোৱা নাই ।নন্দনাৰো চিঞৰি-চিঞৰি ক'বলৈ‌ মন‌ গৈছিল মোৰ মনেও একেই অনুভৱেই কৰে, কিন্তু তাই একোৱেই ক'ৱ নোৱাৰিলে।
 প্ৰিয়ানক চিনি পোৱা আজি প্ৰায় ২তা বছৰেই পাৰ হ'ল। তথাপিও তাই তাক আজিলৈকে লগপোৱা নাই।কৰ্মশালা এটাতেই ছয়াময়াকৈ দেখা মনত পৰে তাক। দীঘলীয়া মুখৰ মৰম লগা হাঁহিৰে সৈতে ,ডিম্পল পৰা মুখখনৰ ল'ৰাতো উফফ্ কেতিয়ানো তাইৰ আপোন হৈ পৰিল গমকে নাপালে।
 যদিও তাক তাই আজিলৈ ভালকৈ লগপোৱা নাই ,তাইৰ কিন্তু এনে অনুভৱেই নহয়।তাই যেন তাক প্ৰতিতো জনমতেই পাইছে। হাজাৰ- হাজাৰ যুগৰ ভালপোৱাৰ সুবাস প্ৰবাহিত হয় অদৃশ্য সূতাডালৰ মাজেৰে।নন্দনা আৰু প্ৰিয়ন দেখাত প্ৰায় একেই ,যেন একো -একোখন‌ দাপোন হে দুয়োৰে আত্মা।
 প্ৰিয়ানে‌ কথাবোৰ খুলা-খুলিকৈ নক'লেও তেওঁৰ চকুজুৰিয়ে  কিন্তু নন্দনাক সকলো কৈ পেলাই। তেওঁৰো হৃদয়তো যে বয় একে‌ উশাহৰেই ঢৌ নন্দনাই জানে।প্ৰিয়ানক লগপোৱাৰ পিছৰে পৰাই নন্দনাই নিজকে  উপলব্ধি কৰিছে।
 তাই ২২তা‌ বছৰে সহ্য কৰিছে মাথো কৰ্কথনা আৰু অৱহেলা,তাৰ একমাত্ৰ কাৰণ হ'ল তাই এগৰাকী কন্যা সন্তান হৈ জন্ম ‌ল'লে।প্ৰভু ইমানো নিষ্ঠুৰ নহয় তাইৰ বাবেও কোনোবা এজনক বনাইছে। যিজনে তাইৰ প্ৰতিতো আঘাত heal কৰিব , তাইৰ মনতোক বুজিব ,তাইক বুজিব।
 হয়তো প্ৰিয়ানেই সেইজন তাইৰ অন্তৰ আত্মাই কৈ উঠে।নন্দনা আৰু প্ৰিয়নৰ মাজত থকা অদৃশ্য দোল দালেই দুয়োকে বান্ধি ৰাখিছে প্ৰতি পল।এইয়া Divine love.দেৰিকৈ হ'লেও সাতোৰঙী ৰামধেনুৰ উজ্বল ৰঙ বোৰ সিঁচি দিছে নন্দনাৰ জীৱনলৈ নেদেখাজনে।

✍🏻প্ৰিয়ংকা বৰা
হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)