সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন মাধ্যমৰ সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা , প্ৰত্যাহ্বান আৰু প্ৰত্যাশা-প্রতিভা ফুকন

©Admin
0
সাহিত্য মানৱ জীৱনৰ লগত জড়িত সুখ-দুখ ,আৱেগ-অনুভূতিৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হয়।এক কথাত সাহিত্যৰ ঐশ্বৰ্য হ'ল ভাৱ‌ আৰু ভাষাৰ সৰ্বোত্তম সংযোজন। সাম্প্ৰতিক  অসমৰ প্ৰেক্ষাপটত অনলাইন মাধ্যমৰ  সাহিত্য চৰ্চাই নৱপ্ৰজন্মৰ মানসিক, আৰু বৌদ্ধিক বিকাশ হোৱাত সহায় কৰিছে । অনলাইন মাধ্যমে নৱপ্ৰজন্মৰ সাহিত্য চৰ্চাৰ দিশত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে নতুন সৃষ্টিৰ দিশত আগবাঢ়িছে অনলাইন মাধ্যম।  সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন মাধ্যমে যথেষ্ট অৰিহণা যোগাইছে যদিও কিছুমানৰ বাবে অন্ধকাৰৰ জীৱন নমাই আনিছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীবোৰৰ বাবেই অনলাইন মাধ্যম বাটৰ কাঁইট হৈ পৰিছে যদিও সৰহ সংখ্যক লোকৰ বাবেই ৰাতিৰ আন্ধাৰ হৈ যোৱাৰ পাছত যেনেদৰে এটা নতুন দিনৰ পোহৰ  ফুটি উঠে তেনেকৈয়ে এই সময়ছোৱাত মানুহৰ বাবে সাহিত্য - চৰ্চা কৰিবলৈ অনলাইন মাধ্যমেই একমাত্ৰ সাৰথি হৈ পৰিছে। এই‌ সাহিত্য চিন্তা , জ্ঞান আৰু বিদ্যায়তনিক বা অবিদ্যায়তনিক ক্ষেত্ৰবোৰৰ প্ৰচাৰ মাধ্যমলৈ ৰূপান্তৰ হয়। মনোৰঞ্জন আৰু বিনোদন সাহিত্য জগতৰ মাপকাঠি হৈ পৰে । এই সময়ছোৱাত আৱহমান‌ প্ৰক্ৰিয়াৰে অংশ হিচাপে ইন্টাৰনেটত সাহিত্যচৰ্চা হৈছে। অনলাইন সাহিত্য চৰ্চাৰ ফলত সাহিত্যই এনে এখন জগতত ভৰি দিছে যাক আমি বিশাল ভাৱে চাব পাৰোঁ। বাস্তৱ জগতৰ উপৰিও কল্পনা জগতৰ মানুহক অধিক  অনুপ্ৰাণিত কৰে। যিহেতু  বাস্তৱ জগতত দুখ-যাতনাৰে আকৰ , নিৰাশা - হতাশাৰ শ্মশানভূমি। এই দুৰ্বাৰ বাস্তৱ জগতত মনৰ আশা-আকাংক্ষা পূৰ্ণ নহয়, সেই কাৰণেই মানুহে আশ্ৰয় লয়গৈ কল্পনা-জগতৰ। বাস্তৱ জগতত নোপোৱাখিনি কল্পনাৰ মাজেৰে লাভ কৰি মানুহে জীৱনৰ বাসনা পূৰণ কৰিব বিচাৰে। এই কল্পলোকৰ বাসনাই মূৰ্তমান‌হৈ উঠে সাহিত্যৰ মাজেৰে।তাৰ ফলত সৃষ্টি হয় ন ন সাহিত্যৰ ।সেই সমূহ সৃষ্টিৰ আত্মপ্ৰকাশ কৰিবলৈ এখন নতুন মঞ্চ দিছে অনলাইন মাধ্যমে। যাৰ জৰিয়তে সাহিত্য জগতখনত ন বীজ সিঁচি দি সাহিত্য জগতখনক বহলাই তাত ন ন সাহিত্যিকৰ কলমেৰে এক নতুন ইতিহাস ৰচনা । অনলাইন মাধ্যমৰ জৰিয়তে সাহিত্যৰ অনুৰাগীসকলৰ বাবে বহুতো আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত সূচনা কৰা কৰা নতুন সম্ভাৱনাই শেহতীয়াকৈ হ'লেও অসমৰ প্ৰচাৰ মাধ্যমৰো পৰিভাষা সলনি কৰিছে। দূৰন্ত আৰু পৰিৱৰ্ধিত সম্প্ৰসাৰণ ক্ষমতাৰে অনলাইনৰ জৰিয়তে লেখক আৰু পঢ়ুৱৈৰ মাজৰ পৰস্পৰ সংযোজন অধিক সুদৃঢ় কৰি তোলে। আগতে ছপাৰ মাধ্যমৰ বাবে যিসমূহ কিতাপ ছপাৰ বাবে যোগ্য হোৱা নাছিল, অনলাইন মাধ্যমৰ ফলত সেইসমূহ কিতাপে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আগশাৰীৰ স্থান ল'বলৈ সক্ষম হৈছে। ছপা প্ৰকাশন উদ্যোগে এক নিজস্ব পৰিচয় দাঙি ধৰোঁতেই অনলাইন মাধ্যমে এক তৎকালীন প্ৰত্যাহ্বান হৈ পৰিলেও বহুখিনি আশাৰ ৰং কঢ়িয়াই আনিছে। মূলধন নথকাৰ ফলত লিখি থোৱা পাণ্ডুলিপি সমূহ ছপা কৰিব নোৱাৰাৰ ফলত কিছুলোকৰ সপোনবোৰ মৰহি যাবলৈ ধৰিছিল। কিন্তু ; সেই মৰহা সপোনবোৰক পাহি মেলি ফুল হৈ ফুলি সজীৱ হোৱাত সহায় কৰিলে অনলাইন মাধ্যমে।
            অনলাইন মাধ্যমবিলাকে একালৰ ছপা উদ্যোগ সমূহলৈ প্ৰত্যাহ্বানৰ সম্মুখীন কৰাইছে। অনলাইন মাধ্যমৰ জৰিয়তে বাতৰি-কাকত , কিতাপ, আলোচনী আদি ছপা হৈ উপলব্ধ হোৱাতকৈ বিশেষকৈ যুৱসমাজক বা নৱপ্ৰজন্মক অনলাইন মাধ্যমেৰে বাতৰি, সাহিত্যৰ লগত যিকোনো আলোচনী , শিক্ষা বিষয়ক সকলো তথ্য উপলব্ধ হোৱাত বিশেষভাৱে আকৰ্ষিত কৰিছে।তাৰ ফলত ছপা উদ্যোগ সমূহ পিছপৰি যোৱা আজিৰ দিনত পৰিলক্ষিত হৈছে।
         অনলাইন মাধ্যমৰ জৰিয়তে গঢ়ি উঠা সামাজিক সংযোজন মঞ্চ,যাৰ যোগেদি অংশ গ্ৰহণকাৰীসকলে বিভিন্ন ক'লা , সাহিত্যৰ সৃষ্টি আৰু বিনিময় কৰিব পাৰে। সামাজিক মাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰখন গতিশীল আৰু ই সমসাময়িক ঐতিহাসিক পৰিস্থিতিৰ দ্বাৰা পৰিশোধিত আৰু ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ সমলেৰে ভৰপূৰ। প্ৰতিদিনে বিভিন্ন সামাজিক সংযোগৰ পৃষ্ঠাবোৰত অসংখ্য পষ্ট বা ভ্লগৰ(vlog) যোগেদি চিন্তা,ভাৱ আৰু প্ৰাথমিক স্তৰৰ সাহিত্য প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধা আহিছে। আজিৰ দ্ৰুতগামী জন জীৱনধাৰাত মানুহে লিখা পঢ়াৰ অভ্যাস প্ৰায় হেৰুৱাই পেলাইছে। অনলাইন ‌মাধ্যমৰ ফলত কিছু ক্ষেত্ৰত  ক্ষতি হোৱা পৰিলক্ষিত হৈছে যেনে- শাৰীৰিক অৱনতি ঘটিছে, দৃষ্টি শক্তি কমাৰ  লগতে পৰিশ্ৰমিক মানসিকতা নোহোৱা হৈছে।তেনেস্থলত বিশেষকৈ অনলাইন মাধ্যম সমূহ নৱপ্ৰজন্মৰ বাবে জনপ্ৰিয় হৈ পৰা লগে লগে সাহিত্য সৃষ্টি তথা প্ৰকাশৰ এখন নতুন মঞ্চ সৃষ্টি হৈছে।দেশ-বিদেশত থকা অসমীয়া লোকসকলে অনলাইন মাধ্যমৰ যোগেদি সাহিত্যচৰ্চা অব্যাহত ৰাখিছে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে অনলাইন মাধ্যম সমূহৰ পৰা ন ন সাহিত্যিক,কবি, লেখক-লেখিকা সৃষ্টি হৈছে।যাৰ ফলত অসমীয়া ভাষাৰ যি সাহিত্য সেই সাহিত্যৰ গতি  ধাৰালৈ অন্ধকাৰ নমাই আনিছে।কিছু লেখক-লেখিকাৰ ক্ষেত্ৰত দেখা যায় যে আনৰ লিখনি সমূহ নিজৰ বুলি আত্মপ্ৰকাশ কৰে । অনলাইন মাধ্যমৰ সুবিধা সমূহৰ ভিতৰত ক'বলৈ গ'লে বিশেষকৈ বন্ধুত্ব স্থাপন ,সুপ্ত প্ৰতিভা বিকাশ , আত্মপ্ৰকাশ , সাহিত্যৰ জগতৰ লগত জড়িত লোকসকলৰ লগত ভাৱ-বিনিময় কৰাৰ উপৰিও নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দেখা যায়। অনলাইন মাধ্যমৰ ফলত সৃষ্টি হোৱা অসুবিধা সমূহ হ'ল - স্বাস্থ্যৰ অৱনতি, আনৰ লিখনি চুৰ, ইয়াৰ উপৰিও বিশেষকৈ সুবিধাবাদী লেখক-লেখিকাৰ হাতৰ কলমত সৃষ্টি হোৱা কিছুমান লিখনি।যাৰ ফলত অসমীয়া সাহিত্যৰ জগতলৈ কু-প্ৰভাৱ কঢ়িয়াই আনিছে। 
             অসমীয়া ভাষাৰ অনলাইন ই আলোচনী সমূহে অসমীয়া ভাষা চহকী কৰি তুলিছে ।তাৰ ভিতৰত অন্যতম হ'ল- শব্দ-সাঁকো(দাদুমণি বৰা),প্ৰেৰণা(নৱজ্যোতি গগৈ,জিন্টু ভূঞা, যুটীয়া সম্পাদক ) দৈনিক ই আলোচনী অসমীয়া সাহিত্যৰ চানেকি (ৰিন্টু ৰাজোৱাৰ), দাপোণ জীৱনৰ, অভিজ্ঞানম্,আখৰ ,আমি অসমীয়া আৰম্ভণি, বৌদ্ধিক বিচাৰ , এনাজৰী, জোনাকীৰ বাটেৰে, ফেহুঁজালি, সৃষ্টিৰ জিলিকনি,সেউজ চিন্তা,নীলা-চৰাই, অসমীয়াৰ সুখ-দুখ ,মুক্ত- চিন্তা, কবিতা সাহিত্য সমাহাৰ আদি বিশেষভাৱে উল্লেখযোগ্য।
            পৰিৱৰ্তন সদায় ইতিবাচক হ'ব লাগে। ক্ৰমাগতভাৱে মানুহে  এই নব্য মাধ্যমৰ উপকৰণ সমূহক অপৰিহাৰ্য বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে। অনলাইন মাধ্যমৰ পৰস্পৰ -সংযুক্ত ক্ষেত্ৰখনত দৈনন্দিন জীৱনৰ ব্যস্ততাই সাহিত্য চৰ্চাৰ ক্ষেত্ৰত পৰম্পৰাগত কাগজ কলমে কৰা চৰ্চাই আনি দিয়া অজুহাতৰ অৱকাশ নাই। বৰঞ্চ , কৰ্মময় জীৱনৰ ব্যস্ততাৰ লগৰী হৈ পৰিছে সাহিত্য চৰ্চা আৰু পঠন। কাৰ্যালয়ৰ বিৰতি ,নিজান ঠাইত আজৰি সময়ত বহি আনকি আকাশত উৰি যোৱা উৰা জাহাজতো বহি ম'বাইল/মোবাইলতে বা লেপ-টপ আদিত অনলাইন আলোচনী অথবা ই বুক উপলব্ধ । ই অসমীয়া ভাষাৰ উন্নতি আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অনলাইন মাধ্যমে মানুহৰ সৃজনীশীলতা বৃদ্ধি কৰিছে যদিও ইয়াৰ অতিমাত্ৰা ব্যৱহাৰে বৰ্তমানৰ সমাজ ব্যৱস্থাত ইয়াৰ বিৰূপ প্ৰভাৱ পেলোৱাৰ কথাটোও নুই কৰিব নোৱাৰি। গ্ৰন্থ সংৰক্ষণৰ ক্ষেত্ৰটো অনলাইন মাধ্যমে এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে। অনলাইন মাধ্যমত দৃশ্য-শ্ৰব্য ব্যৱস্থা থকা হেতুকে অসমীয়া ভাষা সাহিত্যিক দৃশ্য-শ্ৰব্য ক্ষেত্ৰসমূহটো ইয়াৰ  বহুল প্ৰয়োগ হ'বলৈ ধৰিছে।যি কি নহওঁক ছপা মাধ্যমত প্ৰকাশিত অসমীয়া সাহিত্যৰ গুণগতমান‌ একেই নহয়। যদিও কিছু ক্ষেত্ৰত অনলাইন মাধ্যমত উচ্চ মানদণ্ডৰ সাহিত্য চৰ্চা হোৱা যায়। অনলাইন মাধ্যম বৰ্তমান সময়ত জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হৈছে যদিও ছপা মাধ্যমৰ আদৰ সদায় চিৰযুগমীয়া হৈ থাকিব।।

✍🏻প্ৰতিভা ফুকন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)