উপলব্ধতা তাৰকামণ্ডলে
ক্ষীণকায় পোহৰৰে,
প্ৰতিফলন ঘটাইছে...
ছাঁ পোহৰৰ সেই ধূসৰিত ছবিখনৰ,
অবোধ মেলাৰ নিৰ্জন ক্ষণবোৰক...।
নয়ন জ্যোতিয়ে,
নিবিচাৰে কেতিয়াও সাৱটিবলৈ...
দাহন ভূমিৰ অসহনীয়,
জলন্ত শিখাক পুনৰাই...!
মৃত্যু হোৱা প্ৰতিটো পলেই,
ইমান বেদনাদায়ক হয়
কিয়নো বাৰু...?
ভাঙি পৰা পলবোৰত
ভাগি যোৱা হিয়াখনে যে
ৰক্তাশ্ৰু ত্যাগিছিল...!
আমনি কৰে হা আজিও,
তল সৰা পাতবোৰৰ হালধীয়া বৰণক ।
কিন্তু যাত্ৰা তো ৰৈ নাযায় ন,
ছাই নোহোৱালৈকে...!
ই অনিৰুদ্ধ গতিত গতিমান ।
চোৱাচোন আজি,
শব্দবোৰে...!
শব্দবোৰে আহি বাহৰ পাতিছে
জানো ক'ৰ পৰা এই দুখুনী অট্টালিকাত...!
অস্তিত্বৰ দাপোণখনক
শৈব্দিক আল্পনাৰে,
মৃদুল মৃদুলকৈ প্ৰাণাংকন কৰিছে
আলসুৱা নীলিম "প্ৰতিবিম্বৰে" ।
মন যায় জানা...
প্ৰতিটো প্ৰহৰ
প্ৰতিটো পল যেন,
প্ৰতিবিম্বৰ বক্ষবন্ধনত
প্ৰতিবিম্বিত হৈ থাকিব পাৰোঁ
কলমেৰে..