নিয়ৰত তিতা নৰা কাটি-শ্যামল বৰা

পংখী মৰাণ
0
নিয়ৰত তিতা নৰা কাটি
উভতি আহিম এদিন
সূৰুয নমাৰ ৰঙচুৱা বাটেৰে॥

পথৰ দুকাষে ৰৈ থাকিব মানুহবোৰ,
হাত বাউল দি মাতিব মোক
চুব খুজিব অচিনাকী হাতবোৰে॥

জন্মান্তৰৰ নিসংগতা খেদি
সোণপোতা বাটেৰেই উভতিম এদিন
আপঙৰ আবেলিত নৰাচিঙা বিহু গাবলে॥

সভ্যতাৰ বা মাৰলীত তচনচ কলিজাটোৰ বাবে
তেজেপোৰা সপোন এচপৰা কিনিবলে॥

আৰু এদিন,
আঁঠুত মূৰ থৈ সোৱণশিৰীয়া বেলিডুবা চাবলে॥

নিয়ৰত তিতা নৰা কাটি
উভতি আহিম এদিন
সূৰুয নমাৰ ৰঙচুৱা বাটেৰে॥

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)