বৈষম্য-সবিতা দাস

অসমীয়া সাহিত্যৰ চানেকি
0
মামা হস্পিতাল গৈ পোৱাৰ লগে লগে 'o' পজিটিভ।গ্ৰুপৰ তেজ বিচাৰি হাহাকাৰ কৰি ফুৰা দেউতাৰ মুখলৈ পানী আহিল । দেউতাই  খুৰালৈ ফোন কৰি  ক'লে-----

:হেল্ল ৰবীন, মা'ৰ তেজৰ যোগাৰ হ'ল ।বৌৱেৰাৰ ভায়েক আহিছে ‌, তেওঁৱেই  তেজ দিব ।

               খুৰাই লাউদ স্পিকাৰত দি কথাপতা শুনি খুৰাৰ ওচৰলৈ দৌৰি গ'লোঁ। এয়া কি শুনিলোঁ মামাই তেজ দিব ।কিন্তু আইতাই ... ।  এবছৰ আগৰ কথাটি মোৰ মনলৈ আকৌ আহিল ।
                : সৰু বা আহ ভাতখিনি খাই ল'বি ।আইতা আহক ভাত দিছোঁ ,মামী আপুনিও আহক । 

                মোক আচৰিত কৰি আইতা পাকঘৰলৈ আহিল আৰু ক'লে------

:মামীয়েৰাক আমাৰ খোৱা হোৱাৰ পিছত দিবি দে ।

:কিন্তু আইতা ...।

:যি কৈছো তাকে শুন। 

              আইতাৰ ধমকি শুনি অলপ ভয় খাই ক'লোঁ------
:হ'ব  আইতা,আপুনি বহক ।

:মাজনী ,কি হ'ল ?

:নহয় মানে খুৰা ...। মামাৰ তেজ আইতাই দেহৰ ভিতৰলৈ যাব দিব জানো? খুৰা, আইতাই মামাহঁতৰ ঘৰত আজিলৈকে ভাত এসাঁজো খাই পোৱা নাই ।মামাৰ তেজ আইতাক জোৰকৈ আপোনালোকে নিদিব,আইতাই কষ্ট পাব । ম'বাইলটো দিয়া দেউতালৈ ফোন কৰোঁ।

:হেল্ল' দেউতা ,মামাৰ তেজ আইতাক নিদিব ।

:পাগলী হৈছ নেকি তই । তেজ নিদিলে আইতাৰা মৰি থাকিব । 

:মৰিবলৈ দিয়ক । 
    
                  ফোনৰ সংযোগ খঙেৰে কাটি দিলোঁ।খুৰাই প্রশ্নসূচক দৃষ্টিৰ মোলৈ একেথিৰে চাই ৰ'ল‌।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)