ফুলশয্যাৰ নিশা ০৭ -তীৰ্থ পিন্টু বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
............. ঘৰ পাই খৰখেদাকৈ কাপোৰ কেইটা সলাই মোবাইলটো chargt লগাই ৰক্তিম অলপ ওলাই গল..., মনায়ো কাপোৰ কেইটা সলায় অলপ বিচনাতে দীঘল দিলে...., চকুহাল জপাই অলপ টোপনি যাম বুলি ভাবোঁতেই ৰক্তিমৰ ফোনটো বাজি উঠিল..., দুবাৰ মান বাজি বাজি বন্ধ হৈ গৈছিল..., পুনৰ আকৌ ফোনটো বজাত মনাই ৰিচিভ কৰিলে...

: হেল্ল....!
: হেল্ল...! ৰক্তিম কত আছা...? তুমি ৰিপৰ্ট লাগে বুলি কৈছিলা নহয় মই তোমাক whatsapp কৰি দিছোঁ চাই লবা..., 
: ৰক্তিম নাই অলপ ওলাই গৈছে...., মই তেওঁৰ পৰিবাৰ মনালিছা , কিহৰ ৰিপৰ্ট...?
: হয়নেকি..! মই নিহা... , মোৰ মুখেৰে শুনিলে হয়টো তুমি মোক ভুল বুজিবা...! তুমি ৰক্তিমক সুধিবা..., নহলে তুমি তাৰ whatsaap চাই লোৱা..., ঠিক আছে পাছত কথা হম..., by.... ফোনটো কাটি দিলে নীহাই..., নীহা নামটো শুনাৰ লগে লগেই মনাৰ মনত নানা প্ৰশ্নৰ উদয় হল,, ফুলশয্যাৰ নিশাও নিশ্চয় নীহাই ফোন কৰিছিল..., সেয়ে হয়টো ৰক্তিম বাৰাণ্ডালৈ ওলাই গৈছিল...., নীহাৰ লগতটো ৰক্তিমৰ কোনো সম্পৰ্ক নাই বুলি কৈছিল..., তেন্তে নীহাই কিয় ফোন কৰিছিল ৰক্তিমক...., কিহৰ ৰিপৰ্ট whatsapp কৰিছে..., নে ৰক্তিমে নীহাৰ লগত গোপনে সম্পৰ্ক জীয়াই ৰাখিছে...., whatsaap চাবলৈও ৰক্তিমে পাছৱৰ্ড দি থৈছে..., কথাবোৰ সহজভাৱে লব পৰা নাই মনাই...., ৰক্তিমে নিশ্চয় কিবা এটা লুকুৱাই ৰাখিছে..., কথাবোৰ ভাবি থাকোতেই ৰক্তিম সোমাই আহিছিল....,

: মনা..., টোপনি গলা নেকি...! চাহ একাপ দিয়া বৰ মূৰটো টিংতিঙাই আছে...
: টোপনি অহা নাই ..! এনেয়ে বাগৰি আছোঁ, দেউতা আহিল জানো দোকানৰ পৰা....., 
: দেউতা অহা নাই...., যোৱা মোলৈকে চাহ একাপ কৰাগৈ...
: চাহ কৰিম বাৰু...., তাৰ আগতে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন...!
: প্ৰশ্ন....? কি প্ৰশ্ন...!
: নীহাৰ লগত তোমাৰ সম্পৰ্ক এতিয়াও জীয়াই আছে নেকি.....
: নাই....! নাই....! এতিয়া নীহাৰ লগত মোৰ কোনো সম্পৰ্ক নাই....
: যদি সম্পৰ্কই নাই তেন্তে নীহাই তোমালৈ কিয় ফোন কৰে..?
: নীহাই ফোন কৰিছিল নেকি....? প্ৰশ্নবোধক দৃষ্টিয়ে চাইছিল মনলৈ..
: নীহাই ফোন কৰিছিল..., তুমি বোলে কিবা ৰিপৰ্ট বিচাৰিছিলা..! তাই তোমাক whatsapp কৰি থৈছে....., কথাষাৰ শুনাৰ লগে লগেই ৰক্তিমৰ মুখৰ বৰণ সলনি হৈ গৈছিল..., কিহৰ ৰিপৰ্ট ৰক্তিম..., মই নীহাক সুধিছিলোঁ..., কিন্তু তাই মুখখুলি একো নকলে..., তোমাৰ পৰাই জানি লবলৈ কৈছে... 
 
             চার্জৰ পৰা মোবাইল ফোনটো খুলি whatsapp খুলি চালে ৰক্তিমে.., নীহাই ডাক্তৰৰ ৰূপৰ্টটো পঠাইছে..., ফোনটো জেপত ভৰাই মিচিকিয়া হাঁহি এটা মাৰি মনাক কলে..

: তুমি মানুহক ভয় খুৱাই মাৰিবা..., ট্ৰেইনখন কেইটা বজাত পাবহি সেই ৰিপৰ্টটো পঠাইছে...., নীহাৰ সমন্ধীয় খুড়াক এজনে ৰেলবিভাগত চাকৰি কৰে...
: অ' ! মই আকৌ বেলেগ কিবা এটাহে ভাবিছিলোঁ...!
: কি ভাবিছিলা...! হয়নে..!
: নালাগে দিয়া তুমি জানিব..., তোমাৰ বয় বস্তুবোৰ পেকিং কৰা হলনে.....! 
: হৈ গল কেতিয়াবাই..., 
: ট্ৰেইন কেইবজাত আছে..?
: মৰ্নিং ৮-৩০ ..., 
: ঠিক আছে দিয়া, তুমি অলপ আৰাম কৰা মই আদা দি ৰঙা চাহ দুকাপ কৰি আনো....,  

          মনা ৰুমৰ পৰা ওলাই যোৱাৰ পাছতেই ৰক্তিমে নীহালৈ ফোন কৰিলে...., 
: হেল্ল ...! নীহা...., 
: ৰক্তিম কোৱা...., ভয় খালা নেকি...! চিন্তা কৰিব নালাগে..., মই একো কোৱা নাই মনালিছাক..., 
: তুমি কিন্ত মানুহ মাৰিবা দেই..., ভাগ্য ভাল মনাই মোৰ পেট্ৰানটো খুলিব নাজানে..., 
: তুমি পিছে কি উত্তৰ দিলা..?
: তোমাক মই বাৰে বাৰে কোৱাৰ পাছতো কিয় মোক ফোন কৰি আছা..., 
: মই যে তোমাক ভালপাওঁ সেইবাবে...., 
: তুমি কিয় এনেকুৱা কৰিছা..., মোৰ জীৱনলৈ এতিয়া মনা আহিল... গতিকে মই তোমাক পাহৰি গৈছোঁ..., এতিয়া কেৱল মনাই মোৰ হৃদয়ৰ খুটালী অধিকাৰ কৰি আছে...
: কিন্তু তুমি কিয় পাহৰি গৈচা.. মনা তোমাৰ জীৱনলৈ অহাৰ আগতে মই তোমাৰ প্ৰেয়সী আছিলোঁ..., 
: এতিয়া সেইবোৰ অতীত হল নীহা...., তোমাক কিয় একেটা কথাকে কৈ থাকিব লাগে..., তুমি আচলতে বিচাৰিছা কি..?
: দুৱৰা পৰিয়াল ধ্বংস কৰাটো মোৰ এতিয়া একমাত্ৰ উদ্দেশ্য...., হা:....হা:...., খিলখিলাই হাঁহি নীহাই ফোনটো কাটি দিলে...., 

            ৰক্তিম কিছু সময়ৰ বাবে আকৌ ভাবুক হৈ পৰিল..., কিহৰ কাৰণে নীহাই দুৱৰা পৰিয়াল ধ্বংস কৰিব বিচাৰিছে...., কি ভুল কৰিলোঁ মই..., নীহাই গৰ্ভত লৈ থকা সন্তানৰ পিতৃ মই বুলি স্বীকাৰ নকৰাটো নে অন্য কিবা....! নীহাৰ গৰ্ভত থকা সন্তানৰ পিতৃ মই নহয় ই এশ শতাংশই নিশ্চিত..., তথাপিও নীহাই কিহৰ চক্ৰান্ত কৰিছে..., চাহ দুকাপ হাতত লৈ আহি মনা ৰক্তিমৰ কাষতে বহিল.... চাহ লোৱা....
: দিয়া.., 
: তুমি বৰ চিন্তাত থকা যেন লাগিছে , কি হৈছে ৰক্তিম.., 
: একো চিন্তা কৰা নাই..., মনটোহে বেয়া লাগি আছে...
: মন বেয়া কৰিবলৈ আকৌ কি হল..!
: তোমাৰ বেয়া লগা নাই নেকি..! 
: নাই..., নাই লগা, 
: তাৰমানে তুমি মোক ভালেই নোপোৱা..! দুমাহৰ বাবে তোমাৰ কাষত নাথাকিম..., আকৌ বিহুত আহিম যদি জীয়াই থাকো...
: প্লীজ... , তেনেকুৱা কথা নকবা, মোৰ সেন্দুৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে.., 
: ধেমালি কৰিছোঁ অ' মনা, 
: এনেকুৱা ধেমালি কেতিয়াও নকৰিবা...., 

         বৌ... বৌ.. কৈ চিঞৰি নূপুৰ সোমাই আহিল..., দাদা তই বস্তুবোৰ ঠিকমতে সামৰি ললি নে...! দেউতাই তোক মাতিছিল...., যা দেউতা ড্ৰয়িং ৰূমতে আছে..., বৌ তুমি মন মাৰি নাথাকিবা.., দাদা বিহুত আহিবই আকৌ..., বলা পাকঘৰলৈ যাওঁ..., সোনকালে খাই শুব লাগে আকৌ বাৰ বজাত উঠিবই লাগিব জন্মদিনৰ কেক কাটিবলৈ..., 
: বলা বলা...., মোক অলপ সহায় কৰি দিবা পাকঘৰত..., 

          ভাত পানী খাই ৰক্তিম আৰু দেউতাক বিচনালৈ গল নূপুৰ আৰু মনাই সুন্দৰকৈ ৰোমটো সজোৱাত ব্যস্ত হৈ পৰিল, মনাই ৰঙা নীলা বেলুনবোৰ ফুলাই গৈছে আৰু নূপুৰে থোপা থোপকৈ ৱালত লগাই গৈছে...., ড্ৰয়িং ৰোমটোৰ চাৰিচুকত ৰঙা নীলা লাইটবোৰ আঁৰি দিলে, অপেক্ষা মাথোঁ বাৰ বজালৈ..., মনাই প্ৰথম জন্মদিনত ৰক্তিমক উপহাৰ হিচাপে দিবলৈ এটা হাত ঘড়ী আৰু এটা চাৰ্ট সুন্দৰকৈ পেকিং কৰি অনাই থৈছে...., নূপুৰেও ককায়েকক দিবলৈ এটা সৰু কেক ঘৰতে প্ৰস্তুত কৰিলে...,  বিচনাত শুলে টোপনি যাব বুলি ভাবি দুয়োজনী চ'ফাতে শুই থাকিল..., হঠাৎ মনাই সাৰ পাই ঘড়ীটোলৈ চালে বাৰ বাজি পাঁচ মিনিট পাৰ হৈছিল, লগে লগে নূপুৰক জগাই দিলে, নূপুৰে ৰক্তিমক চকুদুটাত হাতখন দি একো চাবলৈ নিদিয়াকৈ ড্ৰয়িং ৰুমলৈ উলিয়াই আনিলে....., মনাই লাইটৰ চুইচটো অন কৰি Happy Birthday to you...... বুলি কোৱাৰ লগে লগেই নূপুৰে ৰক্তিমৰ চকুৰ পৰা হাতখন আতঁৰাই দিলে..., ফু মাৰি মমডাল নোমুৱাই কেকটো কাটিলে...., নূপুৰ আৰু মনাই পাৰে মানে ৰক্তিমৰ গালে মূৰে কেক সানিলে...., ৰক্তিমে দেউতাকৰ ভৰি স্পৰ্শ কৰি সেৱা কৰিলে....., নিজান জান হৈ পৰা ঘৰখন মুহূৰ্তৰ বাবে হলেও হাঁহিৰে ভৰি পৰিল.......


     ( ক্ৰমশঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)