অসমীয়া সাহিত্যৰ চানেকিৰ উপদেষ্টা হেমেন হাজৰিকা দেৱৰ সৈতে সাক্ষাৎকাৰ-ৰিংকু ৰাজোৱাৰ

অসমীয়া সাহিত্যৰ চানেকি
0
প্রশ্ন: প্ৰথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়তো জনাব।

উত্তৰ: মোৰ নাম  শ্রী হেমেন হাজৰিকা  |
পিতা  প্রয়াত : দেৱ হাজৰিকা
মাতা  প্রয়াত : ৰোহিনী হাজৰিকা
থকা ঠাই :  মিৰ্জা
ডাকঘৰ  :  মিৰ্জা
থানা  : পলাশবাৰী
জিলা :  কামৰূপ ( অসম )
ডাক সূচাংক  ৭৮১১২৫  |

প্রশ্ন:আমি জনাত আপুনি এজন শিক্ষক । গতিকে এজন শিশুক গঢ়ি তুলিবলৈ এজন শিক্ষকৰ ভূমিকা কেনেকুৱা হোৱাটো উচিত বুলি ভাবে?  

উত্তৰ: হয় , মই মজলীয়া বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক |চাওক মাক আৰু দেউতাকে জন্মহে দিয়ে  | তাৰ পৰিবৰ্তে এগৰাকী শিক্ষকে শিশুটোৰ জ্ঞান চকু মেল খুৱাই তেখেতৰ জীৱন জোৰা সাধনাৰে , তেখেতৰ কষ্টলব্ধ অৰ্জিত জ্ঞান আৰু অভিজ্ঞতাৰে এগৰাকী পৰিপূৰ্ণ মানুহ কৰি গঢ়ি তুলিব পাৰে | জ্ঞান বিলালে বাঢ়ি যায়  | গতিকে শিকাৰু জনক এগৰাকী সু-নাগৰিক কৰি গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষক এগৰাকীয়ে কমাৰ শালত কমাৰে যিদৰে লোহা পিটি পিটি নানা সামগ্রী গঢ়ি তোলে ঠিক তেনেদৰে শিক্ষক গৰাকীয়েও সিমানে কষ্ট স্বীকাৰ কৰে | এই ক্ষেত্ৰত এগৰাকী শিক্ষকৰ ভূমিকা অনস্বীকাৰ্য | কাৰণ গুৰু অবিহনে শিক্ষা পূৰ্ণ হ'ব নোৱাৰে  | শিকাৰু হ'ব লাগিব একলব্যৰ দৰে আৰু গুৰু হ'ব লাগিব দ্রোণাচাৰ্যৰ দৰে  |


প্রশ্ন: আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেতিয়াৰ পৰা জড়িত?

 উত্তৰ:প্রকৃতাৰ্থত মই বিশাল ক্ষেত্রখনলৈ বহু পলমকৈ আহোঁ | নিজৰ নামটো ছপা আকাৰত ক'ৰবাত দেখিবলৈ পাম এনে ভাৱ মনত পুহি ৰাখিছিলোঁ যদিও সফল হোৱা নাছিলোঁ | মেট্রিকৰ দেওনা পাৰ হৈ যেতিয়া উচ্চতৰ মাধ্যমিক শ্রেণীত নাম ভৰ্তি কৰিছিলো তেতিয়া বিদ্যালয়ৰ বাৰ্ষিক মুখপত্র ( কিৰণ )ৰ বাবে সম্পাদক বন্ধুজনে কিবা এটা লেখা দিয়াৰ কথা কলে  | মইও ভয়ে ভয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে কবিতা হয় যদি হওক নহয় যদি নহওক ভাবেৰে জীৱনৰ প্রথম লেখা এটা কবিতা দুৰ্ভগীয়া শিৰোনামেৰে লিখি সম্পাদক গৰাকীক দিলো | চাওকচোন জীৱনৰ প্রথম লেখা তাকো শিৰোনাম দুৰ্ভগীয়া , সেয়াই আৰম্ভনী | মোক আচৰিত কৰি মুখপত্রত কবিতাটো প্রকাশ হৈ ওলাল | লেখাটোৰ সৈত্যে নিজৰ নামটো ছপা আখৰত দেখি লগা আনন্দৰ সীমা নাছিল | তেনেদৰেই বান্ধখাই পৰিলো এইখন জগতত য'ত মানুহক মোহাচন্ন কৰি ৰাখিব পাৰে , দুখ, শোক পাহৰাই ৰাখিব পাৰে | তেনেদৰেই ইয়াৰ লগত জড়িত হৈ পৰাৰ প্রৱেশৰ আঁৰ কাপোৰ উঠিছিল  |

প্রশ্ন:বৰ্তমানৰ শৈক্ষিক ব্যৱস্থাটোক লৈ আপুনি সন্তুষ্ট নে ? কি কৰিলে শিক্ষাৰ মানদণ্ডটো আৰু অধিক উন্নত হব বুলি আপুনি ভাবে ?

উত্তৰ  :বৰ্ত্তমানৰ শৈক্ষিক ব্যৱস্থাটোক লৈ কম/বেছি পৰিমানে কোনো লোকেই সুখী নহয় | শিক্ষাৰ নিজা বুলি কোনো চৰিত্র নাই | অৰ্থনৈতিক চৰিত্রইহে শিক্ষাৰ চৰিত্র নিৰ্মাণ কৰে | শিক্ষাই অৰ্থনীতিক প্রভাৱিতহে কৰিব পাৰে | শিক্ষা আৰু অৰ্থনীতিৰ মাজৰ এই দ্বান্দিকতাৰ উপলদ্ধিৰ যোগেদিহে আমি যিকোনো শৈক্ষিক সমস্যা এটাৰ বিজ্ঞানসন্মত সমাধান আলোচনাৰ যোগেদি উলিয়াব পাৰিম | ৰাষ্ট্রৰ ঐতিহাসিক প্রয়োজন অনুসৰি দেশ এখনৰ চৰকাৰে শিক্ষা ব্যৱস্থাৰ নীতি নিৰ্ধাৰন কৰে | ৰাষ্ট্রৰ ঐতিহাসিক প্রয়োজন অনুসৰি দেশ এখনৰ চৰকাৰে শিক্ষানীতি নিৰ্ধাৰণ কৰে |
   সেয়েহে আমাৰ শিক্ষাব্যৱস্থাটো শিকাৰু কেন্দ্রীক কৰিব লাগে | শিশুটোৱে কি কৰি ভাল পায় তাত গুৰুত্ব দি তাক সেই দিশত আগুৱাই লৈ গলে ফলপ্রসু হ'ব | কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত সেইটো হৈ উঠা নাই | তেনে কপিব পাৰিলে অধিক উন্নত হ'ব বুলি ধাৰণা কৰিব পাৰি |

প্রশ্ন:আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে অলপ জনাব ক'ত কেনেকৈ লাভ কৰিছিল ?

উত্তৰ:বৰ্তমান যদিও মই দক্ষিণ কামৰূপৰ মিৰ্জাৰ বাসিন্দা মোৰ শৈক্ষিক জীৱনৰ সেউজ পুলিটোৰ বীজ ইয়াত ৰোপন হোৱা নাছিল | মোৰ দন্ম হৈছিল নগাঁও জিলাৰ নিৰবধী কপিলী নদীৰ পাৰৰ দেৱনাৰিকলী গাঁৱত | কপিলীৰ পাৰত ভাগৰ জিৰাইছিলো , নিৰ্মল বতাহ লৈছিলো , ধুলি বালিত উমলি- জামলি ডাঙৰ হৈ সেই গাঁৱৰে দেৱনাৰিকলী প্রাথমিক বিদ্যালয়ত মোৰ প্রথম বৰ্ণমালা শিকাৰ মঞ্চখনৰ আঁৰকাপোৰ উঠিছিল আৰু তাৰ পৰাই সুখ্যাতিৰে প্রাথমিক শিক্ষা সমাপ্ত কৰিছিলো |
   ইয়াৰ পিছত একে গাঁৱৰে দক্ষিণ কপিলী পৰীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৮৬ চনত দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্তীণ হলো | আৰম্ভ হ'ল এক নতুন অধ্যায় | উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নামভৰ্তি কৰিবৰ বীবে ঘৰৰ পৰা প্রায় ৭/৮ কিঃ মিঃ নিলগত থকা কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ আহো | ইয়াৰ লগতে জনাও যে পিছলৈ কামপুৰ পৌৰ সভালৈ ৰূপান্তৰ হ'ল আৰু তাতেই নিগাজীকৈ থাকিব থাকিব ললো | নিৰ্ধাৰিত সময়ত ১৯৮৮ চনত কলাশাখাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হলো   ।ইয়াৰ পিছত আৰম্ভ হ'ল অন্য এক যাত্রা | আহিল দিক নিৰ্ণয়ৰ কৰাৰ সময় | স্নাতক শাখাত নানভৰ্তি কৰিবৰ বাবে ঢাপলি মেলিলো নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়লৈ | তাত অৰ্থনীতিত সন্মান সহ নাম ভৰ্তি কৰিলো | কিন্তু দৈৱ্যৰ দুৰ্পিপাকত পৰি সেই ঐতিয্য মণ্ডিত মহাবিদ্যালয় খনৰ পৰা মোৰ স্নাতক উপাধি লোৱা নহল |   পুনৰ ঘুৰি আহিলো কামপুৰলৈ আৰু কামপুৰ মহীবিদ্যালয়ৰ পৰাই স্নাতক উপাধি গ্রহণ কৰিলোঁ | তাৰ পিছত মন মেলিলো আইন পঢ়িবলৈ | সেই উদ্দেশ্যেই নগাঁও আইন মহাবিদ্যালয়ত নাম ভৰ্তি কৰি প্রাৰম্ভিক পৰীক্ষা দি উঠাৰ পিছত ১৯৯৪ চনত কামৰূপ জিলাৰ মিৰ্জাৰ নাতিদূৰৰ এখন মজলীয়া বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিলোহি | আইনৰ উপাধি আৰু লোৱা নহ'ল |
    চাকৰি চলি থাকিল , তাৰ মাজতে ১৯৯৬ চনত তেতিয়া অপ্রাদেশিকৃত শিক্ষণ প্রশিক্ষণ মহাবিদ্যালয়ৰ পৰা B. Ed আৰু ১৯৯৮ চনত CPE ( Certificate of Primary Education) সম্পন্ন কৰিলোঁ |     পুনৰ ২০১৯ চনত NIOSৰ অধীনত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান কামৰূপৰ পৰা DElEd সম্পন্ন কৰিলোঁ |
   এয়াই মোৰ ওখোৰা -মোখোৰা শৈক্ষিক জীৱন | তেতিয়াৰ পৰাই মই মিৰ্জাৰ বাসিন্দা |

প্রশ্ন: উঠি অহা যুৱ প্ৰজন্মৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব বিচাৰিব ?

উত্তৰ: যুৱ প্রজন্ম আমাৰ আশা ভৰষাৰ থল | তেওঁলোকৰ দুচকুত বিশ্বজয়ৰ সপোন | নিজক প্রতিষ্ঠা কৰিবলৈ সাতুৰিব লাগিব নিজ বাহু বলেৰে | যুৱ প্রজন্ম মাজত অনেক প্রতিভাৰ আকৰ | যোগ্যতা অৰ্জন তেওঁলোকৰ মূল চাবি কাঠি হওক | ড' ভূপেন হাজৰিকাই কোৱাৰ দৰে সূৰ্যোদয় যদি লক্ষ্য  তোমাৰ সূৰ্যাস্তৰ ফালে ধাৱমান কিয় ? সাফল্যৰ পিছত দৌৰাৰ আৱশ্যক নাই , তেওঁলোকে এনেকৈ কাম কৰক সাফল্যই নিজে আহি তেওঁলোকক ধৰা দিবহি | আমাৰ দিনৰ তুলনাত আজি অনেক সুযোগ আৰু সুবিধা | সেই সমূহ গ্রহণ কৰক , অধ্যয়ন কৰক , কাৰণ অধ্যয়ন কৰিলে দূৰৰ মানিক হাততে পাব পাৰি | আলস্যই মানুহক মানসিক ভাবে ৰুগীয়া কৰে | এলাহ পৰিহাৰ কৰি লক্ষ্য প্রাপ্তিৰ যুঁজত অৱতীৰ্ণ হওক | কাৰণ তেওঁলোকক জীৱনৰ জোনাকী বাটে হাতবাউল দি মাতি আছে |

প্রশ্ন:এজন শিক্ষক হিচাপে আপোনাৰ অভিজ্ঞতা কেনেকুৱা এই সম্পৰ্কে অলপমান জনাব ? 

 উত্তৰ:বৰ্তমান সময়লৈ এৰি অহা পথছোৱা বহু তিতা-মিঠা অভিজ্ঞতাৰে সিক্ত হ'ল | কৰ্তব্যত যোগদান কৰা প্রথম প্রায় ডেৰটা বছৰ খুউব আনন্দ -উচাহেৰে অতিবাহিত হৈছিল | তাৰ পিছত আমাৰ শাসন কৰ্তাৰ পৰিবৰ্তন হৈছিল | আমি ৰাজনৈতিক জিঘাংসাৰ বলি হৈ সম্পুৰ্ণ দহটা বছৰ Victimise  হৈ আদালতৰ দুৱাৰে দুৱাৰে ঘুৰি সম্পত্তি হেৰুৱাই উকীলক টকা দি দি হাইৰান হৈ পিছত যেনিবা হাঁহিৰ মুখ দেখিলোঁ |
      বহু ছাত্র/ছাত্রী গ'ল | কিছুমান ছাত্র/ছাত্রীৰ ব্যৱহাৰত আজিও গৌৰৱান্বিত হওঁ | বুকু ফিন্দাই কব পাৰে | সি বা তাই মোৰ ছাত্র আছিল | লগতে এনে ছাত্র/ছাত্রীও পাইছো যাৰ কৰ্ম কাণ্ডত ভাবিবলৈ বাধ্য হওঁ যে এনে ছাত্রক পঢ়ুওৱাৰ দূৰ্ভাগ্য মোৰ হৈছিল |
   সমাজত শিক্ষকৰ স্থান যে সকলোৰে উৰ্দ্ধত সেয়া প্রতীয়মান হয় যেতিয়া অভিভাৱক /অভিভাৱিকা সকলে শলাগ লয় , তেওঁলোকৰ সন্তানক নৈতিক শিক্ষা দিয়াত সফল হোৱা বুলি মন্তব্য দিয়ে , ধন্যবাদ সুচক কথা কয় , ফোন কৰি সন্মান যাঁছে তেতিয়া মনত ভাব হয় মই সঠিক কামতে যোগগান কৰিছোঁ কিজানি |

প্রশ্ন:আপোনাৰ শৈশৱৰ স্মৰণীয় মূহুৰ্ত এটাৰ বিষয়ে জনাব।

উত্তৰ:শৈষৱৰ স্মৰণীয় মূহুৰ্ত | শৈশৱ মানে একেবাৰে শৈশৱ | সেয়া ধুলি বালি লৈ ওমলি ফুৰাৰ বয়স | সেই শৈশৱ জানো ক'ত এৰি থৈ আহিলোঁ | সমনীয়াৰ সৈতে মাৰ্বল খেলি আছিলোঁ | কেচাঁ গাঁৱলীয়া পথ বোকা পানী থাকেই | পথৰ এটা মুৰৰ পৰা ট্রাক এখন আহিছে , খেলাৰ নিচাত আমাৰ একো গম নাই ক'ত কি হৈ আছে | ড্রাইভাৰে ধমকি দিয়াতহে পলালো তাৰপৰা | তাৰ পিছত দেউতাই খবৰটো পালে কিব কৈ | মনে মৱে হাতত কেঁচা দীঘল চেকনি লৈ আহিল মইও মাৰিলো লৰ | পিছে পিছে দেউতা | দীঘল চেকনিৰে পিচফালৰ পৰা মাৰিলে কোব | মই হামখুৰি খাই পৰিলো | তাৰ পিছত ধৰি লৈ কি কৰিলে জানিছেই নহয়....| আৰু আছে দুটামান পাহৰিব নোৱাৰা স্মৰণীয় মুহুৰ্ত পিছলৈ কম  কেতিয়াবা ।

প্রশ্নৰ: আজৰি সময়বোৰত আপুনি কি কৰে?  

উত্তৰ: আজৰি সময় কি কৰো বুলি কোনো নিৰ্দিষ্টকৈ একো নাই | কেতিয়াবা বিয়লি বেলা  সপত্নীক গুচি যাওঁ বুঢ়া লুইতত অস্তমিত সুৰুযৰ বিকিৰিত ৰশ্মিৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ , কেতিয়াবা সেউজীয়া পথাৰ চাবলৈ অকলে , কেতিয়া লঠঙা গছ , পাহাৰ | বিয়লি বেলা নদীৰ পাৰত শুই শুই অাকাশেদি উৰি যোৱা চৰাই চাবলৈ , তাৰ লগতে পঢ়া, লিখাতো আছেই | আত্মীয়ৰ সতে শুভবাৰ্তা বিনিময় , বন্ধুবৰ্গৰ খবৰ লোৱা , কেতিয়াবা প্রিয় খাদ্য এবিধ ৰান্ধা |

প্রশ্ন: অসমীয়া সাহিত্যৰ চানেকিৰ উপদেষ্টা হিচাপে আমাৰ আলোচনীখনৰ পাঠক তথা লেখক লেখিকা সকললৈ কি আহ্বান জনাব বিচাৰিব ।

উত্তৰ : সৰ্বজন স্বীকৃত , বহুজন সমাদৃত , অসমৰ সদায়ে প্রথম আৰু চিৰকাল প্রথম এখন দৈনিক ই আলোচনীৰ উপদেষ্টা মোৰ ভাৱনাই ধুকি নোপোৱা এটা পদ | 
     তাৰবাবে যি সকলে মোৰ দৰে এজন অকিঞ্চনক উক্ত পদৰ বাবে বিবেচনা কৰিলে তেখেত সকললৈ মোৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো 
   প্রথমতে লেখক/ লেখিকা সকলে তেওঁলোকৰ অভিজ্ঞতাৰ সমলেৰে গঢ়া ধাৰাবাহিৰ জীৱনৰ বাস্তৱ সন্মত , অধিক কল্পনা ৰহিত সমাজলৈ শুভবাৰ্তা বহন কৰিব পৰা অধ্যয়ন পুষ্ট কলমৰ পৰা নিগৰা লেখা প্রেৰণৰ চেষ্টা কৰিব |
   পাঠক/ পাঠিকা অবিহনে এখন আলোচনীৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি |
তেওঁলোকে আলোচনীখন আমাৰ আলোচনী বুলি আকোঁৱালী লওক | নিজে পঢ়ক , বন্ধু বান্ধৱী সকলক পঢ়িবলৈ অনুপ্রাণিত কৰক |
পাঠক সকলেও পঢ়ি উঠি আলোচনীখন আৰু অধিক কেনেকৈ উন্নত কৰিব পাৰি পৰামৰ্শ দিয়ক | যাতে আলোচনীখনৰ ঈস্পিত লক্ষ্যত উপনীত হ'ব পাৰে |
জয়তু অসমীয়া সাহিত্যৰ চানেকি | জয়তু চিৰ চেনেহী মোৰ ভাষা জননী |

  শেষত অসমীয়া সাহিত্যৰ চানেকিয়ে সাক্ষাৎকাৰৰ বাবে মোক নিৰ্বাচিত কৰাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলো |


সাক্ষাৎ গ্ৰহণঃ ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)