তুমি সৰ্বশক্তিমান
তুমি সৰ্ব জগতত বিৰাজমান
তোমাৰ ভয়ত মানৱ কম্পমান ।
হে কৰ'ণা তোমাক প্রণাম
ধনী-দুখীয়া তোমাৰ মনত সমান
ৰজা-প্রজাৰ তোমাৰ হৃদয়ত স্থান
নাৰী-পুৰুষ সকলোকেই দিলা সন্মান ।
হে কৰ'ণা তোমাক প্রণাম
গাঁও-চহৰত চলাইছা মৃত্যুৰ অভিযান
মৰাশৰে ভৰি পৰিছে শ্মাশান
অহংকাৰী -স্বাৰ্থলোভী ভয়ত ম্রিয়মান।
হে কৰ'ণা তোমাক প্রণাম
তুমিয়েই শিকালা জীৱন মাথোঁ দুদিন
টকা-পইচা, দৰ্প- অহংকাৰ অৰ্থহীন
মৰম-চেনেহ -সন্মান থাকে চিৰদিন ।
হে কৰ'ণা তোমাক প্রণাম
ঘৰে ঘৰে তোমাৰেই জয়গান
বিদেশৰ পো-বোৱাৰী স্ব-গৃহলৈ আগমন
আনন্দৰ অশ্রু নিগৰে থাউকতে পাই আপোনজন।
হে কৰ'ণা তোমাক প্রণাম
নাই লিংগ -জাতিভেদ ,এক জনগন
ভেকচিন চেণ্টাৰলৈ সকলোৰে গমন
দীঘল শাৰীত ৰৈ আছে লৈ বিষণ্ণ মন ।
হে কৰ'ণা তোমাক প্রণাম
নিজক চিনিবলৈ দিলা সন্ধান
গঢ়িব শিকালা একতাৰ বান্ধোন
হে কৰ'ণা তোমাক প্রণাম ।