শ্বহীদৰ মাতৃৰ হৃদয়ৰ ব্যাথা-সুমন্ত নায়ক

অসমীয়া সাহিত্যৰ চানেকি
0
 মই শ্বহীদৰ মাতৃয়ে কৈছোঁ। 
যোৱাৰ আগতে লৰা জনে কৈছিল,
মা  নাকান্দিবা  তুমি, 
দুমাহৰ পিছত আহিম উভতি 
এতিয়া যাওঁ ।
কিন্তু যোৱাৰ কিছু দিনৰ পিছত 
বৰফৰ কফিনত সু সজ্জিত
 ফুলৰ মালাৰে উভতি আহিলে ,
নশ্বৰ দেহ, 
মই  শ্বহীদৰ মাতৃয়ে কৈছোঁ। 
মোৰ কাকতি মিনতি বুজিব পৰা নাই 
দেশবাসীয়ে 
হে জন গণ বিশ্বাস কৰা 
দুচকুৰ পানীৰে মোৰ বুকু ভৰি পৰিছে। 
জানো সি আৰু ঘুৰি নাহে 
তথাপি বাৰে বাৰে মাতো 
বুজিছোঁ  সি যে আৰু নাই,
একেবাৰেই  আঁতৰি গৈছে। 
মাথোঁ আছে তাৰ ফটো, 
যি আছে বাকী সকলো মিছা, 
সন্তান  হেৰুৱা  বেদনা জানো বুজিব, 
এক মাত্ৰ হেৰুৱা জনে হে জানে 
কিমান বিষাদৰ বেদনা ।
কোনোবাই কব পাৰিব, 
সন্তানৰ শ্বহীদৰ স্মাৰক। 
মোৰ হৃদয়ৰ কোন ঠাইত ৰাখিম। 
সন্তানৰ  সুখ কি সেইটো মাতৃৰ বাদে 
আন  কোনোবাই জানে জানোঁ। 
মই  গৌৰব কৰিব নাজানোঁ, 
নে কান্দিব নাজানোঁ, 
মই  জানো  এইবোৰ মিছা সান্ত্বনা। 
মই  শ্বহীদৰ মাতৃয়ে কৈছোঁ, 
যাৰ  সন্তান নাই 
তাৰ  মনত একো সুখ নাই, 
মা মই  তোমাৰ শ্বহীদ সন্তানে কৈছোঁ। 
মোৰ বাবে দুখ নকৰিবা 
মা তুমি আৰু নাকান্দিবা। 
তুমি টো  সেই মহীয়সী বীৰ 
প্রসবিনী মাতৃ 
নহলা  হয়  চিৰ দিন 
তেন্তে ভাৰত মাতৃক  লৈ কান্দিলা 
মই  আকৌ আহিম উভতি। 
হে বীৰ শ্বহীদ ,
চিৰ নমস্য তুমি ,
 বীৰ বীৰঙ্গগনা  সৈনিক
অপাৰ শক্তি তোমাৰ
 শ্ৰেষ্ঠ মহান বীৰ 
জয় মহাবীৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)