হেপাঁহবোৰে
আঁচলত ধৰি থাকিবলৈ বাধ্য কৰিছিল
যাওঁ বুলিও কোনেও
যাব পৰা নাছিল আঁতৰলৈ,
বিষাদৰ সেই পুৰণি ৰাগ
সকলোৰে চিনাকি আছিল
আপোন আছিল সেই বাঁহীৰ সুৰ
যি সুৰে বোৱাব পাৰিছিল চকুপানী৷
তথাপিও আঁচলখনে
ঠাই উলিয়াই দিছিল জিৰাবলৈ,
ৰ’দত ছাঁ দিছিল
গৰমত বিচনী হৈছিল
প্ৰয়োজনত মচি দিছিল ঘাম
জগাই তুলিছিল আৱেগ৷
(২)
অচিন ষ্টেচনৰ টিকটটো
পকেটতে ঘামত তিতি গ’ল,
তাক পকেটৰ পৰা উলিওৱাৰ
প্ৰয়োজনবোধ কৰা নাই,
হয়তো মই সলনি হৈছোঁ
হয়তো মোৰ প্ৰিয় নাৰীৰ
চকুপানীৰে দুনাই তিয়াব মন নাই
অচিন ষ্টেচনৰ ৰঙচঙীয়া টিকটটো৷
সেই চকুহালক ফাঁকি দিও কেনেকৈ
যি চকুৰে বৈ থাকে
মোৰ প্ৰিয় নাৰীৰ আৱেগ...