কবিতাৰ সন্ধি, ছন্দ লেখাৰ
আৰেঁ-আৰেঁ।
পৱণে-পৱণে,গগণে-গগণে
গছৰ ডালে-ডালে,পাতে-পাতে
সুৰৰ উল্লসতে।
কবিৰ হৃদয়তে
নিগৰি-নিগৰি ভাহি আহে,
জ্বলি উঠে চিৰদিন
আশাৰ জোনাক।
ডেউকা লগাই,বিভোৰ সপোন সজাই
চৌদিশে পিৰিতিৰ গীত গাই
নীৰৱে-নীৰৱে সঘনাই বুকু তিয়াই।
কবিৰ কবিতাই
শিল কুটি, শিলেৰে সজাই
প্ৰাচীন ঐতিহাসিক দুৱাৰ ভাঙি।
তাতে লিখি যায়, ৰচি যায়
নিৰ্বোধ জনতাৰ,
তিয়াগী বীৰ মহা-পুৰুষৰ ইতিহাস সোঁৱৰাই।
কবিৰ কবিতাই
গীত-গাই উচৰ্গায়
এন্ধাৰৰ পথ!
জ্যোতিৰে পোহৰাই।
ভাল লাগিল কবিতাটি।
ReplyDeleteVal lagil😊
ReplyDeleteExcellent, good job
ReplyDeleteVal lagil
ReplyDelete