এটোপ দুটোপ কৈ…
জিৰ -জিৰকৈ আহি পৰে,
মোৰ ভঙা পঁজাত ।
লাহে লাহে বতাহ জাকেও
ৰং চাব ধৰিলে,
মাটিৰ বেৰ… খেৰিৰ চাল…
বতাহ জাকত ঘৰতো, হালি পৰো পৰো অৱস্থা !
এন্ধাৰ কোঠালীত পোহৰৰ হাহাকাৰ
জ্বলি থকা চাকি গছিও নুমাই যায় ।
বৰ কষ্ট…
বৰ কষ্ট, জীৱনতো আগুৱাই নিৱলৈ,
তথাপিও ভাগৰা নাই ।
আনৰ ঘৰত দিন হাজিৰা
ভাগৰ ভাগৰ কৈ পঢ়াত ব্যস্ত
মধ্যবিত্ত বাবেই চাকৰিৰ অভাৱ ।
জীৱনতো আগুৱাই নিবলৈ, আৰম্ভ কৰিলোঁ
এটা সৰু ব্যৱসায়,
দেউতাৰ ভঙা চাইকেল খনৰে…।
পেডেল মাৰি মাৰি জীৱন পথত…
এজনীৰ প্ৰেমত বেয়া কৈ পৰিলোঁ,
চিঠি লিখা আৰম্ভ কৰিলোঁ…
পিছ দিনা তাইৰ চিঠি খনক লৈ অপেক্ষা !
আমিতো সৰু মানুহ
কিন্তু? সপোন বোৰ বৰ বিশাল…
শুদ্ধ পথত খোজ দিলে
সময়ে উচিত মূল্য দিব ।।
মানুহক সন্মান দিয়ক
মানুহে শুদ্ধ পথ দিব ।।
✍️অজয় লাজা
মিৰ্জা {বৰিহাট}
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ