যোৱা ৩১ অক্টোবৰ তাৰিখ , বুধবাৰ, তেৰ কাতি ৰাতিপুৱা ন বজাত যাত্ৰা কৰিছিলোঁ ধেমাজিৰ পৰা নিজৰ গাড়ীৰে ফেৰীত উঠি ডিব্ৰুগড় হৈ শিৱসাগৰলৈ।কাৰেং চাপৰি ফেৰী ঘাটৰ পৰা দিনৰ চাৰে দহ বজাত এক নৱেম্বৰ তাৰিখে মাৰ ছমহীয়া শ্ৰাদ্ধৰ বাবে মোৰ স্বাস্থ্যজনিত কাৰণত ,দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে মই সিপাৰলৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ দুবছৰ তিনি মাহ যাব পৰা নাছিলোঁ। ইয়াৰ ফলত মই মোৰ মা , দদাইদেউ, দদাইদেউৰ পুত্ৰ প্ৰদীপ ভাইটি আৰু জা অমিয়া বাইদেউক মৃত্যুৰ আগতে শেষ দেখা কৰিবলৈয়ো নাপালোঁ । আনকি মৃত্যুৰ পাছতো মই তেওঁলোকৰ দহা-কাজত গুৰু-ভকতক সেৱা জনাবলৈয়ো যাব নোৱাৰিলোঁ। এয়া মোৰ বাবে দুৰ্ভাগ্যজনক কথা। অলপ দিনৰ পাছত ব্ৰহ্মপুত্ৰৰ ওপৰত নৱ নিৰ্মিত দলঙেদি ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ মাজত ৰে'লগাড়ী আৰু গাড়ী-মটৰ চলাচল সুগম হ'ব। মানুহৰ বাবে ইপাৰ-সিপাৰলৈ অহা-যোৱা কৰাত কোনো অসুবিধা নাথাকিব। তেতিয়া বৰকৈ মনত পৰিব পুৰণি দিনবোৰত কৰা কষ্টকৰ যাত্ৰাৰ কথা।
( যাত্ৰা )
সেইদিনা ফেৰীঘাটত যাত্ৰীৰ বৰ ভিৰ। মানুহ ফেৰীৰ পৰা নামিবলৈ নৌপাওঁতেই উঠিবলৈ হেঁচা-ঠেলা। যেনেতেনে ভিতৰলৈ সোমাই গৈ বহিলোঁ।গাড়ীখন কোনোমতে ফেৰীত উঠোৱা হ'ল। চাৰিখন গাড়ী, পাঁচখন মটৰ চাইকেল, প্ৰায় ডেৰশ মানুহ। গা লৰাব নোৱাৰি। হাতত থকা পানীৰ বটলটোৰ সাঁফৰ খুলি পানী খোৱাৰো অসুবিধা। বাকী বেগত থকা চকলেট,বাদাম উলিয়াই খোৱাৰ কথাই নাহে। মনত আনন্দ..... এঘণ্টামানৰ পাছতে ফেৰীখন সিপাৰৰ ঘাট পাবগৈ; কিন্তু ভবা ধৰণে কথাটো নহ'ল । পাৰলৈ ভালেমান দূৰ বাকী থাকোঁতেই ফেৰীখন লাগি ধৰিল। বৰ গৰম লাগিল। আনহাতে মানুহৰ গাৰ গোন্ধ । সুগন্ধ, দুৰ্গন্ধ দুয়োটা।
( সুমথিৰা টেঙাৰ গোন্ধ )
হঠাতে নাকত লাগিল এটা চিনাকি গোন্ধ ..... সুমথিৰা ওৰফে কমলা টেঙাৰ গোন্ধ। কেঁচা - পকা কমলাৰ মিশ্ৰিত গোন্ধ । কি যে ভাল লগা , লোভনীয়ও! পানীৰ মাজত খাবলৈ মন গ'লেও উপায় নাই । মনটো উৰা মাৰিলে শৈশৱলৈ।পকা সুমথিৰা টেঙাৰ খাং কিনি অনা দেউতালৈ। তেতিয়া আকৌ প্ৰথমে আটাইতকৈ ডাঙৰ কমলাটোলৈহে চকু যায়। ফেৰীত অহা কোনোবা এজনে নিজৰ সন্তানক কমলাৰ বাকলি গুচাই খুৱাবলৈ, ফুচুলাবলৈ চেষ্টা কৰিলে। সৰুতে ব'হাগ বিহুৰ সময়ত ঘৰত হুঁচৰি গাবলৈ অহা সৰু ল'ৰাবোৰে গোৱা শুনিছিলোঁ এফাঁকি বিহুনাম --
" অ' পকা কমলা জহৰলালৰ বঙলা
বাকচ খোলা শুনিছোঁ
শৰাই দিব হ'বলা । "
ফেৰীখন লাগি ধৰাত ৰৈ থাকিবলৈ পাই সকলোৰে আমনি লাগিবলৈ ধৰিলে। চালকে তেওঁৰ লগৰ দুজনমানক পানীত নমাই ঠেলিবলৈ লগালে। অলপ দূৰ গৈ আকৌ লাগে।এনেদৰে সিপাৰ পাওঁতে দুঘণ্টা লাগিল। সুমথিৰা টেঙাৰ গোন্ধটোৱে মোক লগ এৰা নিদিলে।বজাৰত দ'ম হৈ থকা সুমথিৰা টেঙাবোৰলৈ বৰকৈ মনত পৰিছিল । অসমৰ কামৰূপ,কাৰ্বি আলং , যোৰহাট, তিনিচুকীয়া, অৰুণাচল প্ৰদেশৰ আলং , পাছিঘাট আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কেইবা ঠাইতো যথেষ্ট পৰিমাণে সুমথিৰা টেঙাৰ খেতি হয়। এই হালধীয়া ৰঙৰ পকা সুমথিৰা টেঙাৰ বাকলি সহজে গুচাই খাব পাৰি। সেয়ে এই টেঙাক Loose skinned orange বুলি কোৱা হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ