আৰ্তনাদ-অঞ্জনা শইকীয়া

অশান্ত মনে মোৰ প্ৰশান্তি বিচাৰে,
নাজানো কিহৰ তাড়নাত
বিনিদ্ৰা ৰজনী পুৱাই
নাজানো কিহৰ আ‌ৰ্তনাদে বুকু মোৰ 
কপাঁই তুলিছে।
এজাক শিশুৰ কাতৰ ক্ৰন্দনে
পৃথিৱী যেন তোলপাৰ লগাইছে।
এজাক নিষ্পাপ শিশু
যাৰ‌ সপোনে পোখা মেলোতেই 
গছকি নিঃশেষ কৰি পেলালে
কিয়?
ক'ৰণা?
স্বাৰ্থ?
নে..........
ক্ষমতাৰ লিপ্সা?
                                        
 

Post a Comment

Previous Post Next Post