নীলা খামৰ চিঠি-পৰিস্মৃতা পূজাৰী

অসমীয়া সাহিত্যৰ চানেকি
0
প্ৰতি 
  মৰমৰ জান,
       এই জটিল ক্ষণত আশাকৰো তুমি ভালে আছা ।মই ভালে আছো। জানা বহুদিনৰ মোৰত আজি কলমতো তুলি লৈছো  সন্মুখত এখন বগা কাগজ আৰু হৃদয়ত কিছুমান খেলি-মেলি লগোৱা শব্দৰ উচ পিচনি এনেকৈ নীলা নীলা ৰ্বণবোৰৰ মাজত সমস্ত হতাশাবোৰ প্ৰাণ পোৱাৰ হেঁপাহ।তুমি জানানে  জান আজি কলমটো তুলিলৈ হাতখন  কঁপি উঠিছে বিশ্বত ত্ৰাস সৃষ্টি কৰিছে মহামাৰী কৰোনাই।বিশ্বৰ সকলো দেশতে ৰ্বতমান কৰোনাৰ তাণ্ডপ।কিমান যে আত্মীয়জনক হেৰুৱাইছে ।আজি জনতাৰ কাৰফিউ,লকডাউন,কোৱাৰেণ্টাইনৰ দৰে নুশুনা শব্দবোৰে আবৰি ধৰিলে।আৰু!আৰু তাৰ  পিছতে আমি দুয়ো দুয়োৰে পৰা আতৰি থাকিব লগা হ'ল।
  আচলতে! আচলতে আমাক আতৰ কৰোৱা হ'ল।
     উফ আজি বতাহজাকে বৰকৈ আমনি কৰিছে সকলোতে ধূলিৰে ধূসৰীত কৰিছে।আকাশখনো গোমা  মোৰ মনতোৰ দৰে।বোধহয় এজাক ডাঙৰ ধুমুহা আহিব।গৃহবন্দী এই সময়ছোৱাত নিজকে বৰ অকলশৰীয়া যেন অনুভব হৈছে অ'।কৰোনা মহামাৰীয়ে জোকাৰি যোৱা আমাৰ চহৰখনৰ কোনোবা এটা কোনতযেন বন্দী হৈ ৰ'লো।জানা জান সময় আৰু প্ৰকৃতি দুয়োজন প্ৰকৃত শিক্ষক যি আমাক বহু কথাই শিকাই যায়।কৰোনা বিশেষ একো নহয় পৃথিৱীৰ মলিনতা  যি আমি মানুহেই সৃষ্টি কৰিছো হিংসা হত্যা কপততাই।তাৰ পিছতো নিজৰ সুখ বিছাৰি বিভুল হৈ পৰো।আমনি পাইছা ন তুমিতো জানাই মই কথা ক'লে অন্তই নপৰে আৰু কি জানা তুমিযে সদায় মোক বুজোৱা  তাৰে প্ৰভাব পৰিছে সেয়া চিঠিৰ যোগে প্ৰকাশ পাইছে।মই জানো তুমি মোক বুজা উপলদ্ধি কৰিব পাৰা সেয়ে তুমি মোৰ হয়।
   বিগত পাঁচতা বছৰৰ কথা বোৰ ভাবাচোন লগপোৱােৰ পৰা অ'লৈ ত'লৈ তহল দি ফুৰা আমাৰ স্মৃতিবোৰৰ কথা আজি যেন সকলো চিৰাল ফাট দি  আহিছে  সকলো গুপোত কথা।বাৰু বাদ দিয়া বাকিবোৰ গৃহ বন্দীৰ এই সময়ছোৱা তুমি কিদৰে কটাইছা অ'হ তোমাকনো সুধিব লাগেনে তুমিতো বহুত ব্যস্ত ঘৰখনৰ পৰা আতৰি থাকিব লগা হৈছে তুমাৰ কামৰ বাবে। মহামাৰী লগত যুঁজদিয়া ৰোগীলগত ব্যস্ত এতিয়া তুমি।আমাৰ খবৰ ল'ব সময় নহয় হ'ব মই বুজিপাওঁ ।তুমি কুশলে থাকা তাৰে প্ৰৰ্থনা কৰো ভগৱানৰ ওচৰত।তুমি মোৰ কাৰনে চিন্তা নকৰিবা মই ঘৰতে আছো ক'তো উলাইযোৱা নাই মা দেউতা ভন্তীৰ সৈতে সময় পাৰ কৰিছো ।গান গাওঁ কাপোৰ চিলাও ঊণগুঠো অ'হ মই আজিকালি চবি আঁকিব শিকিছো নহয় তুমি আহিলে দেখাম দে ।আচলতে লকডাউনে আমাক পৃথক কৰা নাই বৰং একাত্ম হ'বলৈ সিকাইছে ঘৰৰ মানুহখিনিৰ সৈতে।
 জান ভাল হ'ব পৃথিৱীৰ অসুখ ।এদিন  আকৌ স্বাভাৱিক হ'ব সকলো।
তুমি আৰু মই পুনৰ নৈ বৈযোৱা সোঁতত আমাৰ হেঙুলীয়া সপোনবোৰ বিছাৰি।তুমাৰ হাতত হাত থৈ বহিম নিৰিবিলি নৈৰ পাৰত  দুয়োয়ে চাই ৰম অস্তৰাগৰ বেলি।
         ইতি 
     তোমাৰ পৰি
                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)