বিস্ময়কৰ কুৱান টাইত এবেলা-চুমিন্দ্ৰ চৌধুৰী

অসমীয়া সাহিত্যৰ চানেকি
0

 বিগত ২০১৯ চনৰ এপ্ৰিল মাহত অবসৰ বিনোদনৰ বাবে দেশী বিদেশী সকলো পৰ্যটকৰ মন পছন্দৰ পূব এছিয়াৰ দুখন ঠাই পৰিয়ালসহ ফুৰিবলৈ গৈছিলো ৷ এই যাত্রাৰ কালত এছিয়াৰ লজ ভেগাছ বুলি খ্যাত ঠাইখনৰ বিশ্ময়কৰ জুৱাৰ আদ্দাত কটোৱা কিছু মুহূৰ্তৰ অনুভৱৰ লগতে ঠাইখনৰ ইতিহাসৰ  বিষয়ে আজি আপোনালোকক অৱগত কৰাব বিচাৰিম ৷
কেইবাশ বছৰ আগত জংগ্ও ( পুৰণি চীন )দেশৰ দক্ষিণৰ  জিউগং (পাৰ্ল ) নদীৰ মোহনাত থকা উপদ্বীপ ও মুনৰ পৰা কেইজনমান মাছমৰীয়াই সাগৰলৈ মাছ ধৰিবলৈ গৈছিল ৷ পাছে সেইদিনাখন দুৰ্ভাগ্যবশত মাছমৰীয়া কেইজন সাগৰৰ মাজত এক প্ৰৱল ধুমুহাৰ সন্মুখীন হৈছিল ৷ আপ্ৰাণ চেষ্টা কৰিও  নৌকাখন ধুমুহাৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ বিফল হোৱাত তেওঁলোক হতাশ হৈ পৰিছিল ৷ সেয়েহে মনত সাহস গোটাবলৈ মাছমৰীয়া সকলে ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল ৷ তেওঁলোকৰ সেই প্ৰাৰ্থনাৰ মাজতে  আকস্মিক ভাৱে নৌকাখনত এজনী দীপলিপ ছোৱালীৰ আবিৰ্ভাৱ হৈছিল ৷ সম্পূৰ্ন বগা সাজ পোচাক পৰিধান কৰি অকস্মাতে আবিৰ্ভাৱ হোৱা ছোৱালীজনীক দেখি মাছমৰীয়া সকল স্তম্ভিত হৈ পৰিছিল ৷ মাছমৰীয়া সকলক নিৰ্ভয় দি ছোৱালীজনীয়ে বতাহৰ দেবতাক শান্ত হবলৈ আদেশ দিছিল ৷  ছোৱালীজনীৰ আদেশত,লাহে লাহে বতাহ সামকাটিব ধৰিছিল আৰু মাছমৰীয়াসকল  নিৰ্বিঘ্নে গৈ হৈ কিয়াংৰ বন্দৰত উপস্থিত হৈছিল ৷ও মুনৰ সমূদ্ৰৰ তীৰত নৌকাখন ৰখাৰ লগে লগেই দীপলিপ ছোৱালীজনী চিধাই ওচৰৰ বাৰা পৰ্বতৰ ফালে গুচি গৈছিল ৷  মায়াৱী সুন্দৰী ছোৱালীজনীয়ে পৰ্বতখনৰ সুউচ্চ শৃংগটোৰ পৰা দুহাত মেলি দিপ্তীমান  আকাশলৈ  উৰামৰা প্ৰত্যক্ষ কৰি মাছমৰীয়াসকল আশ্চৰ্য্য হৈছিল ৷ তেতিয়া মাছমৰীয়াসকলে সেই ত্ৰাণকৰ্তা দীপলিপ ছোৱালীজনী দৰাচলতে সাগৰৰ দেৱী মাত্জু বুলি বুজি পাইছিল ৷
এই ঘটনাৰ লগত সংগতি ৰাখি কেইবাশ বছৰৰ পাছত ১৪৪৮ খ্ৰীষ্টাব্দত স্থানীয় বাসিন্দাসকলে ও মুনৰ বাৰা পৰ্বতৰ কাষৰ সমূদ্ৰৰ তীৰত সেই স্থানতে সাগৰ দেৱী মাত্জু আৰাধনাৰ কাৰণে আ মা গাও ( স্থানীয় কেন্ট'নেচে ভাষাত মাৰ আবাস ) অসামৰিক মন্দিৰটো সাজি  দৈনিক পূজা সেৱা আগবঢ়াব লৈছিল ৷
    ১৫৫৭ খৃষ্টাব্দত মিং ৰাজবংশৰ শাসনকালত পৰ্টুগীজ বনিকৰ এটা দল আহি গুৱাঙদং প্ৰভিন্সৰ এই  ও মুনৰ সমূদ্ৰৰ তীৰতে জাহাজৰ লঙ্গৰ পেলাইছিল ৷ পৰ্টুগীজ নাবিক সকলে স্থানীয় লোকক সমূদ্ৰ দেৱীৰ মন্দিৰৰ ফালে ঠাইখনৰ নাম কি বুলি সোধাত   ভূল বুজি আ মা গাও আ মা গাও বুলি ক'লে ৷ এই  পৰিঘটনাটোৰ পাছতে পৰ্টুগীজ সকলৰ পৰা  ঠাইখনৰ নাম পৰবৰ্তীকালত মাকাও বুলি খ্যাত হৈ পৰিছিল ৷ পৰ্টুগীজ সকলক সেই সময়ৰ চীনৰ মিং সম্ৰাট জিয়াংজিঙে মাকাও বন্দৰটো ভাৰাত লৈ  দি বেপাৰ বাণিজ্য কৰিবলৈ অনুমতি প্ৰদান কৰাত এই  উপদ্বীপটো লাহে লাহে  বিশ্বৰ এখন প্ৰসিদ্ধ বানিজ্যিক চহৰলৈ পৰিগণিত হৈছিল ৷ চীনত মিং ৰাজবংশৰ ঐতিহাসিক পতন ঘটাৰ পাছত দুৰ্বল কিং ৰাজবংশৰ শাসনকালত পৰ্টুগালে সুবিধা বুজি ১৮২২ খ্ৰীষ্টাব্দত মাকাওৰ শাসন ব্যৱস্থা সম্পূৰ্ণ ভাৱে  নিজৰ হাতলৈ নিবলৈ সমৰ্থ হৈছিল ৷ এই মাকাওৰ চহৰখনত খোপনি পুতি পৰ্টুগীজ সকলে একাদিক্রমে  জাপানৰ পৰা শিল্পকলাৰ সামগ্ৰী, চীনৰ পৰা ৰেচম আৰ চাহপাত,  ভাৰতৰ পৰা মা মছলা, ব্ৰাজিলৰ পৰা সোন আৰু আফ্ৰিকাৰ পৰা হাতীৰ দাঁত ইউৰোপৰ দেশসমূহলৈ ৰপ্তানি কৰিছিল ৷ পৰ্টুগীজ সকলে মূল ভূখন্ড চীনৰ মাকাওত উপনিবেশবাদৰ সূচনা কৰি পূব এছিয়াৰ বানিজ্যিক ক্ষেত্ৰখনত এক নৱজাগৰণৰ সূচনা কৰিছিল ৷ লাহে লাহে মাকাও চহৰখনৰ ওপৰত চীনৰো নিয়ন্ত্ৰণ অস্তমিত হৈ পৰিছিল ৷
 সময় গতিশীল, সময়ৰ চকৰিত উত্থান আৰু পতনৰ লুকাভাকুবোৰ চিৰন্তন প্ৰক্ৰিয়া ৷ ১৯৭৪ চনৰ ২৫ এপ্ৰিল তাৰিখটো পৰ্টুগীজৰ ৰাজনৈতিক ইতিহাসৰ এটা অবিস্মৰণীয় দিন ৷ এই দিনটোতে ৰাজধানী লিচবনত দেশখনৰ সামৰিক শক্তিয়ে পুঁজিবাদী দূৰ্নীতিগ্ৰস্ত এষ্টাডো নভো শাসন ব্যৱস্থাৰ অন্ত পেলাই গনতান্ত্ৰিক শাসন ব্যৱস্থাৰ পাতনি মেলে ৷ এই ৰাজনৈতিক কাৰ্নেচন বিপ্লৱৰ পাছত পৰ্টুগালৰ নতুন উদাৰমুখী শাসন ব্যৱস্থাই পূৰণি উপনিবেশবাদৰ অন্ত পেলাই মাকাও চহৰখনৰ শাসন ব্যৱস্থা ১৯৯৯চনত সম্পূৰ্ণ ভাবে চীনৰ হাতত অৰ্পণ কৰে ৷  মাকাও চহৰখনক বিশেষ প্ৰশাসনিক অঞ্চল ঘোষণা কৰি ৫০বচৰলৈ চহৰখনৰ কোনো আভ্যন্তৰীণ,কলা,সংস্কৃতি,ধৰ্ম আৰু বানিজ্যিক বিষয়ত চীনে হস্তক্ষেপ নকৰিব বুলি আশ্বাস দিছে ৷ পাছে মাকাওৰ নিজা মূদ্ৰা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত আছে যদিও সাংবিধানিক আৰু সামৰিক ৰক্ষাৰ কৱচ আছে কিন্ত চীনৰ হাতত ৷ মাকাওলৈ যাবলৈ ভাৰতীয়ৰ বাবে কোনো আগতীয়া ভিছা লোৱাৰো প্ৰয়োজন নাই ৷  মাকাওৰ মুদ্ৰা, পটাকা ( Macaunese Pataca, MOP)  মূল্য ভাৰতীয় মুদ্ৰাৰ তুলনাত বহুগুণ বেছি ৷ আমাৰ ১০০টকাৰ মূল্য মাত্র ৯.২৪ পটাকা ৷ চীনৰ দক্ষিণ সাগৰৰ উপকূলৰ  উপদ্বীপ মাকাও ত  উপস্থিত হৈয়েই ৰোমাঞ্চিত হৈ পৰিছিলো ৷ ঐতিহ্যমণ্ডিত হংকঙ চহৰৰ পশ্চিমত পাৰ্ল নদীৰ মোহনাৰ  আকৰ্ষণীয় মাকাও চহৰখনৰ সৌন্দৰ্য্যত মই এক প্ৰকাৰ মোহাচ্ছন্ন হৈ পৰিছিল ৷ উৰণীয়া সেতুৰে মাকাওৰ পৰা  ৫৫ কি:মি: দূৰৈত থকা হংকঙ মহানগৰৰ লগতে  ১২ কি:মি: দূৰৈৰ কোটাই আৰু টাইপা দ্বীপলৈ যাত্রা কৰাৰ বৰ্ণিল অভিজ্ঞতা চিৰ স্মৰণীয় হৈ ৰ'ব ৷ মাকাও চহৰখনৰ ভিতৰত চলাচল কৰা প্ৰায়বোৰ ক্রূজ আৰু গাড়ী মটৰেই বৈদ্যুতিক শক্তি চালিত হোৱাৰ কাৰণে বায়ু আৰু শব্দ প্ৰদূষণ নগন্য বুলিব পাৰি ৷ স্বচ্চ চহৰখনৰ প্ৰত্যেকটো বাছ , টেক্সি আস্থান আৰু জাহাজ ঘাটত মাকাও বিশেষ প্ৰশাসনিক অঞ্চল চৰকাৰৰ পৰ্য্যটন বিভাগৰ স্বেচ্ছাসেৱক আৰু সেৱীকা অহৰ্নিশে কৰ্তব্যৰত হৈ থাকে ৷  পৰ্য্যটকৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সৌজন্যতাবোধ আৰু আতিথ্যতা সচাঁকৈয়ে শলাগিব লগীয়া ৷এই যাত্রাৰ কালত তিনি দিনৰ ভিতৰত  চহৰখনৰ বিভিন্ন আকৰ্ষণীয় পৰ্য্যটন কেন্দ্ৰ মাকাও মিনাৰ, ভেনিছীয়ান মাকাও,  আ মা গাও মন্দিৰ, কুন লাম ( অৱলোকিতেশ্বৰ) বৌদ্ধ মন্দিৰ, কুৱান টাই সামৰিক মন্দিৰ , হং কুঙ টাও জিয়াম মন্দিৰ আৰু চেন্ট প'লৰ ভগ্নাৱশেষ দৰ্শন কৰাৰ সৌভাগ্য ঘটিছিল ৷ 
 চহৰখনৰ  ভেনিছীয়ান মাকাও  এখন বিশ্ব বিশ্ৰুত  জুৱা খেলৰ ৰিজৰ্ট ৷ প্ৰায় এক লাখ বৰ্গ মিটাৰ মাটি কালিৰ এই ৰিজৰ্টখনত মুঠতে তিনি হেজাৰ আবাসী কোঠাৰ লগতে চাৰি হেজাৰ কেচিন' মেচিন , আঠশখন জুৱাৰ টেবুল আৰু পোন্ধৰ হেজাৰজনৰ  জুৱাৰীৰ বাবে আসনৰ ব্যৱস্থা আছে ৷ ২০০৭ চনত বনোৱাৰ ঊনচল্লিশ মহলীয়া এই ৰিজৰ্টখনৰ ভিতৰত কৃটিম জলপথৰে নৌকাবিহাৰ কৰি এটাৰ পৰা আনটো  আবাসলৈ যাব পাৰি ৷ নাৱৰীয়াৰ সুৰীয়া গানেৰে কৰা এই নৌকা বিহাৰক গোনদোলা বুলি কোৱা হয় ৷ দৰাচলতে প্ৰসিদ্ধ ভেনিচ চহৰৰ আৰ্হিত বনোৱা বাবেই এই ৰিজৰ্টখনৰ নাম ভেনিছীয়ান মাকাও ৰখা হৈছিল ৷ ৰিজৰ্টখন ভিতৰতে ৰ কিছুমান জাগাত কৃটিম ভাবে মৰুদ্যান, জয়াল মাজনিশাৰ অথবা অটব্য বৰ্ষাৰণ্য  দৰে পৰিবেশ বনাই ৰখা হৈছিল ৷ বিভিন্ন নামী দামী ব্ৰেণ্ডৰ সামগ্ৰীৰে ভৰা এই ৰিজৰ্টখনৰ ভিতৰত থকা  বজাৰখনৰ লগতে, থিয়েটাৰ হ'ল, অহৰ্নিশে চলি থকা গান বাজনাৰ মঞ্চ পৰিবেশন, আন্তৰাষ্ট্ৰীয় চাৰ্কাছ প্ৰদৰ্শণে সকলো পৰ্য্যটককে আকৰ্ষিত কৰি তোলে ৷  জানিব পৰা মতে চীনৰ অৰ্থনীতিত মাকাওৰ এই জুৱাখেলৰ ৰিজৰ্ট খনৰ বিশিষ্ট অৱদান আছে ৷
         পাছে এই সকলোবোৰ আকৰ্ষণীয় মঠ-মন্দিৰ আৰু পৰ্য্যটনৰ কেন্দ্ৰৰ ভিতৰত কুৱান টাই সামৰিক মন্দিৰ দৰ্শনৰ অভিজ্ঞতাখিনি সকলোতকৈ অনন্য আৰু অবিস্মৰণীয় আছিল ৷ 
খ্ৰীষ্ট পূৰ্ব ২০৭০ চনত কিম্বদন্তিত ইউৱে চীন দেশৰ স্থাপনা কৰি জিয়া ৰাজবংশৰ শাসনকালৰ পাতনি মেলিছিল ৷ পৰবৰ্তীকালত বিগত পাঁচ হেজাৰ বছৰত চাং, ঝৌ,কিন, হান, ছয়, চুই,টেঙ,পাচ,চঙ, য়ুৱান, মিং আৰু কিং ৰাজবংশৰ ঐতিহাসিক শাসনকালত চীনৰ ভৌগোলিক ৰাজনৈতিক,অৰ্থনৈতিক, ধৰ্মীয়, ভাষিক আৰু কলা সংস্কৃতিৰ দিশত আমূল পৰিৱৰ্তন ঘটিছিল ৷ জিয়া ৰাজবংশৰ শাসনকালতে মহাত্মা শাক্যমুনি বুদ্ধই চীনত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ যোৱাৰ জনপ্ৰবাদ আছে ৷ কিন্ত বহু জনে আকৌ মতে ঝৌ ৰাজবংশৰ শাসনকালত ঐশ্বৰিক গুৰু জাঙ্গ ডৌলিঙগে টাও জিয়া ধৰ্ম আৰু কিম্বদন্তিত কনফুচিয়াছে কনফুছিয়ান ধৰ্ম ৰচনা কৰিছিল বুলিহে ক'ব বিচাৰে ৷ ইয়াৰ বহু বচৰ পাছত হান ৰাজবংশৰ শাসনকালত চীনৰ  সমাজে যাদু মন্ত্ৰ,  ভুত পিশাচৰ অপশক্তিৰ পৰা নিস্তাৰ পাবলৈ বিশ্বাসৰ আধাৰত প্ৰাকৃতিক শক্তি আৰু প্ৰবৃত্তি যেনে ৰ'দ বতাহ,  বৰষুণ, জুই, লোভ,  মোহ আৰু ঐশ্বৰ্য্যৰ এজন এজন কাল্পনিক অধিকাৰিক পুঁজিব লৈছিল ৷ পাছলৈ এই পৰম্পৰাগত বিশ্বাসকে চীনৰ লোক ধৰ্ম বুলি কোৱা হৈছিল ৷ এই লোক ধৰ্মত  বিশ্বাসী লোক সকলৰ বাবে সামৰিক আৰু অসামৰিক দুখন পৃথক পৃথক উপাসনাৰ থলী ( ৱেনৱু মিয়াও)  থাকে ৷ অসামৰিক মন্দিৰ বোৰত প্ৰাকৃতিক শক্তিৰ অধিকাৰী দেৱ দেৱীক পূজা কৰা হয় ৷ কিন্ত সামৰিক মন্দিৰ সমূহৰ বিশেষত্ব অতিকেই নিদৰ্শনীয় ৷ চীনৰ লোক ধৰ্ম মতে ৰজা আৰু শাসন কৰ্তাক  বাদ দি যিসকলে দেশৰ শান্তি, সুৰক্ষা আৰু প্ৰগতিৰ বাবে অতীত নিদৰ্শন ৰাখি গৈছিল তেওঁলোকক সমাজ সংস্কাৰী ভগৱান বুলি আক্ষা দিয়া হয় ৷  জনসাধাৰণে দেশভক্তি আৰু সমাজ কল্যাণৰ প্ৰতি অনুপ্ৰানিত হ'বলৈ দেশৰ চুকে কোনে সামৰিক মন্দিৰ সাজি অতীতৰ সেই মহান লোকসকলৰ প্ৰতিমাক পূজা অৰ্চনা কৰা হয় ৷কোনো ৰজা অথবা শাসন কৰ্তাই যাতে ৰাজকোষৰ ধন ভাঙি নিজৰ নামত মন্দিৰ বনাব নোৱাৰে তাৰ বাবেই হয়তো তেওঁলোকৰ নামত মন্দিৰ বনোৱা চীনৰ লোক ধৰ্মত অনুমতি দিয়া হোৱা নাছিল ৷
               মাকাওৰ তেনে এটি সামৰিক মন্দিৰ কুৱান টাই দৰ্শন কৰি অভিভূত হৈ পৰিছিলো ৷ এই মন্দিৰটো পূবৰ হান ৰাজবংশৰ শাসনকালৰ সম্ৰাট লু বেইৰ প্ৰধান সেনাপতি গুৱান উৰ নামত উৎসৰ্গিত ৷ মন্দিৰ ভিতৰত  উল্লেখ থকা এই পৰাক্রমী, বুদ্ধিমান, আৰু দেশপ্ৰেমিক সেনাপতি জনৰ  গৌৰাম্বিত ৰোমাঞ্চিত জীৱন-গাঁথা পঢ়ি গাৰ নোম শিয়ঁৰি উঠিছিল ৷ এই বীৰ জনাৰ বৰ্ণিল বীৰত্বৰ ইতিহাসে নিঃসন্দেহে এজন মানুহৰ অন্তৰত দেশ আৰু জাতিৰ প্ৰেম বীজ ৰোপণ কৰিব পাৰে ৷ আমাৰ নিজৰ ৰাজ্যখনতে যদি বীৰ  লাচিত,  মূলাগাভৰু, গোমধৰ কোঁৱৰ, চিলাৰায় আৰু কনকলতাৰ দৰে আদৰ্শৰ প্ৰতীক সকলৰ মন্দিৰ বনাই সমাজৰ লোকক অনুপ্ৰানিত কৰিব পৰা গ'ল হেতেন ৷ কিন্ত দুখৰ কথা আজি ৰাজ্যখনৰ মহিমামণ্ডিত দেৱালয় সমূহত দালালৰ দপদপনিত যাব নোৱাৰৰ অবস্থা ৷ অথচ বিদেশৰ মন্দিৰ সমূহত দেশী বিদেশী পৰ্য্যটকে ভিৰ দি থাকিলেও শান্ত সৌম্যৰ পৰিবেশ বিৰাজমান হৈ থাকে ৷ আমাৰ জন নেতা সমূহে ৰাইজৰ ধন ভাঙি বছৰি চৰকাৰী কামৰ আলম লৈ  দেশ বিদেশলৈ যায় ৷  তেওঁলোকে এনেধৰনৰ নিদৰ্শন সমূহ কঢ়িয়াই আনি সমাজক উপকৃত কৰিব পাৰে ৷ আমি দৰাচলতে বেলেগৰ পৰা শিকিবলৈও বহুত শিকিব লগীয়া আছে ৷
 
ধন্যবাদ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)