হৃদয়ৰ একোনত তুমি(০৪)-বিপাশা বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
আমি দুয়ো প্ৰথম দিনাৰ পৰাই স্কুললৈ একেলগে গৈছিলো।মোৰ মা আৰু ৰিচিৰ মায়ে আমাক থবলৈ গৈছিল।আমাৰ স্কুল প্ৰায় ঘৰৰ পৰা এক কি:মি: মান আতঁৰত আছিল।প্ৰায় এমাহ মানৰ পাছৰ পৰা কেতিয়াবা ৰিচিৰ দেউতা আৰু কেতিয়াবা মোৰ দেউতাই আমাক  স্কুলত থবলৈ গৈছিল।স্কুলত আমাৰ দুয়োৰে বন্ধুত্ব দেখি চবেই চক খাই যায়,বহুত মৰম আমাৰ মাজত।এটা টিফিনকে আমি দুয়ো ভগাই খাও,স্কুলৰ জিৰণি সময়ত মই তাইৰ চুলিখিনি থিকথাক কৰি দিওঁ।মোতকৈ অৱশ্যে তাই পঢ়াত চোকা আছিল,পৰীক্ষাত আমি প্ৰায় একেলগে বহিছিলো,তাই লিখাখিনি মই কপি কৰিছিলো।এবাৰ কি হৈছিল, তাই আৰু মোৰ বহী চাই মেম'এ আমাক তেওঁৰ ৰূমত মাতি লৈ গৈছিল আৰু দুয়ো ভয়ে ভয়ে গৈছিলো।দুয়োকে মেম'এ বহুত গালি পাৰিছিল আৰু দুয়ো তলমূৰ কৰি সকলো শুনি গৈছিলো,তেতিয়ালৈকে আমি বহুত শান্ত।মেমৰ ৰূমৰ পৰা ওলাই আহি দুয়ো ইটোৱে সিটোৰ মুখলৈ চালো,আপোনা আপোনি হাঁহি উঠি গ'ল।ৰূম পোৱালৈকে ইমানেই হাঁহিলো দুয়ো,যে আন ল'ৰা-ছোৱালী বিলাকে আমাক দেখি আচৰিত,হয়তো, আমাৰ হাঁহি দেখি আচৰিত হ'বই।

আমাৰ দুয়োৰে এটা বহুত ডাঙৰ মিল আছিল।আমি দুয়ো সৰুৰে পৰাই কবিতা লিখিছিলো।তাই কোৱা মতে মই বোলে তাইতকৈ ভাল কবিতা লিখিছিলো,তাই কয়-"তই উৎকৃষ্ট কবিতা লিখ।"মোৰ প্ৰতিটো কবিতাই তাই পঢ়ে আৰু গালখনত জোৰেৰে চিকুটি কয়-"ইমান ৰোমান্টিক কেনেকৈ লিখ অ?মই জনাতটো তোৰ কোনো বুকুৰ আপোন নাই,নে তই মোৰ পৰাও লুকুৱাই ৰাখিছ?"আৰু দুয়ো হাঁহো।তাইয়ো মোক তাইৰ প্ৰতিটো কবিতা পঢ়িবলৈ দিয়ে আৰু কয়-"শব্দবোৰ চাই দিবিছোন কৰবাত সলাব লাগিব নেকি?"মই তেতিয়া তাইক গালি দিও।তোৰ কবিতাৰ অনুভৱবোৰ তোৰ আৰু শব্দবোৰ তোৰ নিজস্ব,আগলৈ তই এনেকুৱা ভুল কেতিয়াওঁ নকৰিবি দেই,তই লিখা শব্দবোৰৰ পৰিবৰ্তন কৰিবলৈ কাকো নিদিবি...শব্দবোৰত তোৰ নিজস্বতা সোমাই থাকে।যাৰ বাবে মই তোৰ কবিতাবোৰ পঢ়িলে তাত তোক বিছাৰি পাৱ।তেনেকৈ ক'লেই তাই মোক খং কৰে..আৰু তাইৰ খংবোৰ মোৰ ভাল লাগে।তাইৰ খং উঠিলে মই তাইৰ চুলিখিনি চুই থাকো আৰু কওঁ খং কিয় কৰনো মোৰ কবিতাবোৰ তোৰ নহয় নেকি?তাই তেতিয়া লাহেকৈ অলপ হাঁহে।

       আমি এতিয়া ডাঙৰ হৈছো ক্লাচ নাইন পালোহি,পঢ়াৰ দায়িত্বও বাঢ়ি গৈছে।ৰিচিয়ে আগতকৈও বেছি মনোযোগ দি পঢ়িছে,আৰু মই পঢ়াতকৈ বেছি কবিতাবোৰক গুৰুত্ব দিছিলো।তাই মোক প্ৰায়েই কয়-"এই কেইদিন পঢ়াত অলপ মনোযোগ দে,কবিতা পাছত লিখিবি কিন্তু মই পঢ়াৰ কিতাপ মেলি সদায়েই কবিতা লিখো যাৰ বাবে মোৰ পঢ়াত মনোযোগ আগতকৈও কমি গৈছিল।সদায়েই ভাবো আজিৰ পৰা পঢ়িম কিন্তু মোৰ মনবোৰ বাৰে বাৰে সলনি হৈ যায়।আজি কালি আমি দুয়ো খুউব ব্যস্ত..তাইৰ ঘৰ মোৰ সন্মুখতে যদিও এতিয়া আমাৰ অহা-যোৱা খুউব কম কাৰণ তাই পঢ়ি থাকে বাবে মইয়ো অশান্তি দিবলৈ গৈ বেয়া পাওঁ।তাই লাহে লাহে পঢ়াৰ মাজতে সোমাই গৈছে আৰু মই কবিতাবোৰৰ মাজত।দুয়ো এতিয়া কেৱল স্কুললৈ যোৱাৰ পৰা অহাৰ সময়খিনিহে লগ পাওঁ।ব্যস্ততা ইমানেই বাঢ়িছিল যে কেতিয়াবা বন্ধৰ দিনত আমি ঘৰৰ চোতালখনো নেদেখো।মানুহবোৰৰ লগত মিলা-মিছা কৰি ভাল নল'গা হ'ল...মোৰ দৰে ৰিচিয়েও ভাল নাপাইছিল।আমি দুয়ো একে চৰিত্রৰেই আছিলো কিজানি সৰুৰে পৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)