চিলা-প্ৰিয়ংকা চমুৱা

তুমি হয়তো মনগহনৰ 
হেঙুলীয়া ৰাগত দেউ দি 
জীৱনৰ সপোন ৰছা ফুটুকী পখিলা
মই হ'লো আকাশৰ পৰিধি বিচৰা
দিনযাপনৰ অৱগুন্ঠ চিলা
হেঁপাহৰ অমিয়া ৰাগ খেপিয়াই
এবাৰ বিচাৰি চালে
মোক তোমাৰ দুপাখিতে পাবা
মনৰ উচাতন ৰাগীত
তোমাৰ উদ্বাউল দুপাখি গুজি দিয়া
মই এটি সুহুৰি হৈ সামৰিম তোমাৰ ভালপোৱা ।

Post a Comment

Previous Post Next Post