জীৱনে শিকায় জীৱনে বুজায় জীৱন যে বুজাব নোৱাৰা এক অনন্য যাত্ৰা। সুখ,দুখ, হাঁহি, ৰং-ধেমালিৰ মাজেৰে জীৱন পৰিক্ৰমা অবিৰত এক প্ৰক্ৰিয়া। গতিকে নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰি নিজৰ কৰণীয় কাৰ্য সমূহ সূক্ষ্ম ভাৱে কৰি গ'লে তাতে বিচাৰি পোৱা যায় প্ৰকৃত জীৱনৰ মধুৰ তৃপ্তি ও আনন্দ। যিখিনি পাইছোঁ বা আছে তাতেই সন্তুষ্ট থাকি নিজৰ লগতে পৰিয়ালটো সুন্দৰ ভাৱে চলাই সাধ্য অনুযায়ী বিপদৰ সময়ত আনক সহায়ৰ হাত আগবঢ়ায় দিব পৰা জনে হ'ল পৃথিৱীৰ ভিতৰত চহকী আৰু সুখী ব্যক্তি। মানৱ জীৱন কচু পাতৰ পানীৰ দৰে, কোনে জানে কাৰ কপালত কি লিখা আছে!এই দুদিনীয়া জীৱন কালছোৱাত নিজকে চহকী বা সৰ্বেসৰ্বা বুলি নাভাবি সহজ সৰল মনোভাৱ লৈ জীৱন নিৰ্বাহ কৰিবলৈ শিকা উচিত তেতিয়া নিজৰ লগতে আন দহজনে আপোনাৰ সেই মহানুভূতিত আপ্লুত হৈ তাকেই অনুসৰণ কৰি সংশোধন হ'বলৈ প্ৰয়াস কৰিব। যদি কেতিয়াবা
নিজৰ কৰ্ম দক্ষতাক লৈ আন কোনোৱে ঠাট্টা বা ইতিকিং কৰে তেতিয়া সেই ব্যক্তি সকলক নিজৰ কৰ্ম দক্ষতা সূক্ষ্ম ভাৱে কৰি সফল ৰূপত প্ৰতিষ্ঠিতহৈ কামেৰে প্ৰত্যুত্তৰ দিব লাগিব তেতিয়া সেইসকলে বুজি উঠিব যে কৰ্মক লৈ ঠাট্টা বা ইতিকিং কৰা উচিত নহয়। গতিকে আমি শুদ্ধ পথত থাকি নিজৰ কৰ্মক সৰু, বৰ তুলনা নকৰি গুৰু দায়িত্ব মানি কৰি গ'লে জীৱনটো মধুৰ আৰু সফল ৰূপত প্ৰতিষ্ঠিত হ'ব পৰা যায় বুলি ভাবোঁ।
✍🏻কনমনি নাথ(বাক্সা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ