তুমি হেৰাই গ'লা---গম নাপালোঁ
তুমি আঁতৰি যোৱাৰ কথা
কোনেও নজনালে মোক।
কল্পনাত বিচৰাখিনি
বাস্তৱত পালানে নাই নাজানিলোঁ
জীৱন জুখিবলৈ কি বাকী থাকিল
সেই কথা নজনালা তুমি ?
নাজানিলোঁ প্ৰণয় প্ৰেমিকা কোন,
জানিব বিচৰা নাছিলোঁ
ক'ব লগা কথা খিনি অনুভৱতে থাকিল
তোমাক একোকে নক'লোঁ ।
পৰেনে মনত তোমাৰ
ল'ৰালিৰ ধেমালিৰ কথাবোৰ
শৈশৱৰ নিলাজি বনৰ দৰে মনবোৰ
আজিও একেদৰে আছেনে সেই মন ?
লৰালিৰ সোণোৱালী দিন
কেতিয়াবাই আঁতৰি গ'ল কাষৰ পৰা
তুমি গাভৰু হোৱাৰ কথা
গম পোৱা নাছিলোঁ মই ।
জীৱন কিমান নিৰস আজিহে বুজিলোঁ
তুমি কেতিয়া আঁতৰি গ'লা
সেই সময় একেবাৰে গম নাপালোঁ
হিচাপ নকৰিলোঁ মই ।
শৈশৱলৈ ৰিণি ৰিণি পৰিছে মনত
সেই বাবে বিচাৰিছোঁ তোমাক,
আকুলতাৰ মাজত
এদিন নিশ্চয় লগ পাম জীৱনৰ বাটত।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ