ঘুমটি যিমানে গধুৰ হয়
সপোন সিমানে মধুৰ হয়
তোমালোকে মোক কেৱল সপোনহে দেখুৱালা
ভীষ্মৰ শৰশয্যাত শুৱাই,
যেতিয়া ত্ৰিৰঙ্গা পতাকা উৰুৱাই
স্বদেশ আৰু স্বজাতিৰ কোলাত মোক জনম দিছিলা
মই পৃথিৱীৰ আটাইতকৈ সুখীবোধ কৰিছিলো।
কিন্তু সেয়া যে ভ্ৰম
আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ
জী জী মৰিছোঁ
যাৰ যি অভ্যাস মৰিলেহে লগত যায়
গোলামৰ গোলামী গুচিল !
কিহত আত্ম নিৰ্ভৰশীল হʼব পাৰিছা
কি আদব কায়দা অক্ষুন্ন ৰাখিছা
সকলো দি থৈ যোৱা ৰোগৰ বীজাণুৰে আক্ৰান্ত ৰোগী
তোমালোকৰ আনন্দ-এইয়া সঁচানে ?
নে গতানুগতিক নিয়ম মাফিক পালনেৰে
আকৌ মোক প্ৰতাৰণা কৰিবলৈ এয়া আয়োজন ?
মোক তুলি ধৰা
ককাল পৰি গৈছে
অথচ চিৰ সেউজ চিৰ যৌৱনা বৰ
শত তেজৰ নদীত
উটি যোৱা সেন্দুৰৰ দ্বীপত
ভূমিস্থ মই
শ্বহীদৰ ত্যাগ বলিদান
যাতনা অহোপুৰুষাৰ্থৰ প্ৰৱল সংগ্ৰামৰ ফলশ্ৰুতি।
মোক পাওঁতে তোমালোকে শুদ্ধভাৱে দাঙি ধৰা বুলি কʼব পাৰিবানে ?
কথাবোৰ কʼবলৈ কিবা দেশদ্ৰোহীৰ দৰে
কাৰ স্বাৰ্থত এইবোৰ কৰা হৈছিল
(ক্ষমতাৰ ভাগ বিতৰণ ! )
যি তুঁহ জুই জ্বলিছিল সেই জুই নুমালেনে ?
ধান খেৰৰ দৰে জ্বলি নুমুৱা জুইত জাহ যোৱা বোৰ গʼল
কিন্তু ভিতৰৰ জুইকুৰা !
তোমালোকে মোক জনম দিছা
আৰু বোধহয় মোৰ মৃত্যুও নাই
মোক তোমালোকে ভাল দৰে লালন পালন কৰা
মই সকলোৰে মাজত থাকি
সকলোৰে হʼব বিচাৰোঁ ।
"জয়হিন্দ"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ