২৮ আগষ্ট- ইতিহাসত আজিৰ দিনটো

  • ১৬০৯ - ইংৰাজ অভিযাত্ৰী হেনৰী হাডছনে ডেলাৱেৰ বে' আৱিষ্কাৰ কৰিছিল। 
  • ১৭৮৯ - ৱিলিয়াম হাৰ্ছেলৰ দ্বাৰা শনি গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ (Enceladus) আৱিষ্কাৰ হয়।
  • ১৮৩৩ - ব্ৰিটেইনৰ সংসদত ব্ৰিটিছ ঔপনিবেশিক অঞ্চলত দাস প্ৰথা বিলুপ্তি কৰিবলৈ আইন গৃহীত হয়।
  • ১৯০৪ - কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
  • ১৯১১ - এলমাৰ এ স্পেৰিৰ দ্বাৰা জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
  • ১৯৭২ - ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
  • ১৯৯০ - কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
  • ২০০২ - অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এছ. কে. সিনহাক মনোনীত কৰা হয়।
  • ২০০২ - দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send