জিৰণিবিহীন কৃষক - গৌতম ফুকন

Aditi Tanti
0
জীৱশ্ৰেষ্ঠ মানুহৰ এক অন্যতম ৰূপ
জিৰণিবিহীন কৃষক ।
যাৰ খহটা , কঠিন হাতৰ মুঠিৰে ধৰা
নাঙলৰ সীৰলুত পোখাবলৈ ধৰে
ধান-মাহৰ সেউজীয়া কুঁহিবোৰ ।
যাৰ শুষ্ক , মলিন দুই হাতৰ পৰশত
সাৰ পাই উঠে...
নিৰস , নিষ্প্ৰাণ , উদং পথাৰবোৰে ।
অনুৰ্বৰ মাটিকো উৰ্বৰ কৰি তোলে
যাৰ ঘৰ্মাক্ত দেহৰ পৰা
সৰি পৰা ঘামৰ টোপালে ।
জেঠৰ প্ৰখৰ ৰৌদ্ৰৰ তাপেও
ম্লান পেলাব নোৱাৰে যাৰ
অনৰ্গল দুওঁঠত বিয়পি থকা
নিৰ্ভেজাল হাঁহিৰ সৌন্দৰ্যতাক ।
স্থানান্তৰ কৰিব নোৱাৰে যাক 
নিজ কৰ্মস্থলীৰ পৰা
বাৰিষাৰ প্ৰবল বৃষ্টিয়ে ।
হয় , সেইজনেই..
মানুহৰ অন্য এক শ্ৰেষ্ঠতম ৰূপ
জিৰণিবিহীন কৃষক ।
যাৰ এখন্তেক জিৰণিয়ে
নমাই আনিব সহস্ৰ ক্ষুধাতুৰৰ পেটলৈ
আজীৱন জিৰণি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)