মাখি - প্ৰণৱ চক্ৰৱৰ্তী

Aditi Tanti
0
 তোক দেখিলেই বুজি উঠো
ওচৰতে ক'ৰবাত আছে
গেলা-পচা বস্তু ,
তই ঘৰত সোমালেই
চিন্তা বাঢ়ে
কাৰণ তোৰ পৰশে
অশুদ্ধ কৰিব পাৰে
আমাৰ খাদ্য ৷
তোক মৃত্যুদণ্ড দিয়াৰ হেঁপাহ
এটাই তগবগাই উঠে মনত ,
কিন্তু তইও বৰ চতুৰ
বাৰে বাৰে আত্মৰক্ষাত
সফল তই ৷
কি যে বিড়ম্বনা
নিজক লুকুৱাবলৈ
তোক খেদাৰ বৃথা প্ৰয়াস আমাৰ ,
কিন্তু
গেলা-পচাবোৰৰ মাজত
থাকি থাকি তই হৈ পৰিছ
চতুৰ
বেইমান
স্বাৰ্থপৰ...
ঠিক গেলা-পচা চিন্তা
মগজুত কঢ়িয়াই লৈ ফুৰা
কিছুমান মানুহৰ দৰে ৷



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)