প্রেমৰ সেই এজাক বৰষুণ,
নোৱাৰিছোঁ পাহৰিব সেই চেনেহৰ পল
য'ত সঞ্চিত তোমাৰ মৰমৰ সপোন।
ভাবিছিলোঁ তোমাৰ দুচকুত সদায়
দেখা পাম চেনেহৰ দীপ্তি,
সন্তেকীয়া জীৱনটিত দুপলৰ চেনেহৰ মাজত
কৰিম অমিয়া সৰগৰ প্রাপ্তি।
সেয়া আছিল কেৱল এক দিঠক স্বপ্ন
বিষাদে যাক কৰিলে চুৰমাৰ,
নিষ্ঠুৰ প্রহাৰে তোমাৰ পলকতে ভেটিলেহি
বাট মোৰ আশা নিৰাশাৰ।
মৰতত ভাৱনা জীৱিত বুলি ভাবি
মিছাতে পৰিলোঁ দিঠকত,
মিছাতে যে আপোনাৰ অস্তিত্ব হেৰুৱালো
বুজিলোঁ বহু পলমত।
চেনেহী সাগৰত উঠা বিহগী ঢৌ টিয়ে
উটুৱাই নিলে মোৰ চেতনা,
সন্তেকীয়া ধুমুহাই হিয়াটি বিদাৰিলে
উৰুৱালে সকলো কামনা।
জীৱনত উজ্জিৱীত বসন্তৰ বতৰক তুমি
শৰতত কৰিলা পৰিৱৰ্তন,
প্লাৱিত হিয়াটিৰ মৰুকৰণ কৰিলা,
উদং মোৰ কৰিলা জীৱন।
তথাপিও নোৱাৰিছোঁ পাহৰিব তোমাৰ নাম
আছে মনত আজিও সেই স্নেহৰ বজিতা ,
কাহানিবা তনা সেই মৰম-মধুৰ সুৰ,
কাহানিবা ৰচা সেই প্রেমৰ কবিতা।
আজিও পাহৰা নাই কথা তোমাৰ, গীত তোমাৰ
স্মৃতিত তোমাক নিৰৱে ৰাখিলোঁ,
আজিও ৰাখিছোঁ সাচি চেনেহৰ ছবিখন
যদিও আছিল মিছা সকলো।
✍️সীমা ৰবিদাস,শ্ৰেণী-দশম, বাঘমাৰী, জিলা-বিশ্বনাথ