তোৰ সৈতে মোৰো বদনামী হোৱাৰ মন-লক্ষিমী বৰা শইকীয়া

Rinku Rajowar
0
তই যিমানেই বদনামী নহ'ৱ কিয়,
মোৰ কিন্তু তোৰ সৈতে
বদনামী  হোৱাৰ মন ।

মানুহে কয় ,
তই ৰাস্তাই ঘাটে সুবিধা পালেই
কাজিয়া কৰ্।
কাৰণটো কিন্তু কি বিচাৰ কোনেও নকৰে।
আৰু তই বদনামী হৈ পৰিলি ।
তেতিয়াই তোক ল'গ দি তোৰ সৈতে মোৰ বদনামী হ'বৰ মন।

এটাৰ পিছত এটা ,
চিগাৰেট খাই থকাৰ বাবে সকলোৰে অপ্ৰিয় তই।
তোৰ প্ৰেয়সীয়েয়ো তোক বেয়া পাই এৰি দিছিল আৰু জগৰীয়া হৈছিলি তই,বদনামী হৈছিলি তই।
তই আধাখোৱা চিগাৰেটোৰ আধা মই খাই ,
তোৰ সৈতে মোৰো বদনামী হোৱাৰ মন।

এদিন ৰাতি সুৰাৰ ৰাগীত মাতাল হৈ ঘৰত সোমাওঁতে
ঘৰৰ মানুহবোৰে তোক বেয়া পাইছিল,
কিন্তু কিয়নো মাতাল হ' লি সেইটোহে নুসুধিলে।
তোৰ প্ৰেয়সীৰ প্ৰতাৰণাৰ বাবেই নহয়জানো!!
পিছদিনাই তই বদনামী হৈ পৰিলি
ইয়াতো মোৰ তোৰ সৈতে বদনামী হ'বৰ মন ।

তই যে সিদিনা গাঁৱৰ সিমূৰৰ,
অকলশৰীয়া  অবলা অসুস্থ মানুহজনীক 
সহায় কৰি  দিছিলি , 
ৰং চোৱাবোৰে ৰং চাই আছিল আঁতৰৰ পৰা আৰু
বদনামী হৈছিলি তই .....,সুবিধাবাদী বুলি ।
ইয়াতো,
তোৰ সৈতে মোৰো বদনামী হোৱাৰ মন ।

এদিন তই তোৰ লাইচেন্সৰ ম্যাদ শেষ হোৱা বন্দুকটো দেখুৱাই ,
তোক জোকাই লোৱা...,বেয়াকৈ কোৱা বন্ধু বোৰক ধমকি দিছিলি।
বন্ধুৰ মহলত তই অপ্ৰিয়  হৈ পৰিছিলি ।
পুলিচে তোৰ বন্দুকটো জব্দ কৰিছিল আৰু তোক লৈ গৈছিল, 
বদনামী হৈ গৈছিলি।
ইয়াতো মোৰ তোৰ লগত বদনামী হ'বৰ মন।

কিন্তু ,তই পলাবলৈ বুলি চেষ্টা কৰোঁতেই বন্দুকৰ গুলীৰে থকা সৰকা কৰা তোৰ দেহাটো ঢলি পৰিছিল।
সন্ত্ৰাসবাদী বুলি বদনামী হ'লি তই।
মই দৌৰি গৈ সাৱটি ধৰিলোঁ ,
এইবাৰ কিন্তু
সন্ত্ৰাসবাদীৰ প্ৰেয়সী বুলি বদনামী হ'লো মই।।


✍️লক্ষিমী বৰা শইকীয়া
গড়মূৰ,
মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)