কি আনিবা?-বিকাশ শৰ্মা

Rinku Rajowar
0
কি আনিব পাৰিবা নাজানো
নিষিদ্ধ দেৱালত অঁকা শব্দহীন ছবি।
এই চহৰখনৰ হোডিং এখনত
তোমাক ওলোমাই থ'ম।
কি আনিবা- দুহাতত মৰি যোৱা গোলাপৰ পাহি নে,
বতাহত মামৰে ধৰা মৌন তৰোৱাল।
বহুখিনি লৈ আহিব পাৰিবা
হৃদয়ত মৰি যোৱা ইলেক্টিকৰ ছিগা তাঁৰ।
মই বিচাৰোঁ
তুমি একাপ কফি লৈ আহা
মই চামোচেৰে লৰাই থাকিম।
সান্ধ্য আইনত অৱশ্যে আহিব নালাগে!
মই কোৱা নাই...
মোৰ কাষত বহি থাকিবলৈ
মোৰ নিমখীয়া চকুপানী মুচি দিবলৈ।
বাৰুদৰ ধোঁৱাত লৈ নাহিবা
ঘৃণাৰ প্ৰেম।
মই গুচি যাম
তোমাৰ বেণিগুঠাৰ চুলিৰ মাজেৰে!
কি আনিবা?
কাণ তাল মৰা শব্দ নে,
নৈশব্দতাৰ শিকলি।


                 ✍️ বিকাশ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)