এপিয়লা ৰঙা নিচা-প্ৰজ্ঞা দেৱী ভূঞা

অসমীয়া সাহিত্যৰ চানেকি
0
এপিয়লা ৰঙা নিচাত বিক্ৰী নকৰিব
আপোনাৰ হৃদয়খন
য'ত আপুনি সাঁচি ৰাখিছে
মস্তিষ্কৰ হিচাপ নিকাচৰ পৰা নিলগাই থোৱা
আপোনাৰ হেঁপাহৰ আৱেগবোৰ.....।

আপোনাৰ মগজুৰ দাম বেছি
এপিয়লা পানীয়ৰ নিচাতকৈ
আপোনাৰ নিৰপেক্ষ ভাৱনাবোৰ
য'ত ঠাহ খাই আছে
অনুভৱৰ স্পৰ্শৰে স্পৰ্শিত নোহোৱাকৈ.....।

আপোনাৰ আৱেগ আৰু ভাৱনাৰ তুলাচনীখন বেছ ভাৰী,
এপিয়লা ৰঙা নিচাৰ তাড়ণাত বিক্ৰী নকৰিব.....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)