জীৱনৰ শান্তিপূর্ণ ঠাই।
নাজানো কিয় আজি মোক
মৃত্যুৱে বাৰে বাৰেই আমনি কৰি আছে,
হয়তো মোৰো আজি শেষ সময়কণ আহি পালে।
মোৰ মৃত্যুৰ পিছত কিন্তু, তোমালোকে চকুপানী নুটুকিবা, কেৱল মোক হাঁহিৰে বিদায় দিবা।
নহ'লেচোন মই মোৰ সপোনৰ শান্তিপূর্ণ ঠাইখিনি বিচাৰি নাপাম।
ভাগৰি পৰিছো মই আজি বহুত কষ্ট হৈছে মোৰ আপোনবোৰক এৰি যাবলৈ,
ভাগৰুৱা হৃদয়খনেও আজি হাঁহাকাৰ কৰিব ধৰিছে।
কিন্তু মইটো আজি যাবই লাগিব,
মোৰ বাবে ৰৈ আছে মৃত্যুৱে,
মোক বাৰে বাৰেই মাতি আছে,
মোৰ শান্তিপূর্ণ ঠাইখিনিলৈ।
বিদায় মৃত্যু! বিদায়।।