"বাবা,তই আমাৰ কথা শুন।মাইনাটোৰ কথা ভাবিয়ে তই আকৌ এবাৰ বিয়াত বহ।" পত্নীহাৰা পুত্ৰলৈ মাকৰ কাতৰ আহ্বান।
"কিয় মা? দেউতা ঢুকোৱাৰ পাছত তই জানো আকৌ বিয়াত বহিছিলি?মোক যোগ্য কৰি তুলিবলৈ কত যে কিমান কষ্ট অকলে মূৰ পাতি লৈছিলি। এতিয়া তাকে লৈ তই গৌৰৱান্বিত। মোক সেই সুযোগকণ লভাৰপৰা কিয় বঞ্চিত কৰিব খুজিছ?" পুতেকৰ উত্তৰ শুনি মাক নিৰ্বাক-নিষ্পন্দ হৈ বহি ৰ'ল মাথোঁ। অতীতৰ সোঁৱৰণীয়ে দুচকু ভৰাই তুলিলে।