আনে যোৱা বাটেদি গোপনে গোপনে।
যোৱা আগদিনা সকলোকে কৈ যাম
নাহো দুনাই উভতি চিৰদিন চিৰকাল।
নিবলৈ একো নাই খালি হাতে যাম,
থকা বোৰ নিব পৰা অধিকাৰ নাই,
ইয়াতেই পেলাই দিম এই সকলো,
অধিকাৰ যাব মোৰ অন্যই ল'ব।
গঢ়িলোঁ সম্পদ কৰিলোঁ অধিকাৰ,
প্ৰাপ্তিৰ সুখত কৰিলোঁ অহংকাৰ,
নোপোৱা তাগিদাত মন বলিয়া,
পোৱাৰ তাড়নাত অন্ধ হ'লোঁ,
অধিকাৰ নাই যদি আহৰণ কিয়?
প্ৰাপ্তিৰ কথা কৈ অহংকাৰ কিয়?
আমি ভাবি কিয় বাৰু এবাৰো নাচাওঁ?
থকাবোৰৰ ওপৰত মিছা ভেম কৰো নো কিয়?