আজিৰ পৰা প্ৰায় পাঁচ বছৰ মানৰ আগৰ কথা । মই নাটকৰ মানুহ গতিকে ৰাতি ৰাতি ঘৰত থকা নহয় । বেলেগৰ যেতিয়া ৰাতি হয় মোৰ তেতিয়া ৰাতিপুৱাই , বেলেগৰ যেতিয়া ৰাতিপুৱাই মোৰ তেতিয়া ৰাতি হয় । সেইবাবে ৰাতি ৰাতি একেৰাহে নিশাচৰৰ দৰে ঘূৰি ফুৰাই হয় । আজি অ'ত কাইলৈ ত'ত ।ৰাসৰ বতৰ । আমাৰ গাঁৱত ৰাস পাতিছে যদিও এইবাৰ মই লাগিবলৈয়ে পোৱা নাই ।কাৰণ আমাৰ পৰা প্ৰায় দহ কিলোমিটাৰ মান নিলগৰ গাঁওখনত তিনিদিনীয়াকৈ ৰাসোৎসৱ পালন কৰিছে । তাৰ কংসালয়ৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰতে ন্যস্ত । একেবাৰে ৰিহাৰচেলৰ পৰা আৰম্ভ কৰি বাদ্যযন্ত্ৰী শিল্পীলৈকে । তাতে সেইবাৰ দৈৱকীৰ ভাওৰ বাবে বৈজয়ন্তী মালা আহিব । গতিকে আৰু ভাল দৰে কামবোৰ কৰিব লগা হৈছে । সেইবাবেই ঘৰ গৈ পোৱালে ৰাতি ১ - ২ বাজে । কিন্তু মোৰ হ'লে ভয় অকনো নালাগে । আমাৰ গাঁৱৰ পৰা সেই গাঁওখনলৈ যাবলৈ পকী ৰাস্তাইদি দহমিনিট মান লাগে । আৰু পথাৰৰ মাজৰ এটা ৰাস্তা আছে সেইফালেদি বাইকেৰে গ'লে ৪ - ৫ মিনিট মান লাগে । কিন্তু গাঁৱৰ মানুহবোৰে সেই ৰাস্তাটোৱেদি অহা-যোৱা নকৰে । আগতে ককাহঁতে কোৱা শুনিছিলো তাত বোলে এজোপা জয়াল জুৰীয়া বটগছ আছে । আৰু ৰাতি ৰাতি তাত কিবা ওলায় ।সেইফালেদি মানুহ গ'লে হেনো আৰু উভতি আহিব নোৱাৰে ।সেই ভয়তেই গাঁৱৰ কোনো সেইফালেদি নাযায় । দিনত কেতিয়াবা যাব লগা হ'লেও কেইবাজনো একেলগ হৈ যায় । মই কিন্তু প্ৰায়ভাগ সেই ৰাস্তাটোৰে আহোঁ কাৰণ সেইফালেদি ঘৰলৈ আহিলে সোনকালে পাওঁহি । মোক ঘৰত সদায় মানা কৰে সেইফালেদি আহিবলৈ ।সেইফালেদি অহা শুনিলেই মায়ে সৰিয়হ ছটিয়াই জলকীয়াৰ গোন্ধ দিয়ে । আৰু যিমান ঠাণ্ডা হ'লেও গা নুধুৱাকৈ ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে । মায়ে ভাবে মই সেই গছ জোপাৰ তলেৰে অহাৰ বাবে মোৰ গাত কিবা লাগি আহিছিল । মই তেতিয়া হাঁহো আজিৰ এই বিজ্ঞানৰ যুগটো এই পুৰণিকলীয়া নিয়মবোৰ বিশ্বাস কৰে ।
সেইদিনা আছিল শনিবাৰ । ৰাসৰ আখৰা সেইদিনা দেৰিলৈকৈ চলিল কাৰণ সেইদিনা গোটেইখিনি কৰা হৈছিল । ভ-আখৰা হিচাপে সেইদিনাই আখৰা শেষ । আখৰা শেষ কৰি ভাত খাই মই ৪ মান বজাত ঘৰলৈ যাবলৈ ওলালো । দুজনমানে ৰাতিপুৱালৈকে থাকিবলৈ কৈছিল কিন্তু ৰাতিপুৱাই মই এফালে যাব লাগিব সেইবাবেই নৰ'লো । গুচি আহিলোঁ । আহি আধাবাট পাওঁতে দেখিলোঁ বতৰটো বেয়া কৰি আহিছে । বৰষুণ পৰো পৰো অৱস্থা । বিজুলী-ঢেৰেকনিও মাৰিছে । লাহে লাহে বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে । মই বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ একো আগ-পাছ নাভাবি সেই বট জোপাৰ তললৈ দৌৰ মাৰিলোঁ । বৰষুণ বাঢ়িবলৈহে ধৰিলে । বটজোপাৰ কাষলৈ যোৱাৰ পাছৰে পৰা মোৰ লগত বহুতো অলৌকিক ঘটনা ঘটিল । মোৰ সৰ্বস্ব শৰীৰ ঠাণ্ডা হৈ আহিল । এনে অনুভৱ হ'ল মোৰ শৰীৰটোত যেন কোনোবাই গাৰ জোৰেৰে হেঁচা প্ৰয়োগ কৰিছে , লাহে লাহে কাৰোবাৰ কান্দোন শুনিবলৈ পালোঁ । গছৰ ডাল-পাতবোৰো ক্ৰমান্বয়ে হাউলি আহিবলৈ ধৰিলে । কোনোবাই যেন মোক চিঞৰি চিঞৰি মাতিছে তেনেকুৱা লাগিল । মই একেবাৰে দুৰ্বল হৈ মাটিত ঢলি পৰিলোঁ ।
তাৰপাছত কি হ'ল মোৰ আৰু মনত নাই ।আবেলি চকু মেলি দেখোঁ যে মই ঘৰৰ বিছনাত শুই আছোঁ । আচলতে মোৰ লগত কি হ'ল মই আজিও বুজি নাপালোঁ । মোক সঁচাকৈয়ে কিবা অলৌকিক শক্তিয়ে পাইছিল নে মোৰ সেয়া ভ্ৰম ? মই কিন্তু সঁচা বুলিয়ে ভাবি ল'লো । আৰু সেইদিনাৰ পৰা আজিলৈকে সেই ৰাস্তাটোৱেদি নোযোৱা হ'লো । এতিয়া কিন্তু সেই জয়াল গছ জোপা নাই চৰকাৰে সেই গছজোপা কাটি তাত এখন ধুনীয়া পাৰ্ক বনোৱাৰ কাম হাতত লৈছে । মোৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হয় যদি তাত প্ৰকৃততে কিবা আছিলেই তেন্তে সেইবোৰ এতিয়া গ'ল ক'লৈ ?
✍️ শ্ৰী জয়ন্ত বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ