তই আমাৰ দেশৰ সুৰক্ষাৰ
বাবে সীমান্তলৈ
যাবই লাগিব , কাৰণ
তই এজন সৈনিক ।
তই চিন্তা নকৰিবি বোপাই
আমি ভালে থাকিম , লগতে
ভালে থাকিব তোৰ সেই
এমহীয়া সৰু
কনমানি ল'ৰাটো ।
তই আমাৰ কথা একোৱেই
চিন্তা নকৰিবি বোপাই ,
তোৰ সেই দুখবোৰ ,
হৃদয়ৰ উচুপনিবোৰ
নক'লেও মই বুজি পাওঁ ,
কাৰণ মইয়ো তোক মাৰৰ
হাতত গতাই
কামলৈ গৈছিলোঁ ।
নিজৰ মাক নোহোৱা
কণমানি ল'ৰাটোক
মাহীমাকৰ হাতত গতাই
যোৱাৰ বেদনা কিমান ,
মই জানো বোপাই ,
মই জানো ।
হলেও তই যাব
লাগিব বোপাই , তোৰ সেই কনমানি ল'ৰাটিক এৰি
থৈ যাব লাগিব , মই তোক
লৈ গৌৰৱ কৰোঁ অ' বোপাই
তই যে এজন সৈনিক ,
তই দেশৰ যুঁজাৰু ।
তোৰ সেই বেদনাবোৰ
তোৰ সেই
হৃদয়ৰ উচুপনিবোৰ
লগত লৈয়েই তই তোৰ
কৰ্ম কৰিব লাগিব ।
✍🏻মানস প্ৰতীম মালী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ