সাৰে আছে উমা
দৃষ্টি আকাশৰ ফালে নিবদ্ধ
সময় আজিও স্থিৰ।
ৰৌদ্ৰস্নাত অবিশ্ৰান্ত লুইতৰ বুকুত
যোগ সাধনাত লিপ্ত
তপস্বী মহেশ্বৰ।
তেওঁৰ যোগ
তেওঁৰ ধ্যান
তেওঁৰ এককেন্দ্ৰিক সাধনা
সমৰ্পিত
উমাৰ প্ৰতি,
তেওঁৰ দৃষ্টিৰ বলয় জুৰি
ব্যাপ্ত হৈ আছে
উমা.....
(২)
উমা স্বাধীন
তেওঁৰ ঢৌ লেখিয়া মন অজন্তাত বন্দী
মহেশ্বৰ
প্ৰেমিক মহেশ্বৰ!
তেওঁ মুক্ত হ'ব নোখোজে
তেওঁৰ চেতনাৰ বাজি উঠা
বিভিন্ন সুৰৰ মূৰ্চ্ছনাই
তেওঁক মুক্ত হ'বলৈ নিদিয়ে কোনোদিনে.....
✍️ কাজল সাহা ( গোৱালপাৰা )