সপোনত বুৰ গৈ
সপোনত উটি ভাহি
সপোনৰ লগত খোজ মিলাই
মইও সপোন দেখোঁ
সপোনে লৈ আনে নতুনত্ব
সপোনে বাধা নামানে
মনটোক লৈ যায় অচিন দেশলৈ
সপোনে দিয়ে জীয়াই থকাৰ আশা
আৰু আনে সীমাহীন আনন্দৰ জোৱাৰ
সপোনৰো বয়স বাঢ়ে
সপোনবোৰ দিঠকত ধৰা দিয়ে
পোৱা নোপোৱাৰ দোমোজাত
ই কঢ়িয়াই আনে বহু প্ৰশ্ন।
সপোনো ভাঙে কাচৰ দৰে
ইয়াৰ শব্দই বুকুত আঘাত
দিয়ে ...
✍️ হুমায়ুন কবীৰ
বকো, কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ