আপুনি ভাবিছে নেকি-বৰষা ঠাকুৰ

©Admin
0
 আপুনি ভাবিছে নেকি ? 
 বিলাসীতাই তাইক আকৰ্ষিত কৰিব,
 নোৱাৰে ই সম্ভৱ নহয় ।
  যি ছোৱালীয়ে গাঁৱৰ  বোকা মাটি
 গছকি ডাঙৰ হৈছে  তাইক 
 নোৱাৰে কেতিয়াও বিলাসীতাই 
 আকৰ্ষিত কৰিব ।
 
 আপুনি ভাবিছে নেকি ?
 আধুনিকতাই তাইক আকৰ্ষিত কৰিব ,
 নোৱাৰে ই সম্ভৱ নহয় ।
 তাই সহজ ভাবে থাকি ভাল পায় ।
 নোৱাৰে তাইক আধুনিকতাই আকৰ্ষিত কৰিব ,
 তাইক কিহে আকৰ্ষিত কৰিব জানে ?
 তাইক আকৰ্ষিত কৰিব গাঁৱৰ
 বোকা মাটিৰ গোন্ধই  ।

 আপুনি ভাবিছে নেকি ?
 টকা - পইচাই তাইক আকৰ্ষিত কৰিব ,
 নোৱাৰে ই  সম্ভৱ নহয় ।
  সেউজীয়াখিনি তাইৰ প্ৰিয় , 
নোৱাৰে কেতিয়াও আপোনাৰ টকা - 
 পইচাই তাইক আকৰ্ষিত কৰিব ।

 আপুনি ভাবিছে নেকি ?
 চহৰৰ পৰিৱেশে তাইক আকৰ্ষিত কৰিব ,
উহু ! কেতিয়াও নোৱাৰে ।
 ই অসম্ভৱ ,  
 গাঁৱৰ কেঁচা আলি তাইৰ প্ৰিয় ।
 পথাৰৰ মাজৰ সৰু আলিবোৰো 
 তাই বৰ ভাল পায় ।
 পকা ধানৰ মাজৰ আলিয়ে তাইক 
 আকৰ্ষিত কৰে , 
 আপুনি নাভাবিব যে ,
 চহৰৰ পৰিৱেশে তাইক আকৰ্ষিত কৰিব ।

আপুনি যদি ভাবে কৃত্ৰিমতাই , আধুনিকতাই , ওখ অট্টালিকা বা দামী ৰেষ্টুৰেন্টে , দামী কাপোৰে , গহনাই ,
 তাইক আকৰ্ষিত কৰিব ?
 তেন্তে ভুল বুজিছে ।
 তাইক যদি  সুখী চাব বিচাৰে 
 তেন্তে এবাৰ গাঁৱলৈ আহিব ।
 বোকা -মাটিৰ গোন্ধ , সেউজীয়া পৰিৱেশৰ মাজত থাকি চাব এবাৰ , তাইৰ মুখত 
 ফুটি উঠা নিৰ্ভেজাল হাঁহিটি ।
 আপুনি হয়তো সকলো প্ৰশ্নৰ উত্তৰ পাব ,
তাইৰ মুখত জিলিকি থকা হাঁহিটিৰ মাজত ।
    
             ✍ বৰষা ঠাকুৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)