কেইটামান খণ্ডচিত্ৰ- ভাৰতী গগৈ বৰুৱা

পংখী মৰাণ
0
জলপান বুলি ক'লে আমি সাধাৰণতে ভাত বা অন্নৰ বাহিৰে গ্ৰহণ কৰা পাতলীয়া আহাৰ বা লঘু আহাৰৰ কথা বুজোঁ । ইয়াৰ সমাৰ্থক শব্দ হৈছে জলযোগ , লঘু আহাৰ । জলপান বুলি ক'লে কেতিয়াবা আকৌ লোভ লাগি যায় । ম'হৰ গাখীৰৰ দৈ , গুৰৰ সৈতে সানি খোৱা চিৰা , সান্দহ বা কোমল চাউলৰ জলপানৰ কথা মনত পৰিলে খাওঁ খাওঁ যেন লাগে । জলপান খাই আপুনি বাৰু ভাল পায়নে ? ৰাতিপুৱা , আবেলি জলপান খোৱাটো বহুতৰ বাবে ভাল অভ্যাস । অৱশ্যে আমাৰ ঘৰুৱা জলপান খাই ভাল নোপোৱা মানুহো নথকা নহয় । সৰুৰে পৰা এইবোৰ খাই খাই আমনি লগাটো স্বাভাৱিক । 
     ঘৰলৈ আলহী - অতিথি আহিলে আমাৰ অসমীয়া  মানুহৰ সাধ্যানুসাৰে আপ্যায়ন কৰিবলৈ বিচৰাটো এটা ভাল অভ্যাস । নিজে নাখায়ো ভাল কিবা এটা খুৱাবলৈ মন যায় । সেয়ে হাতত তামোল - পাণৰ  বটাটো লৈ গৃহিণীয়ে আগবাঢ়ি আহি মাত এষাৰ লগোৱাটো পূৰ্বৰ পৰম্পৰা । আজিকালি অৱশ্যে তামোল - পাণ খোৱা মানুহৰ সংখ্যা কমিল । তাৰ সলনি চফ , চুপাৰি , লং- ডালচেনি , শুকান আদা , শুকান আমলখি আদি ব্যৱহাৰ কৰে । ফলত তামোলৰ পিক পৰি ঠাই লেতেৰা হোৱাৰ সম্ভাৱনা বহুত কমিল । তামোল খাই য'তে ত'তে পিক পেলোৱাটো বহুত মানুহৰ বদ্ অভ্যাস । আমাৰ বৰ বোৱাৰী মিচেল প্ৰথমবাৰ  অসমলৈ অহাৰ আগতে ভাৰতৰ মানুহ এজনে তেওঁক  অসমৰ য'তে ত'তে তামোলৰ পিক আৰু গোবৰ দেখিবা ....বুলি কৈছিল । পিছে তেওঁ এইবোৰ বৰকৈ দেখা নাই বুলি কোৱাত ভাল লাগিল । মই আপোনাৰ আগত জলপানৰ কথা ক'বলৈ ওলাই ক'ৰবাত পালোঁগৈ । বেয়া নাপাব । 
     বিহু , উৎসৱ - পাৰ্বণৰ  কথা বাদেই ‌। যি কোনো সময়ত ঘৰলৈ আলহী - অতিথি আহিলে চাহ- জলপান ভালকৈ কাৰোবাক যাচিব পাৰিলে  বৰ ভাল লাগে । আনহাতে ঘৰত যোগাৰ নাথাকিলে বৰ বেয়া লাগে । আগতে মানুহৰ ঘৰত  পিঠা-পনা , জলপান থাকেই । খেতি - খোলা কৰাৰ আগতে এইবোৰ যোগাৰ কৰি লয় । পথাৰত আজিকালিৰ দৰে আগতে মানুহে ভাত নাখাইছিল । ভীমকল , পিঠাগুৰি নাইবা কোমল চাউলৰ জলপান খাইছিল । দূৰ ঠাইলৈ বাটকুৰি বাই যাব লগা হ'লেও হাতত টোপোলা বান্ধি জলপান নিছিল । কাৰণ আজিকালিৰ দৰে যাতায়তী ব্যৱস্থা সেই সময়ত সুগম নাছিল । বাটত ভোক লাগিলে খাব পৰাকৈ হোটেল , ৰেষ্টুৰেণ্ট নাছিল । 
      জলপান বুলি ক'লে চিৰা ,আখৈ ,সান্দহ ,মুৰি ,হুৰুম ,পিঠাগুৰি ,কোমল চাউল ,ভজা চাউলৰ কথাই প্ৰথমতে মনলৈ আহে ।জলপান খোৱাৰ বিভিন্ন উপায় আছে । জলপান সিজাই , তিয়াই , ভাজি , ভাপত দি খাব পাৰি । পিঠাগুৰি পানীত সিজাই লুথুৰী , ভাত পিঠা , বৰা , নানিয়া , জহা , আমপাখি আদি চাউল গাখীৰত সিজাই পায়স (পৰমান্ন , ভোগ ) হিচাপে খোৱা হয় । বৰা চাউল পানীত তিয়াই কুমলীয়া বাঁহৰ চুঙাত সেই চাউল ভৰাই জুইত পুৰি চুঙা চাউল প্ৰস্তুত কৰাৰ দৰে পিঠাগুৰি গাখীৰ বা পানীৰে সানি চুঙাত ভৰাই  জুইত পুৰি চুঙা পিঠা খোৱা হয় । 
     সাধুকথাত পঢ়িবলৈ পাইছিলোঁ যে দূৰ ঠাইলৈ যাওঁতে নদীৰ পাৰত  গামোচাৰ আগত কোমল চাউল বান্ধি গামোচাখন  পানীত তিয়ালে অলপ সময়ৰ পাছত জলপান খাব পৰা হয় । গাখীৰ -গুৰ নহ'লেও আদা , নিমখ , জলকীয়া সানিও কিছুমান মানুহে জলপান খাই ভাল পায় । কিছুমানে আকৌ বৰা চাউল সিজাই মাংসৰ সৈতে জুতি লগাই খায় । চাহ জলপান খোৱাৰ কথা ওলালে তিল পিঠা ,ঘিলা পিঠা ,মালপোৱা ,নাৰিকলৰ লাৰু ,আখৈৰ লাৰু ,তিলৰ লাৰু , চিৰাৰ লাৰু ,পকা মিঠৈ , মুৰিৰ লাৰু আদিৰ কথা ওলাবই । আগতে ঢেঁকী , উৰাল আদিত চাউল খুন্দি পিঠা প্ৰস্তুত কৰা হৈছিল যদিও আজিকালি মিক্সি , মিলত খুন্দিও পিঠা খাবলৈ যোগাৰ কৰা হয় । অৱশ্যে তিল পিঠা মিলত খুন্দা পিঠাৰে নহয় । ছাত্ৰী নিবাসত থাকোঁতে হৰলিক্স বা গাখীৰৰ লগত ঘৰৰ পৰা অনা পিঠাগুৰি দুচামুচমান গিলাচ এটাত লৈ খোৱা সোৱাদৰ কথালৈ কেতিয়াবা বৰ মনত পৰে । আমাৰ বৰপুত্ৰই বাংগালোৰত পঢ়ি থাকোঁতে  ষাণ্মাসিক পৰীক্ষাৰ সময়ত  খাব পৰাকৈ চিৰা ভজাৰ লগতে নিজে সান্দহ খুন্দি দি পঠিয়াওঁ । 
      সান্দহ খুন্দি দিয়া খাওঁ‌ প্ৰাণেশ্বৰী
      চিৰা খুন্দি দিয়া খাওঁ‌
      ৰাতিৰ ভিতৰত কাপোৰ বৈ দিয়া
      বঙাল খেদিবলৈ যাওঁ‌। 
                 ( বিহুনাম )
      বিয়া-বাৰুৰ ক্ষেত্ৰত দৰাৰ ঘৰৰ পৰা কইনাৰ ঘৰলৈ আৰু কইনাৰ ঘৰৰ পৰা  দৰাৰ ঘৰলৈ জলপান , গাখীৰৰ টেকেলি আদি নিয়া হয় । আগতে বিয়া , সকাম আদিত জলপান খুৱাইছিল । আজিকালিৰ দৰে ভাত ,লুচি - ভাজি , পোলাও খুওৱা নাছিল । ঘৰত বাটি , বানবাটি আদিত জলপান খালেও বিয়া ,সবাহত কলপটুৱাৰ  ডোঙ বা দোণা সাজি  জলপান খাবলৈ দিয়া হয় । বাটিত চামুচেৰে খোৱা দি তাত নাখায় । এইখিনিতে নিজৰ কথা এটা ক'বলৈ মন গৈছে । সৰু হৈ থাকোঁতে আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰত এদিন  সকামৰ জলপান খাবলৈ তেওঁলোকৰ বাইদেউ এগৰাকীয়ে ভণ্টি আৰু মোক ঘৰৰ পৰা মাতি নিলেহি । দেউতা ঘৰত নাছিল । পিছে খাবৰ সময়ত আমি দুয়োজনীয়ে ডোঙত হাত থৈ ৰৈ আছোঁ । সকলোকে খোৱা দেখিও খোৱা নাই । তেতিয়া এজন ভকতে কিয় জলপান খোৱা নাই বুলি সোধাত মই হেনো লাহেকৈ ক'লোঁ... চামুচ লাগে বুলি । তেতিয়া তেখেতে ওচৰৰ ককাইদেউ এজনৰ  হাতত আমাৰ ডোঙত সৰহকৈ দৈ , গুৰ , জলপান দি ডোঙ দুটাৰে সৈতে আমাক ঘৰত থৈ আহিবলৈ কোৱাত আমি ঘৰতে আহি  জলপানৰ সোৱাদ ল'লোঁ । এই কথাটো গাঁৱৰ মানুহে কৈ বহুত দিনলৈ আমাক জোকাইছিল । মনত পৰিলে এতিয়া বৰ লাজ লাগে , হাঁহি উঠে । মামাৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা বেছি  দূৰ নহয় । কেতিয়াবা তাত ৰাতি সকাম পাতিলে  ৰাতিপুৱা আমালৈ ডোঙৰ পৰা দৈৰ টেকেলিত ভৰাই কোমল চাউলৰ জলপান আনে । সেই জলপানৰ সোৱাদ আকৌ সুকীয়া । 
     আজিকালি কিছুমান  মানুহে ৰাতিপুৱা চাহ - জলপান খালেও বহুতৰ  খাবলৈ সময় নাই । সোনকালে অফিচ , স্কুল - কলেজলৈ যাবলগীয়া হোৱাৰ বাবে খোৱা নহয় । বহুতে লুচি , পুৰী , ৰুটী , দোচা, নাস্তা , ব্ৰেড , কণী , মেগী ,চাওচাও , পায়স, পৰঠা  আদি খাদ্য খাই ভাল পায়। আগৰ দৰে হেঁপাহেৰে জলপান নাখায় অথবা যোগাৰ কৰিবলৈ টান পায় । আত্ম সহায়ক গোটবোৰ হোৱাৰ পৰা পিঠা - পনা , জলপান , চুঙা দৈ আদি বজাৰৰ পৰা সহজে কিনি আনি খোৱা হয় । তথাপি নিজৰ হাতেৰে স্বামী , ল'ৰা - ছোৱালী বা পৰিয়ালৰ আন সদস্যৰ বাবে মৰমেৰে প্ৰস্তুত কৰা খাদ্যৰ সোৱাদ বেলেগ যেন লাগে। বিয়ানাম , বিহুনাম , আই সবাহৰ নাম  আদিতো জলপানৰ কথা উল্লেখ আছে । 

মনিচৰ ৰাজ্যলৈ আহিলা লক্ষ্মীআই
কলে পিঠাগুৰি পাই
আহুধানৰ পিঠা কঁ‌ঠালৰ এফুটা 
তোমালৈ দিওঁ আগবঢ়াই । 
               ( আই সবাহৰ নাম )।
        বেছি দীঘল নকৰোঁ । আপোনাৰ চাহ - জলপান খোৱাৰ সময় হৈছে নিশ্চয় । প্ৰভাতী সম্ভাষণ জনালোঁ।  ভগৱানে কুশলে ৰাখক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)