সূৰ্যোদয়-নাহৰৰ চিৰলা চিৰিলি পাত ২-খণ্ড ১৩-ৰাজেন দাস

পংখী মৰাণ
0
মই University,হোষ্টেললৈ আহি নতুন শব্দ শিকিছোঁ। লাইন আপ তেনে এটি শব্দ। সাহিত্যিক সকলে নিজে কেতিয়াবা শব্দ সৃষ্টি কৰি লোৱা পঢ়িছোঁ। মিছনেৰী সকলেও কিছুমান শব্দ সৃষ্টি কৰি লৈছিল। বৰফক বুজাবলৈ শিলপানী,আঙুৰক বুজাবলৈ লতা-পনিয়ল ,কয়লাক বুজাবলৈ নাগমাটি , গ্ৰীষ্মকালক বুজাবলৈ ঘাম-কাল , বজ্ৰপাতক বুজাবলৈ মেঘৰ বিজুলী , বাইবেলক বুজাবলৈ ধৰমপুথি ,গেছক বুজাবলৈ পাতল বায়ু ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আৰু আন আন সাহিত্যিকৰ ৰচনাত তেওঁলোকে বিভিন্ন প্ৰসঙ্গত নিৰ্মাণ কৰি লোৱা শব্দৰ ব্যৱহাৰ দেখিবলৈ পাওঁ। " C top all juniors, please quick come and line up. .." ৰাজু দাদাৰ মাত।শকত,বগা,নেদোকা, সামান্য মোচ, পাতল হাঁহি। ইংৰাজীতে দাদাই কথা পাতিবলৈ কমফৌৰ্ট ফিল কৰে। এই কথা জানিব পাৰিছিলোঁ।তেওঁ কমাৰ্চৰ। আন আন চিনিয়ৰৰ মাত শুনিলোঁ। দৰ্জা খুলিছে।দৰ্জা খুলি ওলাইছেও।ফৰমেল কাপোৰ পিন্ধিছে সকলো জুনিয়ৰে।লগতে চিনিয়ৰেও।পকীবেৰৰ কাষৰতে থিয় হৈ দিছে। এক নতুন ঘটনাৰ ইন্টাৰভিউৰ বাবে গৈ আছোঁ। পিছলৈ ইন্টাৰভিউৰ কথা শিকোৱা দিশটো পাঠকে জানিব পাৰিব। 
"আজি কি হয় ঠিক নাই। চকুৰে সৰিয়হ ফুল কোনো দেখা নাইটো।সৰিয়হ ফুলৰ সৌন্দৰ্য্য । কবিৰ বাবে উশাহ-নিশাহৰ ডুলি। ই শব্দ-সম্ভাৰৰ ডুলি।উশাহটো চুটি হোৱা যেন পাওঁ। কোঠালৈ গৈ বটলত থকা কুহুমীয়া পানী এঢোক খাইয়েই আহো নেকি, নাই নাই! তেৰিবেৰি কৰিলে লপাথপা দিব পাৰে। " মোৰ এনে ভাবে উগুল-থুগুল বনৰ বকুল কৰি আছে। 
কেন্দ্ৰত মজিয়া সম্পাদক, সহকাৰী মজিয়া সম্পাদক লগতে চিনিয়ৰসকল। থিয় হৈ ৰৈছেহি। সিহঁতৰ মনবোৰ প্ৰফুল্ল, কিন্তু আমি বিষন্ন। তথাপি যি হয় দেখা যাওঁক। আমিও মানুহ হে।কামুৰি খালে খাব আৰু চালচিগা ভিকহুৰ জেঙখৰী সদৃশ চাল,মঙহ।এনে আমাৰ মনোভাব।
(২)
"সকলোৱে শুন। ইয়াত আপুনি, তুমি আদি শব্দ আমি ব্যৱহাৰ নকৰোঁ। মানে এই প্লেটফৰ্মত শব্দৰ দোষ নহয়। পৰিৱেশটো লৈ এনে কৰোঁ। যাতে গ্ৰীণ এণ্ড কাইন্ড অফ ৰিলেশ্বনৰ য'ন এটা নিৰ্মাণ কৰিব পাৰোঁ। সকলো ঘৰৰ মানুহ। তই এই শব্দটো কমফৌৰ্ট হ'ব। আমি সেইটোকে ব্যৱহাৰ কৰি আহিছোঁ। কৰি যাম। কৰিবিহঁক। "
দেবাশিস দাদাই কৈ গৈছে। দাদা সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ ছাত্ৰ। দেখাত পুৰা হেণ্ডচাম । পখিলাই চাগে ফুলৰ ৰস শুহা বাদ দিয়ে। এইজন বগামইনা চিনিয়ৰক দেখিলে। বেষ্ট টেলেন্টেডো।ঘৰ যোৰহাট জিলাৰ গন্ধিয়া গাঁৱত। মোৰো একে জিলা। মনটো ভাল লাগিল। তাকো ফুটছাইৰ জুইৰ দৰে। ষ্ট্ৰিক হোৱাৰ বাবে ভয়ো লাগিছিল, সন্মানো কৰোঁ। ষ্ট্ৰীকটো হ'বই লাগিব, মজিয়াত চলাবলৈ, জীৱন চলাবলৈ,ঘৰ চলাবলৈ, সম্পর্ক চলাবলৈ, সমাজ চলাবলৈ...। সেইয়াচোন বান্দৰে মেকুৰীক ৰুটিটো ভাগ কৰি দিওঁতে ইফালেও সমান নহয় সিফালেও নহয়। কোনোবা নহয় কোনোবাফালে কম বেছি হৈছে। সেয়েহে বান্দৰে এবাৰ একামুৰ, সিবাৰ একামুৰ খাই খাই মিলাই গৈছে। অংকটো দেখোন নিমিলে।শেষত বান্দৰে ভোজন কৰিলে ৰুটি। মেকুৰী মাহীয়ে চাই থাকিল। যেন অনুভৱ কৰিবই।কিন্তু মাতিব নেজানে বুলিহে। হাতেৰে বাকুটি পেলাই দিব। ৰোখা-চোখা-ভোখা দাল দিব। কিন্তু নোৱাৰিলে। 'উদক ভেটা ৰখীয়া পতা, বান্দৰে ৰুটি ভাগ-বাটোৱাৰা কথা' একে হ'ল-এই ভাৱত বিভোৰ হৈ নিজৰ চিকাৰলৈ গ'ল। আগতে Black and white tv ত মেকুৰী ভূত দেখি ভয় লাগিছিল। কাণতে চিনি পোৱা গৈছিল। Saktiman ৰ সত্য বচন প্ৰচাৰ, প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। সেয়েহে আজিও প্ৰিয়, আগলৈকো। সত্য উজ্জ্বল। কোনো শক্তিয়ে ৰোধিব নোৱাৰে...। প্ৰতিভাও তেনে। কোনোবাই চেপি খুন্দি ৰাখিলেও ওলাই পৰিবই। চ'ছিয়েল মাধ্যমত এনে প্ৰতিভাৰ কথা গম পাওঁ। অৱশ্যে সেই প্ৰতিভা প্ৰকাশৰ সুবিধা নোপোৱাৰ কাৰণে সৰু কামতে মকৰল হৈ থাকিব লগা হয়। শেষত সেই কামৰ ধনেৰেই আগবাঢ়ি যায়। হিংসা কৰি কিছু প্ৰতিভা মাৰি পেলোৱা উদাহৰণো আছে। মানুহটোহে মাৰিব প্ৰতিভাক কোনে মৃত্যুদণ্ড দিব পাৰিছে। কোনে? কোনে? 

(৩) 
নতুন শব্দৰ লগতে জীৱন সম্পৰ্কীয় এনে বহু কথা চিনিয়ৰ সকলে কৈ গৈছে। কৈ থকা হৈছে। এখন কাণেৰে শুনি সিখন কাণেৰে বাহিৰ কৰি দিলে নিজৰে শিকিব লগা থাকি যাব। বিনামূলীয়াকৈ আনে Motivated কৰিলে আৰু কি লাগে। তাতে মটিভেটেড কৰিবলৈ তেওঁৰো বহু বাস্তৱ অভিজ্ঞতা থাকেই। সেয়েহে মই জেক-মা ক আজিও বুকুত লৈ ফুৰোঁ। শিকি থাকোঁ...।
ওপৰলৈ থূ -পেলালে বোলে নিজৰ গা- তে পৰে ।জীৱন সম্পর্কীয় ইমান কিতাপ পঢ়া নাই। তথাপি ৰেডিঅ'ৰ প্ৰচাৰিত বহু জীৱন বিষয়ক কথাও শ্ৰৱণ-কীৰ্তন কৰোঁ। প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰৰ জীৱন বিষয়ক গ্ৰন্থ আছে। সময় সুবিধা সামৰ্থ অনুযায়ী আমি পঢ়িব পাৰোঁ। মইয়ো সকলো কিতাপ পঢ়িবলৈ সমৰ্থ হোৱা নাই। তাতে দৰিদ্ৰতাৰ সৌকাকোব চলন্ত। শিকিব পাৰোঁ। জীৱন বিষয়ক গ্ৰন্থ সমূহ এনেধৰণৰ--জীৱন কলা(২০০২),জীৱনে মোক কি দিলে(২০০৩),জীৱন সমুদ্ৰ(২০০৫)
বৰ্ণময় মন বৰ্ণময় জীৱন(২০০৫) শিল্পময় চিন্তা(২০০৫) তথাপি জীয়াই থাকিব লাগিব(২০০৫)জীৱনতকৈ মহৎ একো নাই(২০০৫)জীৱন আৰু প্ৰেম(২০০৫)নাৰী-মন নাৰী-জীৱন(২০০৫)জীৱন কলা আৰু অন্যান্য(২০০৯)।
(ইন্টাৰনেট উৎস) 


  (৪) 
 "এতিয়া হৈছে কম্পিটিশ্যন । মানে কম্পিটিশ্যনৰ যুগ। প্ৰতি চেকেণ্ডত। খেলুৱৈ ৰ মাজত জিকি আগবাঢ়ি যাব পাৰিবই লাগিব। মজিয়াৰ ঐতিহাসিক পৰিক্ৰমাইদি যাব লাগিব। পৰিস্কাৰ-পৰিচন্নতা।পৰিস্কাৰ হ'লে মন, প্ৰাণ ভাল লাগিব। কম্পিউটাৰৰ কাৰিকৰী জ্ঞানো লাগিব। প্ৰায়খিনি কাম কম্পিউটাৰতে হয়। PGDCA, Telly বা কম্পিউটাৰৰ কৌৰ্চখিনি কৰিব লাগিব। পইচা দি Certificate গোটালেই নহ'ব।যিদৰে নহ'ব ব্ৰেণ্ডেড কাপোৰতকৈ ব্ৰেণ্ডেড কাম, চিন্তা কৰিব লাগিব। এনাজৰী গেইন হোৱা যেন লাগে। কাম কৰিবলৈ দুগুণ উৎসাহ পাওঁ।..."চাড্ডাম দাদাৰ কথাখিনি খুব স্পৰ্শকাতৰ। দাদাই 'কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ' বিষয়ত অধ্যনৰত। খীণকায় শৰীৰ। লিংলিংকৈ ওখ। কি মজা গান গায়, তবলা বজায়। বিশ্ববিদ্যালয় বিভিন্ন প্ৰগেমত ভাগ লয়। নম্ৰ, অমায়িক প্ৰায় চিনিয়ৰৰে এই গুণ। 
আমি একান্ত বাধ্য ছাত্ৰৰ দৰে শুনি গৈছোঁ। শলাগি গৈছোঁ। কোনোবা সময়ত মূৰটোকে দুপিয়াই গৈছোঁ। এই যে মূৰ দুপিয়াই ডাঙৰক দেখিলে, চিনাকি মানুহক দেখিলে, বন্ধু-বান্ধৱক দেখিলে, আত্মীয়-স্বজনক দেখিলে, ৰাজপ্ৰসাদত ,চিনেমা চাই থাকিলে, নামঘৰ, মছজিদ দেখিলে, মন্দিৰ দেখিলে, ধৰ্মীয় স্থান দেখিলে এই দিশত আমি মূৰ দুপিয়াই থাকোঁ। লগতে হাতযোৰও। কিছুমানৰ ক্ষেত্ৰত সামান্যহে। ধৰ্মীয় স্থানৰ দিশত বেছি প্ৰকট। ৰাজহুৱা বিচাৰ, আলোচনা, বিলোচনা,বিহু, সংক্ৰান্তি ইত্যাদি টো এই দিশটো মন কৰিব পাৰি। বেলগুৰি এল পি স্কুলত পঢ়ি থাকোঁতে --
"ছাৰ বাহিৰলৈ যাওঁ। মূৰটো ভাঁজ কৰা দেখোঁ। 
ছাৰে কৈছিল-যোৱা, সোনকালে আহিবা
আকৌ মোৰ বন্ধু ৰাহুলে কৈছিল--
" ছাৰ বাহিৰলৈ যাওঁ!,
যোৱা,চাৰৰ চমু উত্তৰ। 
ব্যস্ত হৈ থাকিলে, মূৰটোহে লৰাই দিয়ে। মূৰটো এনেকৈ লৰাই দিয়ে। তাত শুদ্ধ(√) চিহ্নটোৰ দৰে লাগে। যেন ছাৰে বহী চাই চাই সেই চিহ্ন প্ৰয়োগ কৰি আছে। তেতিয়া আকৌ-"পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী...য়েই সৰহ। 
সোমাওঁতে মূৰটো দুপিয়াই দিয়াৰ দৰে। 
ইহঁতৰ দেৱানটো তেতিয়া কথা পাতিবলৈ শিকিলোঁ, আজিও শিকি আছোঁ। কিবা এটা ভাল লাগে। সিহঁতে ফুটাব নোৱাৰে বাবে ইতিকিং,ঠাট্ৰাৰ সন্মুখীন হয়। ভাষাৰ দিশসমূহো জানি ল'ব লাগে। অল্পপ্ৰাণ, মহাপ্ৰাণ এইসমূহ। 

লাহে লাহে সকলোৱে পৰিচয় হ'ল। বহু ভাল লাগিল। প্ৰথমৰ ভয় পজিটিভ ভাইব্ৰেশ্বনলৈ ৰূপান্তৰিত হ'ল। নিজৰ সুবিধা,অসুবিধাৰ কথাও বুজ লৈছে। এই কথাটো ভাল লাগিল। ইজনে সিজনক সহায় কৰা।
"ইয়াত এটা ডাঙৰ ইউনিটি আছে। সম্ভৱ হোৱা সকলো চেয়াৰ কৰিব । এণ্টন লেভয়ছিয়াৰকহলেভয়ছিয়াৰ আধুনিক ৰসায়নৰ পিতৃ। আন্তঃ মজিয়া কুইজ প্ৰতিযোগিতা হয়। ভাগ ল'বলৈ এনে কিছু কথা জানিব লাগিব। তেতিয়াহে আগুৱাব পাৰিম। পাৰিম নে অকল নিজৰ বিষয়কে পঢ়ি সমৃদ্ধ কৰিব। ডিগ্ৰী পাই যাবি। কিন্তু নলেজ? লাজ, ভয় দলিয়া।" হৰি দাদাৰ কথাখিনি ভাল লাগিল। দাদা ফিজিস্কৰ। দাদা মোৰ দৰে চাপৰ, বাওনা টাইপ নহয়। মাগুৰ বৰণীয়া। দাঁতবোৰ তামোল খোৱা মানুহৰ দৰে। ৰঙা। চকুকেইটাও অলপ তেনে দেখো। ক্ৰিয়েটিভ মাইণ্ড আছে। আনকো এই দিশৰ শলাগ লয়। 

"তহঁতে চা, ইয়াতে নিজৰ নাম, জন্মৰ তাৰিখ , ফোন নং এড্ কৰি দিবি,লিষ্টখন নতুনকৈ বনাই দিবি, সৰহ হ'লে দুখন কৰিবি। ইয়াত ব্লাড গ্ৰুপো। আমি ব্লাড দি মানুহক সহায় কৰি আহিছোঁ। ৰক্ত দান মহান দান। এই কথা জানো। শিৱকুমাৰ কুমাৰ দাদাই ৱালৰ লিষ্টখনৰ কথাটো বুজাই দিলে। অলপ ওখ পাতল দাড়ি। কাৰেন্ট নিউচ নখদৰ্পনত। মাগুৰ বৰণীয়া। চুলিবোৰ পাতলকৈ ৰাখে। সকলোৱে --
"ঠিক আছে দাদা"
 বুলি শলাগিলোঁ। শিৱদাদা কমাৰ্ছৰ।
সকলো ভাগে ভাগে কোঠালৈ গমনং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)