আজিৰ দিনটোৰ বিশেষত্ব-২৯ আগষ্ট

পংখী মৰাণ
0
১.আজি ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
২.আজি আন্তৰাষ্ট্ৰীয় পৰমাণু পৰীক্ষণ বিৰোধী দিৱস।

৩.১৮৪২ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।

৪.১৮৮২ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।

৫.১৮৮৫ চনৰ আজিৰ দিনটোতে গ'টলিব ডায়েমলাৰে মটৰ চাইকেলৰ পেটেণ্ট লাভ কৰে। 

৬.১৮৯৮ চনৰ আজিৰ দিনটোতে গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।

৭.১৯১০ চনৰ আজিৰ দিনটোতে কোৰিয়া জাপানৰ অধীনলৈ যায়।

৮.১৯৪৭ চনৰ আজিৰ দিনটোতে ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।

৯.১৯৫৩ চনৰ আজিৰ দিনটোতে ৰাছিয়াই আৰ ডি এছ.-১ (RDS-1) নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই।

১০.১৯৮২ চনৰ আজিৰ দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।

১১.১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।

১২.২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিক - ২০০৪ ৰ সমাপ্তি ঘটে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)