পবিত্ৰ ভাদ মাহ-চিন্ময় ডেকা

Rinku Rajowar
0
গুৰু ভক্তিৰ নাট ভংগীমা
পাওঁ পবিত্ৰ ভাদ মাহত পদমর্যাদা,
আকাশে-বতাহে  মুখৰিত কৰি তোলে।
হৰি নাম ধ্বনিৰ সুললিত শ্লোকৰ মহাবাণী;
মহা-মহা যুগী, সন্ত-মহন্ত, ভকত-বৈষ্ণৱ হৈ একত্রিত, 
নাম-প্ৰসংগ কৰে অযুত উচ্চাকাংক্ষিত;
কৃষ্ণ নাম মুখে লয়!
বন্তি জ্বলাই প্ৰাৰ্থনা কৰোঁ;
নাম লয়, নিতৌ পুৱা-গধূলি।
গীতা,কীৰ্ত্তন,ভাগৱত পাঠ কৰি,
গুৰু পদে কৰোঁ'হো স্তুতি। 
অপায়-অমংগল বিনাশ কৰি
হ'বহি সংসাৰত মানৱতাবোধৰ গুণবসানি।
শংকৰ-মধৱৰ ৰচিত ভক্তি মূলক পুথি;
আমি মূঢ়মতি নাজানোঁ ভকতি,
হৰি নামে কৰিব দয়া।
কলি যুগে কৃষ্ণ নামে সকলোৱে হৈ'লে একত্রিত,
পাপ মোচন নাশ হ'ব;
ধূপে-ধূনা শৰাই আগবঢ়াই দি কৰিছোঁ মাথোঁ সেৱা।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)