সাক্ষাৎকাৰ অসমীয়া সাহিত্যৰ চানেকিৰ ব্যৱস্হাপনা সম্পাদক ৰিণ্টু কুৰ্মীৰ সৈতে- দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
প্রশ্ন: দাদা ,প্রথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জানিব বিচাৰিছোঁ ।
উত্তৰ: মোৰ নাম ৰিন্টু কুৰ্মী। গোলাঘাট জিলাৰ বোকাখাতৰ অসমৰ ভিতৰতে এখন ঐতিহাসিক সত্ৰ কুৰুৱাবাহী সত্ৰৰ  মধুপুৰ গাঁৱত মোৰ জন্ম। মোৰ পিতৃ ৰ নাম যোগেন কুৰ্মী আৰু মাতৃৰ নাম লীলাৱতী কুৰ্মী।

প্রশ্ন: আপুনি শিক্ষা জীৱন ক'ত কেনেকৈ  আৰম্ভ আৰু শেষ কৰিলে ?
উত্তৰ:মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল আমাৰ গাঁৱতে থকা অংগনাবাড়ী বিদ্যালয়ৰ পৰা ।সেই সময়ত কেৱল মই আৰু ভন্টি হাতত ধৰাধৰিকৈ গৈছিলোঁ। আমাৰ কথা আজিও বাইদেউ সকলে কৈ থাকে। বাইদেউসকল আছিল বন্তি বৰা আৰু অঞ্জনা বনিয়া। 
প্ৰাথমিক শিক্ষা মধুপুৰ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা সকলোৱে অলপ অলপকৈ চিনি পাইছিল ।দেউতা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছিল। শিক্ষা গুৰুসকল আছিল ৰূপেশ্বৰ বড়া, দেৱজিৎ বৰা, চুকুমাৰ তাঁতী, দেউতা।
উচ্চতৰ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে কুৰুৱাবাহী অঞ্চলৰ এখন নাম থকা অনুষ্ঠান কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰিছিলোঁ। শিক্ষা গুৰুসকল আছিলঃ হাচনাহানা বেগম (অধ্যক্ষ) , ডিম্বেশ্বৰ গগৈ, ৰুনুমাই দাস, টুটুমনি নাথ (বৰ্তমানৰ অধ্যক্ষ) , দিলিপ কুমাৰ দাস, পুৰৱী গোহাঁই (অধ্যক্ষ), নীলিমা ৰাজখোৱা, হৰেণ শইকীয়া, মুহিৰাম লইং, ৰেখাৰাণী তামুলী, বিনন্দ চন্দ্ৰ বৰুৱা (অধ্যক্ষ), শ্ৰুতিমঞ্জুৰী মজুমদাৰ, ৰূপালী ঠাকুৰ, কবিতা নাথ, মৌচুমী বৰুৱা, ৰিজুমনি নাথ, বসন্ত হাজৰিকা, দিলীপ দাস, ত্ৰিদীপ পেগু, ৰুদ্ৰ শইকীয়া, পবিত্ৰ বৰা, দেবেন বৰা, ৰানা সন্দিকৈ, দিপালী শইকীয়া, শশীমা বৰুৱা, সঞ্জীপ বৰঠাকুৰ, প্ৰত্যুশ প্ৰাণ বৰুৱা।উচ্চ শিক্ষাৰ বাবে বোকাখাতৰ এখন আগশাৰীৰ মহাবিদ্যালয় যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত , ৰাজনীতি বিজ্ঞান সন্মানীয় বিষয় হিচাপে লৈ অধ্যয়নৰত শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলঃ শান্তিছায়া বৰুৱা, প্ৰশান্ত শইকীয়া, শশাংক ধৱল শইকীয়া, নগেন্দ্ৰ নাথ নায়ক, নন্দিতা কাকতি।

প্রশ্ন: আপোনাৰ জীৱনৰ  লক্ষ্য কি?
উত্তৰ: মোৰ জীৱনৰ লক্ষ্য হ'ল LLB আৰু Mass communication ৰ শিক্ষা গ্ৰহণ কৰি সমাজৰ হিতৰ কাৰণে কাম কৰা। নেদেখা জনে যদি সকলো ঠিকে ৰাখে তেন্তে নিশ্চয় লক্ষ্যত উপনীত হ'ম।

প্রশ্ন:আপোনাৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠতম ব্যক্তি   কোন আৰু কিয়?
উত্তৰ:মোৰ শ্ৰেষ্ঠতম ব্যক্তি হ'ল মা আৰু দেউতা।এওঁলোকে মোক প্রতি ক্ষণতে প্ৰেৰণা আৰু সাহস দি যায় ,ভাল বেয়াৰ খবৰ ৰাখে । পিতৃ দেৱ ভৱঃ মাতৃ দেৱ ভৱঃ।

প্রশ্ন:আপুনি সাংবাদিকতাৰ লগত কেনেদৰে জড়িত?
উত্তৰ:মই HS পঢ়ি থকা সময়ত এখন ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান বঙাইগাঁও জিলাত কাৰ্যালয় আছিল ।সেই প্ৰতিষ্ঠানৰ পৰাই প্ৰথম সংবাদ মাধ্যমৰ লগত জড়িত হৈছিলোঁ। আচলতে আমাৰ গাঁৱৰ সমস্যাৰাজি আৰু দুখীয়া নিচলাৰ দুখ দেখি মই ৰৈ থাকিব পৰা নাছিলোঁ ।তেওঁলোকৰ বাবে কিবা এটা‌ কৰিবলৈ মন গৈছিল। চৰকাৰ বা‌ প্ৰশাসনক জনোৱাৰ এটাই উপাই আছিল সংবাদ মাধ্যম।

প্রশ্ন:আপোনাৰ এটি স্মৰণীয় দিন ক'ব পাৰিবনে?
উত্তৰ:স্মৰণীয় দিন বুলি ক'লে এটা কথা বৰকৈ মনলৈ আহে।সংবাদ মাধ্যমৰ এটা বহু ডাঙৰ অভিজ্ঞতা যে এবাৰ  মই প্ৰশ্ন এটা কৰাত ভুল হোৱাৰ বাবে এজন পুলিচ অফিচাৰৰ ধমক এটা খাবলগীয়া হৈছিল।এইটো মোৰ বাবে সদায় স্মৰণীয় দিন হৈ ৰ'ব।

প্রশ্ন: আপুনি আজিলৈকে লগ পোৱা কোনোবা মহান ব্যক্তি আছেনে? যদি আছে ক'ত কেনেকৈ লগ পাইছিল।সেই মূহুৰ্ততো কেনেকুৱা আছিল?
উত্তৰ:মই জন্মগ্ৰহণ কৰিয়ে চকু মেলি দেখা পিতৃ মাতৃৰ সমান মহান ব্যক্তি ল'গ নাপালোঁ। অৱশ্যে মা কোৱা অনুসৰি দেউতাক ২১ দিন‌ পৰ্যন্ত দেখা নাছিলোঁ।

প্রশ্ন:আপুনি কি কি সামাজিক কামত জড়িত আছে আৰু আপুনি সমাজৰ হকে কি কি কৰে ?
উত্তৰ:পুৱাই উঠিয়েই দিনটোত যিকোনো ধৰণৰ সাধ্য অনুসৰি সহায় কৰাৰ মানসিকতাৰে উঠা হয়। মই কি কি সামাজিক কামৰ লগত জড়িত বুলি ক'লে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে কিন্তু মই ব্যক্তিগতভাৱে শৈক্ষিক দিশৰ উন্নয়নৰ বাবে গাঁৱত বিগত দিনবোৰত কাম কৰি‌ আহিছোঁ।

প্রশ্ন:আপোনাৰ জীৱনত এটি পাহৰিব নোৱাৰা ঘটনা আজিও যদি স্মৰণীয় হৈ আছে তেন্তে কি?
উত্তৰ:মই অষ্টম মান শ্ৰেণীত থকাৰ সময়ত নেপালৰ এখন চিকিৎসালয়ত মোৰ চকুত এটা ঔষধৰ টোপাল দিয়া হৈছিল তেতিয়া মই কান্দিছিলো কিজানি মই মোৰ চকু হেৰুৱালো বুলি কিন্তু সেই কথা পিছতহে গ'ম পালো যে চকুৰ লেতেৰাবোৰ চাফা কৰিবলৈ দিয়া হৈছিল।

প্রশ্ন:আজৰি সময়ত আপুনি কি কৰি সময় অতিবাহিত কৰি ভালপায়?
উত্তৰ:আজৰি সময়ত মা দেউতা, বন্ধু বান্ধৱী, দাদা‌ বাইদেউ, জেষ্ঠ সকলৰ সৈতে কথা পাতোঁ আৰু অন্যান্য কাম থাকে আৰু ম'বাইলত বিভিন্নধৰণৰ কাহিনীৰ সোৱাদ লও।

প্রশ্ন:আপুনি লিখা মেলা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল?
উত্তৰ:লিখা -মেলা ষষ্ঠ শ্ৰেণীৰ পৰাই কৰিছিলোঁ। এখন সৰু বহী লগত থৈছিলোঁ।দশম মান শ্ৰেণীত এজন ব্যক্তিৰ সান্নিধ্য পাই অনুপ্ৰাণিত হৈছিলোঁ ।তেখেতক এখন সভাত পাইছিলোঁ। তেখেতে কবিতা পাঠ কৰাত চিনাকি হৈছিলোঁ। তেখেত আছিল কবি দুলাল ৰবিদাস। তেখেতে সাহিত্যৰ পথাৰৰ খেতি কৰিবলৈ শক্তি যোগান ধৰিছিল।
প্রশ্ন: আপোনাৰ প্ৰতিটো মূহুৰ্তত সাহস আৰু প্ৰেৰণা হিচাপে থিয় দিয়া কোনোবা ব্যক্তি আছেনে?
উত্তৰ: নিশ্চয় সাহস আৰু প্ৰেৰণা প্ৰত্যেকটো সময়তে বন্ধু বান্ধৱী সকল আৰু শিক্ষা গুৰুসকলৰ লগতে পিতৃ -মাতৃয়ে প্ৰতিটো কামতে সাহস আৰু প্ৰেৰণা হিচাপে থিয় দিয়ে এজন ব্যক্তি বা দুজন ব্যক্তি সাহস বা প্ৰেৰণা দিছে বুলি ক'লে ভুল কোৱা হ'ব।

প্রশ্ন:আজি আপুনি ইমান দূৰ সফলতাৰে আগুৱাই আহিলে সেয়া কাৰ বাবে ?তাৰ আঁৰত কোনোবা আছেনে?
উত্তৰ:সফলতাৰ ছায়া এতিয়ালৈকে পৰা নাই যদিও এই সাধাৰণ সফলতাবোৰ একমাত্ৰ পিতৃ -মাতৃ আৰু মোৰ ভাল চিন্তা কৰাসকলৰ বাবে আগুৱাই যাবলৈ সক্ষম হৈছোঁ।

প্রশ্ন:আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ কি?
উত্তৰ:মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ বুলি ক'লে মই জন্মৰ পৰা এতিয়ালৈকে পোৱা মোৰ অভিজ্ঞতা আৰু মোৰ ভগৱানৰ দানস্বৰূপ পিতৃ -মাতৃ।

প্রশ্ন:আপুনি উঠি অহা প্ৰজন্মৰ বাবে কি কৰিব বিচাৰে? কি উপদেশ দিব বিচাৰে?
উত্তৰ:উঠি অহা প্ৰজন্মই কেৱল পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাথাকি মানৱ জীৱনৰ প্ৰতিটো অভিজ্ঞতাই ল'বলৈ চেষ্টা কৰক। সহৎ লোকৰ বনবাস নিশ্চিত সেয়েহে ধৈৰ্য আৰু সহ্য কৰিব লাগিব। মহাভাৰতৰ পাণ্ডুপুত্ৰ ধৰ্মত অৰ্থাৎ সত্য আছিল যদিও বহু কষ্ট লাঞ্চনা, বঞ্চনা আদি বিভিন্ন ধৰণৰ কটু স্বৰ শুনিবলগীয়া হৈছিল তথাপিও অধৈৰ্য্য হোৱা নাছিল ।যুধিষ্ঠিৰে বুজিব পাৰিছিল তেওঁ সত্যৰ পঠত আছে বুলি। আমাৰ নৱপ্ৰজন্ম মহাভাৰতৰ পৰা শিক্ষা লওক ৰামায়ণৰ পৰা শিক্ষা লওক।
এতিয়ালৈকে উপদেশ দিব পৰা হোৱা নাই যদিও ছাত্ৰ ছাত্ৰী সকল মোৰ প্ৰিয় বাবে তেওঁলোকক মাজে সময়ে লগ কৰোঁ। আৰু শিক্ষা সম্বন্ধীয় কথাবোৰ বুজাই দিবলৈ যত্ন কৰোঁ।

প্রশ্ন:আপুনি কি কৰি আটাইতকৈ বেছি সুখ অনুভৱ কৰে?
উত্তৰ:আটাইতকৈ বেছি ভাল পাওঁ বুলি ক'লে কেইবাটাও কথা ক'ব লাগিব যেনে মানুহক সহায় কৰি, ছাত্ৰ ছাত্ৰী সকলৰ সৈতে আলাপ আলোচনা, বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আদিবোৰ কৰি আত্মসন্তুষ্টি পাওঁ।

প্রশ্ন:আপোনাৰ জীৱনত এনেকুৱা এজন শিক্ষক আছেনে ? যিজন শিক্ষকে আপোনাৰ বাবে বহুত কৰিছিল?
উত্তৰ:তেনেকুৱা এজন নিদিষ্ট শিক্ষক- শিক্ষয়িত্ৰী নাই সকলোৰে মৰম আৰু সহায় পাই আহিছোঁ।

প্রশ্ন: বৰ্তমান আপুনি কি কৰি আছে?
উত্তৰ:বৰ্তমান শিক্ষাৰ লগতে জড়িত , যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ। অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলোচনী ৰ ব্যৱস্থাপনা সম্পাদক, ৰংকিমি দ্বিমাহিক আলোচনী ৰ সহযোগী সম্পাদক, ৱেব পৰ্টেল Public talks news ৰ সাধাৰণ সম্পাদক, আৰু বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ লগত জড়িত হৈ জীৱন অতিবাহিত কৰি আছোঁ।

প্রশ্ন: আপুনি কি কি ঠাই ভ্ৰমণ কৰি কি কি অভিজ্ঞতা লাভ কৰিলে?
উত্তৰ:মোৰ জীৱনৰ আটাইতকৈ দীঘল যাত্ৰা আছিল আমাৰ কাষতে থকা ৰাজ্য নেপাল ।নেপাললৈ মোৰ চকু চিকিৎসাৰ বাবে গৈছিলোঁ, মিচি নেত্ৰালয়লৈ।
অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ ,যেনে'ঐতিহাসিক শিৱসাগৰ, যোৰহাট, তেজপুৰ, নগাঁও, শোণিতপুৰ, কামৰূপ, লক্ষিমপুৰ। এই ঠাইবোৰ ভ্ৰমণ কৰি যথেষ্ট অভিজ্ঞতা পাইছোঁ। সেই অভিজ্ঞতাবোৰ কবলৈ হ'লে শেষ নহ'ব সেয়েহে পৰবৰ্তী সময়ত কবলৈ যত্ন কৰিম।
এটা কথা কৈ থওঁ ভ্ৰমণ কৰিলে বহু অভিজ্ঞতা পোৱা যায়।

প্রশ্ন:জীৱনৰ বাটত উজুটি খালে কাৰ কথা মনলৈ আহে?

উত্তৰ:জীৱনৰ বাটত উজুতি খালে মা লৈ বহুত মনত পৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)