তাহানিৰ শিক্ষাৰ্থী বনাম বৰ্তমানৰ শিক্ষাৰ্থী - মাণ্টি মোদক

Aditi Tanti
0
"পূৰ্নমদ: পূৰ্নমিদং পূৰ্নাৎ পূৰ্নমিদমুচত্যে 
পূৰ্নস্য পূৰ্নমাদায় পূৰ্নমেৱাবশিষ্যতে।।"

প্ৰাচীন কালত শিক্ষা আছিল বৰদান স্বৰূপ তথা বিদ্যাৰ ভাণ্ডাৰ স্বৰূপ । সেইসময়ত শিষ্যই গুৰু গৃহত থাকি বহু বছৰ কাল গছৰ তলত ঢাৰি-পাটীত বহি শিক্ষা অৰ্জন কৰিছিল । সেই শিক্ষা কেৱল গ্ৰন্থতে আৱদ্ধ নাছিল ; বিভিন্ন আলোচনা-পৰ্য্যালোচনাৰ মাধ্যমেৰে গুৰুৱে শিষ্যক নীতি কথা অৰ্থাৎ পিতৃ-মাতৃ , আত্মীয়-কুটুম্ব তথা গুৰু আচাৰ্যৰ প্ৰতি প্ৰেম-প্ৰীতিৰ দ্বাৰা কিদৰে শিক্ষাগত অৰ্হতাৰ সীমা নিৰ্ধাৰণ কৰিব তাৰ মানদণ্ড নিৰূপণ কৰিছিল ।
এতিয়া প্ৰশ্ন হ'ল বৰ্তমান সেই গুৰু কেন্দ্ৰীক শিক্ষা আছেনে ? নে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কোবাল সোঁতত ছাত্ৰ-ছাত্ৰী লগতে শিক্ষা ব্যৱস্থাও উটি-ভাঁহি গ'ল ? শিক্ষা হৈছে এক প্ৰকাৰৰ তপস্যা । আৰু এই তপস্যা নহ'লে বিদ্যা অৰ্জন কৰিব নোৱাৰি । প্ৰাচীন কালত গছৰ তলত বহি প্ৰখৰ ৰ'দ তথা জাৰত শিষ্য বৃন্দই বহু কষ্টৰ মাজেৰে শিক্ষা অৰ্জন কৰিছিল ; তাৰ পৰৱৰ্তী সময়ছোৱাত বাঁহ , খেৰ তথা মাটিৰে শিক্ষানুষ্ঠান সাজি শিক্ষা অৰ্জন কৰিবলৈ ধৰিলে। কিন্তু বৰ্তমান সময়ছোৱাত চকী , মেজ , ফেন , লাইট লগতে প্ৰজেক্টৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা হয় । এনেদৰে সময় বাগৰি আহি আহি বৰ্তমান শ্ৰেণীকোঠা হৈ পৰিল 'ডিজিটেল ক্লাচৰুম'। হয় ! এটা সময় আছিল যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে ভগ্নদশা শ্ৰেণীকোঠাত বহি পাঠ গ্ৰহণ কৰিছিল কিন্তু বৰ্তমান 'স্মাৰ্ট ক্লাচৰুম' ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক আধুনিক শিক্ষা প্ৰদান কৰা হয় । মুঠতে ক'বলৈ গ'লে আজি-কালিৰ ছাত্ৰ-ছাত্ৰীয়ে কষ্ট , সাধনা আৰু তপস্যাৰ যি আমেজ সেয়া উপলব্ধি কৰাৰ পৰা একেবাৰে বিৰত থাকিবলগীয়াত পৰিল ।
বৰ্তমানৰ সময়ছোৱাত শিক্ষাগুৰু বিচাৰি হাবাথুৰি খাব ও নালাগে কাৰণ 'গুগল'-এ তথ্য সংৰক্ষণৰ কাৰ্য সুকলমে সমাধা কৰি আহিছে। কি তথ্য , কিমান শতিকাৰ , কিমান প্ৰাচীন তথ্যৰ প্ৰয়োজন সকলো তথ্য মজুত 'গুগল' ত ; কেৱল 'অনুসন্ধান'ত গৈ বিষয়টো লিখি তথ্য ওলোৱালৈ অপেক্ষা মাত্ৰ । (গুগল ৰ সকলো তথ্য শুদ্ধ হ'ব পাৰে , নহ'বও পাৰে ) আমি কিতাপে , আলোচনীয়ে পঢ়ি আহিছো যে কিমান ডাঙৰ ডাঙৰ পণ্ডিতে আমাৰ ভাৰত দেশলৈ এটা সময়ত লুণ্ঠন কাৰ্য বা যুদ্ধৰ কাৰণে নহয় বৰং শিক্ষা অৰ্জন কৰিবলৈ আহিছিল ; শাস্ত্ৰজনিত শিক্ষা গ্ৰহণ কৰিবলৈ । কিন্তু দুখৰ বিষয়টো হ'ল বৰ্তমান পাশ্চাত্য শিক্ষা অথবা আধুনিকতা গ্ৰহণ কৰিবলৈ ল'ৰা-ছোৱালীয়ে বিদেশ যাত্ৰা কৰিবলৈ লৈছে ।
বৰ্তমান শিক্ষা অৰ্জনৰ এক অন্যতম সজুঁলি হৈছে 'স্মাৰ্ট ফোন'। কিছু ছাত্ৰ-ছাত্ৰীয়ে যদিও অকল শিক্ষা অৰ্জনত 'স্মাৰ্ট ফোন' ব্যৱহাৰ কৰে কিন্তু প্ৰত্যেক শিক্ষাৰ্থী নহয় ।এই স্মাৰ্ট ফোনৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীয়ে অসৎ কৰ্মত লিপ্ত হৈ পৰা দেখা যায় আৰু ইয়াৰ প্ৰমাণ যিকোনো সামাজিক মাধ্যমত চালে গম পাব পাৰি গতিকে এই ক্ষেত্ৰত অভিভাৱকৰ কঠোৰ দৃষ্টি অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ নহ'লে সমস্যা পিছলৈ কিমান জটিল হ'ব পাৰে তাক ভাৱিবৰ স্থল নাই ।
ছাত্ৰ সমাজত বৰ্তমান সময়ত 'বাইক' নামৰ যন্ত্ৰ বিধৰ বহুল প্ৰচলন পৰিলক্ষিত হৈ আহিছে ; নব্বৈৰ দশক পৰ্য্যন্ত চাইকেলেৰে ছাত্ৰ-ছাত্ৰীয়ে বহু দূৰ-দূৰণিৰ পৰা স্কুল , কলেজলৈ যাত্ৰা কৰিছিল কেৱল শিক্ষা অৰ্জনাৰ্থে । কিন্তু ছাত্ৰ সমাজত এই চাইকেল নামটো বৰ্তমান লুপ্তপ্ৰায় আৰু ইয়াৰ ঠাই অধিকাৰ কৰিলে 'বাইক' নামৰ যন্ত্ৰ বিধে । বৰ্তমান ছাত্ৰ সমাজৰ উক্তি "বাইক নিদিলে কলেজলৈ নাযাওঁ" আনকি ইয়াৰ বাবে বৰ্তমান সময়ত বহু সন্তানে নিজৰ পিতৃ-মাতৃক প্ৰাণৰ ভাবুকি পৰ্য্যন্ত দিয়ে । ইয়াৰ জ্বলন্ত উদাহৰণ আমি কাকতে , চেনেলে চালেই গম পাব পাৰি যে উঠি অহা চাম কিমান ভয়ংকৰ দিশে ধাৱমান । বৰ্তমান প্ৰজন্মৰ ওপৰত যান্ত্ৰিক প্ৰযুক্তিবিদ্যাৰ মোহ আৰু হাবিয়াস কেনেকুৱা তাৰ মৰ্মস্পৰ্শী চিত্ৰ পৰিলক্ষিত হয় ২০১৪ চনত সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক অৰূপা পটঙ্গীয়া কলিকাৰ গ্ৰন্থ 'মৰিয়ম আষ্টিন' অথবা হীৰা বৰুৱা সন্নিৱিষ্ট 'ভঙা চাইকেলত বান্ধি থোৱা এখন দা' শীৰ্ষক গল্পত । কিদৰে 'বাইক' নোপোৱাৰ বাবে এজন পুত্ৰই নিজৰ পিতৃক মাৰিবলৈ খেদি গৈছে তাৰ মৰ্মস্পৰ্শী আৰু হৃদয়বিদাৰক ছবি প্ৰতিফলিত হৈছে গল্পটোত ; সম্পূৰ্ণ বাস্তৱিক চিত্ৰ ৰূপায়ণ ।
গতিকে আধুনিক সময়ছোৱাত এই বিষয়সমূহৰ ওপৰত মুক্ত চৰ্চা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে ; মুক্ত চৰ্চাই এই সমস্যাৰ বাট মুকলিৰ উপায় হিচাপে পৰিগণিত হ'ব পাৰে । এনে সমস্যাসমূহক বৰ্তমানে মূলৰ পৰা শেষ কৰিবলৈ আমি পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিবই নতুবা অনাগত দিনবোৰত পৰিস্থিতি অধিক জটিল তথা বিপদসংকুল হৈ পৰাৰ পূৰ্ণ আশংকা বিৰাজমান। 
               
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)