ফুলশয্যাৰ নিশা- (খণ্ড ৬) তীৰ্থ পিণ্টু বৰা

Aditi Tanti
0
দিনটোৰ ব্যস্ততাৰ পাছত ভাত কেইটা খাই বাচন-বৰ্তন ধুই মনা ভাগৰি পৰিছিল , কিছুসময় সেয়ে বিছনাত আৰাম কৰিব বিচাৰিছিল...

: মনা ! আৰাম কৰিব নালাগে , ক'ৰবাত অলপমান ফুৰিবলৈ যাওঁ ব'লা , আকৌ পূজাত হে ছুটী পাম । - ৰক্তিমে মনাক ক'লে ।
: ক'লৈ যাবা নো ? ঘৰৰ পৰাই এপাক আহোঁগৈ নহ'লে , মাৰ মনটো ভাল লাগিব ।
: বেয়া নহয় ! তুমি ৰেডী হোৱা মই দেউতাক কথাটো জনাই আহোঁ ।
: শুনা , নূপুৰকো ওলাবলৈ কওঁ নেকি ?
: আজি নালাগে দিয়া , বিহুত তাইৰ লগত যাবা । হ'বনে ?
: ঠিক আছে ।

         কথাটো শুনি মনাৰ মনটো ভাল লাগি গ'ল , বিয়াৰ পাছত একেলগে প্ৰথমবাৰৰ বাবে মাকৰ ঘৰলৈ যাব , মনাৰ মনটো আনন্দত ভৰি পৰিল । বিছনাত পেলাই চাদৰখন জাপ দিবলৈ লওঁতেই নূপুৰ সোমাই আহিল ।

: বৌ ক'ৰবালৈ যোৱা নেকি ? 
: ঘৰৰ পৰা আহোঁগৈ । ৰক্তিম কাইলৈ যাবগৈ যে , আকৌ বোলে পূজাত হে আহিব ।
: হয় নেকি , দিয়া চাদৰখন ময়ে জাপি দিওঁ ।
: বৰ সৰুকৈ নাজাপিবা ।
: কিয় বৌ ? তুমি এতিয়াও ন-কইনা হৈয়ে আছা অলপমানটো ষ্টাইল কৰিবই লাগিব ।
: দেউতাৰ আগত মোৰ লাজ লাগে ষ্টাইল কৰিবলৈ ।
: ৰ'বা মই ষ্ট্ৰেইটনাৰডাল আনোগৈ চুলিখিনি ষ্ট্ৰেইট কৰি দিম , ধুনীয়া লাগিব বুলি কৈ দৌৰ মাৰি ষ্ট্ৰেইটনাৰডাল আনি মনাৰ চুলিখিনি ষ্ট্ৰেইট কৰি দিলে ।
: Thanks নূপুৰ ।
: Welcome বৌ । তুমি ৰেডী হোৱা মোৰ ফোন বাজি আছে ।

           কাপোৰযোৰ পিন্ধাৰ আগতেই মনাই দেউতাকক চেনী নিদিয়াকৈ ৰঙা চাহ একাপ যাঁচিলে ।
: ঘৰলৈ যোৱা হ'বলা ?
: হয় দেউতা ।
: মোক বাবাই কৈছে । বৰ দেৰিলৈকৈ নাথাকিবা । কাইলৈ বাবাৰ জন্মদিন ; মই কেক এটা অৰ্ডাৰ কৰি থৈছোঁ ঘূৰি আহোঁতে সোমাই লৈ আহিবা , মই পইচা দি থৈছোঁ ।তোমালোকে দিব নালাগে ।
: ঠিক আছে দেউতা , বাহিৰত অৰ্ডাৰ দিয়াতকৈ মই ঘৰতে বনাব পাৰিলোহেঁতেন ! 
: আৰু শুনা বাবাৰ লগত তুমি প্ৰথম ঘৰলৈ যাবা। মা-দেউতালৈ কিবা এটা লৈ যাবা ।
: হ'ব দেউতা ।
   
              মনাই কাপোৰ পিন্ধিবলৈ লওঁতেই ৰক্তিম আকৌ ৰুমলৈ সোমাই আহিল...অথনিৰে পৰা হোৱাই নাই নে তোমাৰ !
: হ'লেই ৰ'বা ! কাপোৰযোৰ পিন্ধিলেই হ'ল ।
: কপালত ফোট লোৱাই নাই দেখোন ! এনেকৈয়ে যাবা নেকি ?
: পাহৰিছিলোঁৱেই । তুমি যিহে খৰ-খেদা কৰিছা ।

           দেউতাকক মাতষাৰ লগাই দুয়ো গাড়ীত বহিল । গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগেই মনাই AC টো অন কৰি গান লগাই দিলে -"সৰাপাতে পাতে পাতে ফাগুন নামে পলাশৰে ৰঙ ৰাঙলী/বতাহে কাণে কাণে ক'লে নহ'বা উদাস অভিমানী" - মৃদু মৃদু স্বৰত গীতটো বাজি আছিল , তেনেতে মনাই প্ৰশ্ন কৰিলে - ''ফাগুন তোমাৰ প্রিয় নে''?
: কিয় সুধিলা ? 
: এনেয়ে !
: ফাগুন মোৰ খুবেই প্রিয়.. তোমাৰ ?
: মোৰো প্রিয় , কিন্তু ফাগুনৰ উতলা ৰূপটো মোৰ ভয় লাগে ,
: কিয় ? 
: সেই প্ৰশ্নৰ উত্তৰ মই আজিও পোৱা নাই , লঠঙা গছবোৰ দেখিলে মোৰ বৰ ভয় লাগে , কিয় জানা ? আমিওতো এদিন গছবোৰৰ দৰেই বুঢ়া হৈ যাম , ক'লা ক'লা চুলিবোৰ বগা হ'ব , গাত বয়সৰ চাপ পৰিব ।
: সেয়া প্ৰকৃতিৰ নিয়ম জন্মিলে এদিন মৃত্যু হ'বই , ফাগুন অহাৰ লগে লগেই সেউজীয়া পাতবোৰ হালধীয়া হয় । বহাগত ন পানী পাই লঠঙা গছবোৰত কুঁহিপাত ওলায় , সেইদৰেই মানুহেও জীৱন যুঁজত ভাগৰি পৰিলে কিছুদিন মৌন হৈ থাকি আকৌ নতুন সপোন দেখে , সপোনৰ পাছে পাছে আকৌ দৌৰিবলৈ আৰম্ভ কৰে ।
: সঁচাকৈয়ে...বৰ বিচিত্ৰ জীৱন চক্ৰ , বজাৰৰ ওচৰত গাড়ীখন অলপ ৰখাই দিবাচোন । বজাৰ অলপ কৰিব লগা আছে ।
: কি বজাৰ কৰিব লগীয়া হ'ল ? চিধাকৈ ক'লেই হ'ল পাৰ্লাৰ যাব লগা আছে বুলি ।
: তুমিও যে আৰু ! মই নিজৰ ঘৰলৈহে যাম । পাৰ্টি খাবলৈ নাযাওঁ নহয় । মা-দেউতালৈ কিবা এটা লৈ যাব লাগিব ।
: অ' , সেইটো কথা তুমি চিন্তা কৰিব নালাগে মই আগতীয়াকৈ সকলো যোগাৰ কৰিহে তোমাক ওলাবলৈ কৈছো ।
: তেন্তে ৰখাব নালাগে , ব'লা... মাক ফোন কৰাও নহ'ল তোমাৰ উৎপাতত ।
: মই ৰাতিপুৱাই মাক ক'লো আৰু গৈ নোপোৱালৈকে তোমাক জনাবলৈ মানা কৰিছিলোঁ...
: অ'... সেয়ে মায়ে আজি মোলৈ ফোন কৰা নাই । দুষ্টটো ক'ৰবাৰ...
: তোমাক surprise দিম বুলি ভাবিছিলো...

           কথা পাতি গৈ থাকোঁতেই মনা ঘৰৰ পদূলি পালেগৈ । পদূলিত গাড়ীখন ৰখোৱাৰ লগে লগেই মাক উধাতু খাই ওলাই আহিল , মাজনী পালাহি ... আহাঁ । ৰক্তিম , নূপুৰকো লৈ আহিব পাৰিলাহেতেঁন...দেউতাৰাৰ ভাল নে ?
: মা , বহি ল'বলৈ দিয়া , চোতালতে দেখোন খা-খবৰ লৈ শেষেই কৰিলা ।
: ভিতৰলৈ ব'লা , মই দেউতাৰাক জগাই দিওঁগৈ । 
: মা ভাইটি নাই নেকি ?
: সি অলপ ওলাই গৈছে , আহিবই এতিয়া ।

          ৰক্তিমক বহিবলৈ দি মনা ভিতৰলৈ সোমাই গ'ল দেউতাকে উঠি আহি ৰক্তিমৰ কাষতে বহিলে ।
: ভালে  আছা ? ঘৰত সকলোৰে ভাল নে ?
: ভালেই দেউতা , সকলোৰে ভাল , আপুনি সময়মতে দৰৱবোৰ খাই আছে নহয় ?
: খাই আছোঁ ,দৰৱৰ জোৰতেই ইমান দিনে জীয়াই আছো , পিছে তুমি কেতিয়া যাবা ? 
: মই কাইলৈ ৰাতি যামগৈ , আকৌ বিহুত আহিম ।
: অ' হয়নেকি ! তেনেতে পৰ্দাৰ ফাঁকেৰে জুমি চাই ভিনদেউ বুলি মাতষাৰ দি মনোৰঞ্জন মানে মনাৰ ভায়েক সোমাই আহিল ...

: ভিনদেউ , কেতিয়া পালেহি ? বা নাই অহা নেকি !
: অলপ আগতে পাইছোহি , বা আহিছে , ভিতৰত আছে ‌।
: আপুনি বহকচোন , মই বাক মাত লগাই আহোঁ । 
: ঠিক আছে ।

           সকলোৱে একেলগে চাহ ৰুটি খোৱাৰ পিছত মনা আৰু ৰক্তিম যাবলৈ ওলাল , মনাই গাড়ীৰ পৰা বস্তু কেইটা নমাই আনি ৰক্তিমৰ হাতত দিলে , ৰক্তিমে মাক-দেউতাকক একেলগে বহিবলৈ দি উপহাৰটো আগবঢ়াই সেৱা কৰিলে । মাক-দেউতাকেও হিয়া উজাৰি আৰ্শীবাদ দিলে , "ঈশ্বৰে তোমাক কুশলে ৰাখক" । মনা ভাইটি ক'ত ? ভাইটি চাওঁ এইফালে আহাচোন ! ভিনীয়েকৰ মাত শুনি উধাতু খাই আহিল । এইটো লোৱা , সৰু কিবা এটা দিছোঁ । মই কাইলৈ যামগৈ , মাজে মাজে গৈ থাকিবা ।
: হ'ব ভিনদেউ , আপুনি চিন্তা নকৰিব ।
: মা , দেউতা আমি আহিছোঁ , ভাইটি ভালকৈ থাকিবি , দেউতাৰ অলপ যত্ন লবি , দৰৱবোৰ সময়মতে খুৱাই থাকিবি ....

            


  ( ক্ৰমশঃ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)