আপোনাৰ মাজত মোৰ দাদাক বিচাৰি পাওঁ-দিপশিখা ৰাজকোঁৱৰ

সন্ধিয়া সম‌য়ত এজাক কিনকিনীয়া বৰষুণ । শিখাই কলেজৰ পৰা আহি বৰষুণ জাক চাইয়ে বহি আছিল । শিখাৰ মনলৈ এইকেইদিন বৰমাকৰ পুতেক ৰাজৰ মৃত্যুৰ ঘটনাটোৱে আহি আছে । হঠাৎ কেনেকৈ যে ৰাজে মৃত্যুক সাবটি গুচি গ'ল অচিন দেশলৈ । জীৱনৰ ৰঙীন ৰঙবোৰ উপভোগ কৰিবলৈ নাপালেই । নিষ্ঠুৰ সময়ৰ সোঁতত ৰাজ হেৰাই গ'ল । সকলোৰে মৰমৰ ৰাজক আজি পৰ্যন্ত কোনেও পাহৰিব পৰা নাই । শিখাৰ দুচকুত মৰমৰ ককায়েক ৰাজৰ মুখখনি বাৰে বাৰে উদ্ভাসিত হয় । কথাবোৰ ভাবি থাকোঁতে কেতিয়ানো সময়বোৰ পাৰ হ'ল ধৰিবই নোৱাৰিলে । মাকৰ মাততহে তাই উচপ খাই উঠিল - "মাজনী কি ভাবি আছ ? আন্ধাৰ হ'ল যা প্ৰাৰ্থনা কৰি পঢ়াত বহগৈ।" মাকে কোৱাৰ লগে লগে তাই ভিতৰলৈ গ'ল ।
           পিছদিনা কলেজৰ গেটৰ বাহিৰত সদায় ৰৈ থকাৰ দৰে আজিও শিখাই ৰৈ আছে মৃদুলহঁত অহালৈ । তাইৰ সন্মুখেৰে সিহঁত পাৰ হৈ যোৱাৰ লগে লগে তাই মৃদুলক "ৰাজ দা" বুলি চিঞৰিলে । শিখাৰ মাত শুনি মৃদুল আৰু পলাশ ৰৈ দিলে , বাকীবোৰ গ'লগৈ । মৃদুল ল'ৰাটো বৰ খঙাল যদিও মৰমিয়াল । তাইক সি খঙেৰেই ক'লে - "শিখা তোমাক মই কিমান বাৰ ক'ব লাগে যে মোৰ নাম মৃদুল , ৰাজ নহয় । তুমি কিয় ৰাজ দা বুলি মাতি থাকা ?" 
         কথাখিনি কৈ সিহঁত গ'লগৈ । শিখাই তাতেই ৰৈ সিহঁত যোৱাৰ ফালে চাই থাকিল । কি আচৰিত সেই একেই গুণ বিচাৰি পায় মৃদুলৰ মাজত । মৃত্যু হোৱা ৰাজক বিচাৰি পায় মৃদুলৰ মাজত । কিন্তু সি যে নাজানে সেইকথা । কেতিয়াবা যদি ৰাজে মতাৰ দৰেই মৃদুলেও ভণ্টি বুলি মাতিলেহেঁতেন ! কিমান যে তাই সুখী হ'লহেঁতেন । পিছদিনাখনৰ পৰা শিখাই ক্লাছ কৰিয়েই ঘৰলৈ উভতা হ'ল ।
           পলাশৰ মুখৰ পৰা ৰাজৰ কথাটো শুনাৰ পিছৰে পৰা মৃদুলে নিজকে দুখী দুখী অনুভৱ কৰিছে । সি বাৰু কিয় তাইক তেনেকৈ ক'লে ! ছেঃ , তাৰ যে খঙটো ।
          পিছদিনা মৃদুলে আগতিয়াকৈ আহি গেটৰ বাহিৰত তাইৰ বাবে ৰৈ থাকিল । তাইক লাহেকৈ মাতিলে - "শিখা ৰ'বাচোন" । তাই নোৰোৱা দেখি আকৌ এবাৰ মাতিলে - "শিখা  শুনাচোন" । তাই এইবাৰ ৰৈ দিলে । কোৱা মৃদুল দা কিবা  ক'ব খুজিছা ? মৃদুলে কওঁ-নকওঁকৈ ক'লে - "শিখা , তুমি মোক ৰাজ দা বুলিয়েই মাতিবা আৰু মই তোমাক ভণ্টি বুলি হ'বনে ? তুমি মোক মাতিবানে ৰাজ দা বুলি ?" মৃদুলৰ কথাবোৰ শুনি শিখাৰ মুখত এটি মিচিকিয়া হাঁহি বিৰিঙি উঠিল ।


✍🏻দিপশিখা ৰাজকোঁৱৰ
দ্বাদশ শ্ৰেণী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send