২১আগষ্ট- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
আজি হ'ল ২১ আগষ্ট। গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৩২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক---

* আজি মৰক্কোৰ যুৱ দিৱস।
* আজিৰ দিনটোতেই ১৭৭০ চনত জেমছ কুকে আনুষ্ঠানিকভাৱে পূব অষ্ট্ৰেলিয়া ব্ৰিটেইনৰ বাবে দাবী কৰিছিল।
* আজিৰ দিনটোতেই ১৮২৮ চনত ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল।
* আজিৰ দিনটোতেই ১৮৫৮ চনত ভূতপূৰ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু তেখেতৰ প্ৰতিদ্বন্দী ডগলাচৰ মাজত প্ৰথমখন তৰ্কযুদ্ধ হৈছিল।
* আজিৰ দিনটোতেই ১৯১১ চনত বিখ্যাত মনালিছা ছবিখন মিউজিয়ামৰ এজন কৰ্মচাৰীয়ে চুৰ কৰি নিছিল।
* আজিৰ দিনটোতেই ১৯৪৪ চনত ডাম্বাৰটন অ'কচ সন্মিলনৰ আৰম্ভণি ঘটিছিল।
* আজিৰ দিনটোতেই ১৯৭৪ চনত অসমৰ ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

সংগ্ৰাহক= কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)