আনে নজনাকৈ তোমাৰ প্ৰেমত,
যেতিয়া উঠিছিল প্ৰেমৰ জোৱাৰ মোৰ হৃদয় সাগৰত।
সপোনৰ কোলাত
চেঁচা বতাহ হৈ চুইছিলোঁ তোমাক,
দিছিলো মৰমৰ ঘাটত
বহু আশাৰ পানচৈ মেলি।
কিন্তু! নিজেই দিশহাৰা হলোঁ
মাজ সাগৰৰ প্ৰৱাল সোঁতত,
যেন জীৱন মৰুভূমিত মৰীচিকা খেদি।
সেই ৰাতি সুৱাস বিলাই
পুৱালৈ সৰি পৰা তুমি
এপাহি শুকুলা শেৱালী।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ