নাৰী তোমাক প্ৰণাম (৪) - হিমাংশু বৰা

কথাষাৰ কৈয়েই ৰক্তিমে তাৰ কাষতে থকা কাঁচৰ মদৰ বটলতো ভাঙি টুকুৰা টুকুৰ কৰি তাৰে এটা টুকুৰা হাতত লৈ চাটকৈ মানসীৰ সোঁহাতখন কাটি পেলালে। মজিয়াত বৈ গ'ল এখনি বেদনাযুক্ত তেজৰ ৰঙা নৈ। অবিৰতভাৱে বৈ আছে এখনি তেজৰ জীয়া ৰঙা নৈ আৰু সেই নৈৰ বুকুতে জাহ যোৱাৰ উপক্ৰম হ'ল মানসীৰ অমূল্য অথচ কষ্টেৰে ভৰা জীৱনটো। অলপ সময়ৰ বাবে নিস্তব্ধ হৈ যেন মানসীয়ে সকলো কষ্ট, সকলো দুখ, সকলো যন্ত্ৰণা, সকলো অত্যাচাৰৰ পৰা যেন মুক্তি পালে এনেকুৱা অনুভৱ কৰিলে তাই। কিন্তু তাই অনুভৱ কৰাৰ মতেইটো সকলো নহয়! ভাগ‍্যৰ বিষাক্ত খেলখনে তাইৰ লগত খেলি বৰ ভাল পাইছিল, সেয়ে তাইক নিবলৈ অহা যমদূতকো ওভোটাই পঠিয়ালে। মানসীৰ শিৰৰ সেন্দূৰকণেই যেন আজি তাইৰ প্ৰাণৰ বৈৰী হ'ল। অৱশিষ্ট কাঁচৰ টুকুৰা আৰু মদখিনি মানসীৰ শৰীৰৰ ৰঙা তেজৰ বোৱতী নৈখনৰ লগত বিলীন হৈ গৈছে যিদৰে এদিন মানসীৰ অস্তিত্বও বিলীন হৈ গৈছিল সময়ৰ সোঁতত অস্পষ্ট আৰু অদৃশ্য ভাৱে। 

   "কিয় সময়বোৰ ইমান নিষ্ঠুৰ? কিয় ভগৱান ইমান নিষ্ঠুৰ? কিয় মানুহবোৰ ইমান নিষ্ঠুৰ? ভগৱান যদি পৃথিৱীত সঁচাকৈয়ে আছে তেন্তে সেইজন কেনেকুৱা ভগৱান যিজনে এজনী নাৰীৰ জীৱনটো ৰক্ষা কৰিব নোৱাৰে, যিজনে এগৰাকী নাৰীৰ ওপৰত হোৱা ইমান অত্যাচাৰ দেখিও নিৰৱে নিমাত হৈ চাই থাকি সুখ লভে? সেইজন কেনেকুৱা জীৱ আৰু জীৱন ৰচোতা যিজনে এটা জীৱৰ ওপৰত ইমান দুখ আৰু এটা জীৱৰ ওপৰত ইমান সুখ লিখে? ন‍্যায়ৰ অৰ্থ এনে নেকি যে এজন পুৰুষে যিমান মন যায় সিমান এগৰাকী নাৰীৰ ওপৰত অত্যাচাৰ কৰি যাব আৰু নাৰী গৰাকীয়ে সকলো সহ‍্য কৰি যাব লাগিব? বিয়াৰ অৰ্থ এয়ে নেকি যে এজনী ছোৱালীয়ে নিজৰ ঘৰৰপৰা এগালমান বস্তু লৈ আনিব লাগিব? এজনী নাৰীয়ে নিজৰ সকলো এৰি থৈ এখন ঘৰলৈ গুছি আহে এইখিনিই জানো যথেষ্ঠ নহয় এখন ঘৰৰ মানুহৰ মৰম পাবলৈ ? যদি হয় তেন্তে মই কিয় পোৱা নাই?" টেটু ফালি ফালি চিঞৰি চিঞৰি মানসীৰ আজি সুধিবলৈ মন গৈছে। কিন্তু কাক সুধিব তাই? তাইৰ হাতত লাগি আছে চেলাইন। হাতখনত অসহ্য বিষ উঠিছে যদিও শৰীৰৰ এই দুখবোৰ, বিষবোৰ যেন আজিকালি তাইৰ ওচৰত একেবাৰে তুচ্ছ হৈ পৰিছে। 

       কেতিয়া, কোনে, কি কৰিলে মানসীৰ মনত নাই, তাইৰ যেতিয়া হুচ আহে আৰু চকু মেলি চায় তেতিয়া তাই নিজকে কোনোবা এখন হস্পিতালৰ এটা ৰুমৰ ভিতৰত দেখে। আচৰিত তাই! কোনে আনিলে তাইক হস্পিতাললৈ ? সেইজন ৰক্তিমেই নে যিজনে তাইৰ এই অৱস্থা কৰিলে? নে তাইৰ সেইহাল শাহু- শহুৰেকে যিয়ে তাইক আজিলৈকে এষাৰ মৰমৰ মাত দি নাপালে? নে অন্য কোনোবাই? অ‍ন‍্য কোনোবানো কোন হ'ব? কোনোটো নাই তাইৰ নিজৰ বুলিবলৈ। ককায়েক তাইৰ লগত আছে যদিও মাক বাপেকক ভয়ত সমাজৰ আগত সি কেতিয়াও তাইৰ ফালে থিয় হ'ব নোৱাৰে। তেন্তে কোনে আনিলে তাইক হস্পিতাললৈ? এটা দীঘল হুমুনিয়াহ কাঢ়ি তাই পুনৰ চকুযোৰ মুদি আগৰ সোণালী দিনবোৰৰ কথা ভাবিবলৈ ধৰিলে। আস্‌ কি যে দিন আছিল সেইবোৰ। দুখেৰে ভৰা মানসীৰ হৃদয়খনত উঠা বিষবোৰৰ ওপৰত অতীতৰ সোণালী স্মৃতিবোৰে যেন টেবলেটৰ কাম কৰে। দুখ লাগিলেই অতীতৰ কথাবোৰ ভবা এই অভ্যাসতো মানসীৰ দুদিনমানৰ পৰাহে হৈছে। তাই ভাবিবলৈ ধৰিলে তাই আৰু তাইৰ হৃদয়ত উঠা প্ৰথম প্ৰেমাস্পন্দনৰ জোৱাৰৰ কথা।

        আজিকালি কলেজৰ আগেৰে ৰক্তিম পাৰ হৈ যোৱা দেখিলেই মানসীয়ে "ৰক্তিম দা, ৰক্তিম দা" বুলি চিঞৰি হ'লেও মাতে আৰু সিফালৰ পৰা প্ৰত‍্যুত্তৰ নহাকৈ নাথাকে অৱশ্যে। এইবোৰ দেখি মানসীৰ লগৰবোৰে তাইক জোকাবলৈ আৰম্ভ কৰি দিলে। লাহে লাহে তাইৰো তাক লৈ জোকোৱাবোৰ ভাল লগা হ'ল। প্ৰথমতে তাই জকজকাই আহিছিল যদিও লাহে লাহে তাই এইবোৰ কথা শুনিলে হাঁহি মাৰি গুছি আহে। এদিন আবেলি তাই বাৰান্দাতে বহি  চাহ খাই খাই মোবাইল টিপি আছিল। এনেতে তাইৰ মোবাইলত এটা নটিফিকেচন আহিল। তাই চালে ফেচবুকত আহিছে। "Raktim Bikash Hazorika sent you a friend request" বুলি অহা নটিফিকেচনটো দেখি তাইৰ মুখত হাঁহি বিৰিঙি উঠিল। অকণো সময় ক্ষতি নকৰাকৈ তাই নটিফিকেচনটোত ক্লিক কৰিলে আৰু Requestটো accept কৰিলে। বগা ধূতি, নীলা পায়জামা, ডিঙিত ৰঙা বগা ৰঙৰ গামোচা, চকুত চছমা পিন্ধি থকা ফেচবুকৰ D.P. ত লগোৱা ফটোক'পি তেওঁক কোনো চিনেমাৰ হিৰ'তকৈ কম লগা নাছিল। তাৰ পিছত তাই তেওঁৰ ফেচবুকত দিয়া পোষ্ট বোৰ এফালৰপৰা এটা এটাকৈ চাবলৈ ধৰিলে। বহুত ধুনীয়া ধুনীয়া ফটো দিয়া আছিল তেওঁৰ । তাইৰ দেখিয়েই মনটো ভাল লাগি গ'ল। তেওঁ ফেচবুকত দিয়া ফটোবোৰত লাইক কৰি দুখন মানত কমেন্ট কৰিলে "Beautiful , nice pic, handsome, awesome, cute etc etc". অলপ সময়ৰ পাছত আকৌ তাইৰ মোবাইলত নটিফিকেচন বাজিল। তাই দৌৰি আহি চালে, " Raktim Bikash Hazorika mentioned you on his comment" তাই ক্লিক কৰি চালে তাই দিয়া গোটেইকেইটা কমেন্টৰ তেওঁ ৰিপ্লাই দিছে। আকৌ এবাৰ তাই তেওঁৰ প্ৰেম সাগৰত ডুবি গ'ল। অৱশ্যে "Thank you soo much" বুলিয়েই ৰিপ্লাই আহিছে তথাপিও প্ৰিয়জনৰ প্ৰথম ৰিপ্লাই মনটো ভাল নালাগিব নেকি কিবা?

        সেইদিনা ৰাতিলৈ আকৌ এবাৰ তাইৰ মোবাইলত নটিফিকেচন আহিল। এইবাৰ অৱশ্যে মেছেঞ্জাৰত মেছেজ আহিছে। কিন্তু মেছেজ কৰা মানুহজনৰ নামটো দেখিয়েই আমাৰ মানসীৰ এপাক নাচি দিবলৈ মন গ'ল। গোটেইজনী একেবাৰে গাত ত'তেই নাইকীয়া হৈ পৰিছিল। মেছেজ দিয়া মানুহজন কোন হ'ব আৰু তাইৰ শয়নৰ-সপোনৰ কোঁৱৰ "মিষ্টাৰ ৰক্তিম বিকাশ হাজৰিকা"।

: Hii.

: Hlw.

: কি খবৰ?

: আছোঁ আৰু আপুনি?

: ময়ো আছোঁ আৰু!

: অ'!

: উমম।
       পিছে সেইদিনা ইমানতে সিহঁতৰ মেছেজৰ যৱনিকা পৰিছিল। লাহে লাহে সিহঁতৰ মেছেজৰ পৰিমাণ বাঢ়িবলৈ ধৰিলে। মেছেঞ্জাৰৰ পৰা গৈ ডাইৰেক্ট সিহঁতৰ মেছেজে হোৱাটছআপত ঠাই পালে। হোৱাটছআপত মেছেজৰ সলনি মাজে মাজে ভিডিঅ'ক'ল আকৌ ৰাতি মনে মনে কাণত হেডফোন লগাই ঠাণ্ডা নালাগিলেও কম্বল জাপি কম্বলৰ তলত ফুচফুচাই কথা পাতা এইবোৰো চলি থাকিল। আজিকালি যেন তাই তেওঁৰ এটা মেছেজৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। দিনটোত এবাৰ তেওঁৰ মেছেজ নাপালে আৰু তাৰ ৰিপ্লাই দিব নোৱাৰিলে তাইৰ মনটো ভাল নালাগে। কিবা এটা অদ্ভূত নামহীন অভিমান জাগি উঠে। এনেতে এদিন তেওঁ তাইক মেছেজ কৰিলে --

: Hii মানসী।

: উমম কওঁক?

: কি কৰিছা?

: এনেই বহি আছোঁ। আপুনি?

: ময়ো এনেই গেম খেলি আছো!

: অ'! 

: উমম। কথা এটা কওঁ?

: উমম কওঁক, কি কথা?

: আজিটো দেওবাৰ।

: উমম । তাতে কি হ'ল?

: ব'লা নহ'লে আজি আবেলি ক'ৰবাত ফুৰিবলৈ যাওঁ? আমিতো বহুত দিন হ'ল লগ পোৱাই নাই। তোমাৰ এক্সিডেন্ট হওঁতেই লগ পোৱা!

: উমম, কথাটো অৱশ্যে হয়। কিন্তু--

: কোনো কিন্তু নাই। আজি আবেলি ৰেডি হৈ তিনিআলিলৈ আহিবা। মই তাতে ৰৈ থাকিম।

: হ'ব বাৰু কিন্তু ক'ত যাব?

: যাম আৰু ক'ৰবাত। ইমান ডাঙৰ পৃথিৱীখনত আমাৰ কাৰণে অকণমান ঠাই নোলাবনে?

: Okk, কেইটাত যাব?

: ৪.০০টাত তুমি ওলাই আহিবা।

: Okk.

: বাই

: বাই

✍️আগলৈ

                                                      

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send