এদিনাখনৰ কথা । যেতিয়া অনুজ দশম শ্ৰেণীত পঢ়ি আছিল, তেতিয়া মেট্ৰিক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰিব বাবে টিউচন ল'লে নিজৰ স্কুলৰ ছাৰৰ ওচৰত। সি অংকত অলপ কেঁচা আছিল। ছাৰে এটা অংক কৰি বুজাই দিলে। তেতিয়া সি বুজি পোৱা বুলি ছাৰক কৈছিল। ছাৰে ক'লে, ঠিক আছে তুমি এইবোৰ ঘৰৰ পৰা কৰি আনিবা।
সন্ধিয়া পঢ়া টেবুলত বহি তাৰ মূৰ গৰম হৈ গ'ল । সি ছাৰে বুজাই দিয়া সকলো পাহৰিলে। তাৰ মূৰত চিন্তা সোমাই গ'ল। কি কৰিব ভাবি ত'ত পোৱা নাই। শেষত সি মনস্থ কৰিলে । যি হ'ব দেখা যাব, যেতিয়ালৈকে মই মোৰ হোমৱর্ক শেষ নকৰোঁ , তেতিয়ালৈকে ভাতেই নাখাম। বহু চেষ্টা আৰু বাৰে বাৰে নিৰীক্ষণ কৰাৰ অন্তত অংক কৰিবলৈ সক্ষম হ'ল । লগতে তাৰ মনৰ পৰা অংকৰ প্ৰতি থকা ভয় ভাৱ দূৰ হ'ল।
✍️ছৈদুল কুৰেছী,ৰাক্ষসমাৰী ঢেকীয়াজুলি।